মুখ্যপৃষ্ঠা »খবৰ »Cachar »মোনা ভৰাই ৰং আনিছো লোৱা মোনে মোনে... 

মোনা ভৰাই ৰং আনিছো লোৱা মোনে মোনে... 

জানিগঞ্জ বজাৰত ৰঙৰ পোহাৰ

জানিগঞ্জ বজাৰত ৰঙৰ পোহাৰ

কিচিম কিচিম ৰঙৰ বাহিৰে বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ চশমা, টুপী, মুখা, বন্দুক‌ ফিচকাৰি, মাছৰ ডিজাইনৰ ফিচকাৰি ইত্যাদিয়েও শিশুসকলক আকৰ্ষিত কৰিছে । মুঠতে দৌল পূৰ্ণিমা উপলক্ষে শিলচৰত এক উৎসৱমুখৰ পৰিবেশেৰ সৃষ্টি হৈছে ।

  • Share this:

শিলচৰ, ৬ মাৰ্চ:  প্ৰি-চেলিব্ৰেচন এতিয়া ট্ৰেণ্ড ! হয়তো সেই ধাৰাকেই অনুসৰণ কৰি শিলচৰতো দেওবাৰৰ পৰা আৰম্ভ হৈছে দৌলোৎসৱ।

বিভিন্ন সামাজিক সংগঠনৰ উদ্যোগত বসন্তৰ এই ৰঙৰ উৎসৱ উদযাপন কৰা হৈছে। অসম বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য শিক্ষানুষ্ঠানতো উদযাপন কৰা হৈছে প্ৰাক-দৌলোৎসৱ। বিভিন্ন সংগঠন আৰু শিক্ষানুষ্ঠানসমূহে শোভাযাত্ৰাৰ জৰিয়তে নৃত্য-গীত, আবৃত্তিৰে এই ৰঙৰ উৎসৱ আগতীয়াকৈ উদযাপন কৰিছে।

ইফালে সোমবাৰে শিলচৰ চহৰৰ বিভিন্ন বজাৰ এলেকাত দৌল পূৰ্ণিমা উপলক্ষে দোকানীসকলে বিভিন্ন আবিৰকে ধৰি বিভিন্ন ৰং বিক্ৰী কৰা দেখা পৰিলক্ষিত হয়। ৰঙা, নীলা, হালধীয়া, সেউজীয়াকে ধৰি বিভিন্ন ৰঙৰ উপৰি নানাধৰণৰ ফিচকাৰীৰো চাহিদা বাঢ়িছে। গ্ৰাহকসকলেও বিভিন্ন ধৰণৰ টুপী আদি ক্ৰয় কৰিছে।


গ্ৰাহকসকলে তেওঁলোকৰ পছন্দ অনুসৰি ফিচকাৰী কিনিছে। বহু সৰু ল’ৰা-ছোৱালীয়েও মাক-দেউতাকৰ হাতত ধৰি ৰং কিনিবলৈ ওলাই আহিছে। অৱশ্যে দোকানীসকলে কয় যে কেমিকেলযুক্ত ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰংহে বিক্ৰী কৰা হৈছে।

বৰাক উপত্যকাৰ জনপ্ৰিয় জনগঞ্জ বজাৰ, নাজিৰপট্টি, শিলচৰৰ দেৱদূত পইণ্টৰ সৈতে চেন্ট্ৰেল ৰোড এলেকাৰ দোকানীসকলৰ পৰা জানিব পৰা মতে, এইবাৰ হোলীৰ ব্যৱসায় আন বছৰৰ তুলনাত ভাল বুলি ক'ব নোৱাৰি ৷

কিচিম কিচিম ৰঙৰ বাহিৰে বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ চশমা, টুপী, মুখা, বন্দুক‌ ফিচকাৰি, মাছৰ ডিজাইনৰ ফিচকাৰি ইত্যাদিয়েও শিশুসকলক আকৰ্ষিত কৰিছে। মুঠতে দৌল পূৰ্ণিমা উপলক্ষে শিলচৰত এক উৎসৱমুখৰ পৰিৱেশে সৃষ্টি হৈছে।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি