মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »District Sport's Association Silchar: শিলচৰ জিলা ক্ৰীড়া সন্থাৰ আজি ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

District Sport's Association Silchar: শিলচৰ জিলা ক্ৰীড়া সন্থাৰ আজি ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

শিলচৰ জিলা ক্ৰীড়া সন্থাই জন্মৰ ৬৬ বছৰ অতিবাহিত কৰি আজি ৬৭ বছৰত ভৰি দিছে ।  ৬৬ বছৰ—এটা সংগঠনৰ বাবে কম নহয় ।  ইয়াৰ দীঘলীয়া বৰ্ণিল যাত্ৰাৰ আঁৰত আছে এক সুন্দৰ ইতিহাস । 

শিলচৰ জিলা ক্ৰীড়া সন্থাই জন্মৰ ৬৬ বছৰ অতিবাহিত কৰি আজি ৬৭ বছৰত ভৰি দিছে ।  ৬৬ বছৰ—এটা সংগঠনৰ বাবে কম নহয় ।  ইয়াৰ দীঘলীয়া বৰ্ণিল যাত্ৰাৰ আঁৰত আছে এক সুন্দৰ ইতিহাস । 

শিলচৰ জিলা ক্ৰীড়া সন্থাই জন্মৰ ৬৬ বছৰ অতিবাহিত কৰি আজি ৬৭ বছৰত ভৰি দিছে ।  ৬৬ বছৰ—এটা সংগঠনৰ বাবে কম নহয় ।  ইয়াৰ দীঘলীয়া বৰ্ণিল যাত্ৰাৰ আঁৰত আছে এক সুন্দৰ ইতিহাস । 

  • Share this:
আখি দাস, শিলচৰ: শিলচৰ চহৰৰ এক অন্যতম গৰ্বৰ থলী হ'ল চহৰখনৰ মাজমজিয়াত অৱস্থিত সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম । শিলচৰ ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত সগৌৰৱেৰে মূৰ দাঙি থিয় হৈ আছে এই ষ্টেডিয়াম ৷ শিলচৰ জিলা ক্ৰীড়া সন্থাই জন্মৰ ৬৬ বছৰ অতিবাহিত কৰি আজি ৬৭ বছৰত ভৰি দিছে । ৬৬ বছৰ—এটা সংগঠনৰ বাবে কম নহয় । ইয়াৰ দীঘলীয়া বৰ্ণিল যাত্ৰাৰ আঁৰত আছে এক সুন্দৰ ইতিহাস ।

জিলা ক্ৰীড়া সন্থাৰ জন্মৰ আগতে বিভিন্ন শাখাৰ নিজস্ব সংগঠন আছিল । তেওঁলোকে খেলবোৰ পৰিচালনা কৰিছিল । অসম ৰাজ্যিক ক্ৰীড়া পৰিষদৰ (শ্বিলং) নিৰ্দেশ অনুযায়ী সকলো সংগঠনক এখন মঞ্চত অনাৰ প্ৰয়াস কৰা হয় । এই প্ৰচেষ্টা কাৰ্যকৰী কৰিবলৈ ১৯৫৭ চনৰ ২৬ মে’ত শিলচৰৰ অ'ৰিয়েণ্টেল চিনেমা হলত অনুষ্ঠিত হয় এখন সভা ।

সেইদিনা সেই সভাত উপস্থিত আছিল ইণ্ডিয়া ক্লাব, টাউন ক্লাব, শিলচৰ স্পৰ্টিং, ইউনাইটেড ক্লাব, পি ডব্লিউ ডি এ ক্লাব, চিভিল পুলিচ (পিছলৈ কাছাৰ পুলিচ এ চি) ক্লাবৰ প্ৰতিনিধি । লগতে চৰকাৰী বয়জ হাইস্কুল, নৰচিং হাইস্কুল, শ্যামাচৰণ দেৱ বিদ্যাপীঠ, কাছাৰ হাইস্কুল, অধৰচান্দ হাইস্কুল, নৰ্মেল স্কুল আৰু গুৰুচৰণ কলেজ আদি শিক্ষানুষ্ঠানৰ প্ৰতিনিধি ।

আলোচনাৰ মাধ্যমেৰে সেইদিনা গঠন হৈছিল জিলা ক্ৰীড়া সন্থা । আশুতোষ দত্তক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মনোনীত কৰা হৈছিল । আনহাতে সুনীলমোহন এন্দো সম্পাদক হৈছিল । নাৰায়ণ চৌধুৰীক যুটীয়া সম্পাদক নিযুক্তি দিয়া হয় । সন্তোষ মোহন দেৱ ফুটবল সম্পাদক হয় । ইয়াৰ উপৰিও ক্ৰিকেট, ভলীবল, হকী, বেডমিণ্টন, টেনিছ, শাৰীৰিক, ইনড’ৰ, সাংস্কৃতিককে ধৰি বিভিন্ন বিভাগৰ সম্পাদক বাচনি কৰা হৈছিল সেই সভাত ।

