শিলচৰ, ৭ মাৰ্চ: আজি দৌলোৎসৱ । ৰঙৰ উৎসৱক লৈ আজি সকলো সুখী । কৃষ্ণৰ প্ৰেমত নিমগ্ন হৈ শিলচৰৰ ইস্কনত উদযাপন কৰা হয় দৌল যাত্ৰা বা দৌল পূৰ্ণিমা । আজি পুৱাৰে পৰা ইস্কন মন্দিৰত ভক্তৰ সমাগম ঘটে ।
মঙলবাৰে পুৱা মংগলাৰতিৰ মাজেৰে শিলচৰৰ ইস্কনত দৌল যাত্ৰা আৰম্ভ হয় । ৰাধা-কৃষ্ণৰ অভিষেক কৰাৰ পিচত ভক্তসকলে ফাকু খেলত লিপ্ত হয় । এনেদৰে চলি থাকে দিনজোৰা কাৰ্যসূচী ।
লগতে কাছাৰৰ শিলচৰৰ শ্যামসুন্দৰ আখৰা, নৰসিং আখৰা, গৌড়িয়া মঠ, গোপাল আখৰা আদিত দৌল যাত্ৰা উপলক্ষে আজি ভক্তসকলে আহি ভগৱানৰ চৰণত আবীৰ আৰু ফুল আগবঢ়ায় । ইয়াৰ পিচত আজি কেইবাটাও মন্দিৰত ভক্তসকলক প্ৰসাদ বিতৰণ কৰা হয় । লগতে সন্ধিয়া বিশেষ আৰতি আৰু কীৰ্তনৰ আয়োজন কৰা হয় ।
দৌল উপলক্ষে শিলচৰৰ ৰাজপথত নগৰ পৰিক্ৰমাৰ লগতে বিভিন্ন সংগঠনে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে । ইয়াত আবিৰ আৰু ফুলৰ বিভিন্ন ৰঙেৰে দৌল উৎসৱৰ আনন্দত যোগদান কৰে শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে ৷
ইয়াৰ মাজতে শিলচৰৰ সাংস্কৃতিক সংগঠন নৃত্যায়ন, কীৰ্তনাশ্ৰয়, গৌড়িয়া নৃত্য কলাভাৰতী, কলাক্ষেত্ৰমৰ সদস্যসকলে পৰম্পৰাগত দৌল কীৰ্ত্তন গাই চহৰ পৰিভ্ৰমণ কৰে । তদুপৰি শিলচৰৰ ৰাজপথত উপস্থিত শিশু, কিশোৰ-কিশোৰী, বিভিন্ন সংগঠনৰ সদস্যই পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ঠায়ে ঠায়ে ধামাইল নৃত্য আৰু অন্যান্য নৃত্য প্ৰদৰ্শন কৰে ।
আজি চৈতন্য মহাপ্ৰভুৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ দিৱসো । আজিৰ এই তিথিতেই বৈষ্ণৱতীৰ্থ নবদ্বীপত গৌৰাংগ মহাপ্ৰভুৰ আবিৰ্ভাৱ হৈছিল । আজি গৌৰাংগ পূৰ্ণিমা উপলক্ষে শিলচৰৰ গৌৰাংগ মহাপ্ৰভু সেৱা সংসদে শোভাযাত্ৰা উলিয়াই ।
ইফালে শিলচৰৰ আৰ্য সংস্কৃতি বোধানী সমিতিৰ উদ্যোগত সন্ধিয়া গোলদিঘি মলত ‘ফুল দী দৌল’ৰ আয়োজন কৰা হয় । কোনো ৰং নোহোৱাকৈ কেৱল ফুলেৰে এক ব্যতিক্ৰমী দৌল উৎসৱ পালন কৰা হয় ইয়াত । অনুষ্ঠানত বহুভাষিক কবি সন্মিলন, নাৰী সন্মান আৰু গীত-নৃত্যৰ আয়োজন কৰা হয় ।
আনহাতে, সন্ধিয়া ক্লাব অনন্যাই শিলচৰ নৰসিংটোলা পথাৰত গীত আৰু নৃত্যৰে উৎসৱ উদযাপন কৰে । সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাধা-কৃষ্ণৰ সাজ-পোছাককে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । নাৰী দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয় ।
পথাৰত বিভিন্ন খাদ্যৰ ষ্টল, গহনা দোকান, পিঠাৰ সম্ভাৰ আদিয়ে ৰাইজক বাৰুকৈয়ে আকৰ্ষণ কৰে । ইফালে, বুধবাৰে হোলী উপলক্ষে কাছাৰ জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 07, 2023, 20:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।