সন্থা জন্ম হোৱাৰ বহু পিছলৈ নিজা কোনো কাৰ্যালয় নাছিল । নাছিল নিজা কোনো খেলপথাৰ । ১৯৫৮ চনত ডি এছ এ কৰ্তৃপক্ষই ৰাজ্যিক আৰক্ষীৰ আই জি পি সুধীন্দ্ৰমোহন দত্তলৈ পত্ৰ লিখি স্থানীয় প’লো খেলপথাৰৰ এটা অংশ সংগঠনটোৰ খেলপথাৰৰ বাবে আবণ্টন দিয়াৰ আবেদন জনায় । বিশিষ্ট সমাজসেৱী সতীন্দ্ৰ মোহন দেৱৰ অনুৰোধত ডি এছ এয়ে নিজস্ব ভূমি পালে ।

১৯৬৩ চনৰ ১৭ জানুৱাৰীত অসমৰ তদানীন্তন ৰাজ্যপাল বিষ্ণু সহাই ডি এছ এ খেলপথাৰ উদ্বোধন কৰে । সেই খেলপথাৰত ক্ৰমান্বয়ে সন্থাৰ কাৰ্যালয় নিৰ্মাণ হ’ল । পিছলৈ এই খেলপথাৰত আৰম্ভ হয় খেল । খেলপথাৰখন ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ বাবে ডি এছ এৰ প্ৰচেষ্টা আৰম্ভ হৈছিল সত্তৰ দশকৰ পৰা । ১৯৭৬ চনৰ ২৯ নৱেম্বৰত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ডি এছ এ খেলপথাৰত ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে ।

তাৰ পিছত ষ্টেডিয়ামত পকী গেলেৰী নিৰ্মাণ কৰা হয় । ১৯৮৮ চনৰ ৮ মে’ত শিলচৰৰ কিংবদন্তি খেলুৱৈ তথা ক্ৰীড়া সংগঠক জিতেন্দ্ৰচন্দ্ৰ দাসগুপ্তাই (বাটুবাবু) ক্লাব ঘৰৰ আধাৰশিলা স্থাপন কৰে । শিলচৰ ডি এছ এই ১৯৮৯ চনত সন্তোষ ট্ৰফীৰ ক্লাষ্টাৰ মেচৰ আয়োজন কৰিছিল । ১৯৯২ চনত ক্লাব হাউছৰ নিৰ্মাণ সম্পূৰ্ণ হয় । ১৯৯৬ চনৰ ১৯ ​​মাৰ্চত সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম এণ্ড কমপ্লেক্স আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ২০০৬ চনৰ ১১ নৱেম্বৰত এন এম গুপ্ত সোঁৱৰণী ফুটবল পেভিলিয়ন উদ্বোধন কৰে তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱে ।

২০০৮ চনত নিৰ্মাণ কৰা হৈছিল ক্ৰিকেট পেভিলিয়ন । সেই বছৰৰ ৭ ডিচেম্বৰত সন্তোষ মোহন দেৱ ক্ৰিকেট পেভিলিয়ন উদ্বোধন কৰে তেতিয়াৰ বি চি চি আইৰ উপ সভাপতি তথা অসম ক্ৰিকেট সন্থাৰ সভাপতি গৌতম ৰায়ে । সেইদিনা ফ্লাডলাইটৰ তলত প্ৰদৰ্শনীমূলক এখন ক্ৰিকেট খেলো অনুষ্ঠিত হৈছিল । ২০১৯-২০ চনত ডি এছ এত লগোৱা হয় চি চি কেমেৰা । শিলচৰ জিলা ক্ৰীড়া সন্থাৰ এটা চুইমিং পুল আছে । ষ্টেডিয়ামত জিমনেছিয়ামৰ উপৰিও লাইব্ৰেৰী-কাম-আৰ্কাইভ, গেষ্ট হাউচ, অফিচিয়েল লাউঞ্জ, খেলুৱৈৰ হোষ্টেলো ইতিমধ্যে নিৰ্মাণ কৰা‌ হৈছে ।

এই সপোনৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে বহু মেচ । দেশ-বিদেশৰ বহু তাৰকা খেলুৱৈয়ে এইখন‌ ষ্টেডিয়ামত খেলিছে । কিন্তু ষ্টেডিয়ামখন অৰ্ধনিৰ্মিত হৈয়ে আছে । সম্পূৰ্ণ ৰূপ নাপালে । ফলস্বৰূপে আধুনিক আন্তঃগাঁথনিৰ এই যুগত ৰঞ্জী ট্ৰফীৰ মেচ পোৱাটো শিলচৰৰ বাবে কঠিন হৈ পৰিছে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি