শিলচৰ, ১৭ মাৰ্চ: কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত সীমান্ত চহৰ কৰিমগঞ্জত জিলাব্যাপী যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে।
'পঞ্চ প্ৰাণ আৰু ভাৰত @২০৪৭' শীৰ্ষক এই যুৱ মহোৎসৱত দেশৰ ১৫০ খন জিলাৰ লগতে কৰিমগঞ্জতো অনুষ্ঠিত হয়।
দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এই যুৱ মহোৎসৱৰ উদ্যোগত স্বাধীনতা সংগ্ৰামৰ অংশগ্ৰহণকাৰীসকলৰ মহান আদৰ্শ ৰাইজৰ মাজত বিয়পাই দিয়াৰ লগতে ৰাইজৰ মাজত সহনশীলতা আৰু সাংস্কৃতিক ঐতিহ্যৰ মনোভাৱ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰাৰ লগতে দেশখনক ২০৪৭ চনৰ ভিতৰত স্বাৱলম্বীৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।
কৰিমগঞ্জৰ জিলা পুথিভঁৰাল ভৱনত স্বামী বিবেকানন্দৰ প্ৰতিকৃতিত মাল্যদান আৰু দীপ প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠানত উপস্থিত থাকি কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই কয় যে প্ৰধানমন্ত্ৰীৰ সপোন ২০৪৭ চনত যেতিয়া দেশৰ স্বাধীনতাৰ এশ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়াৰে পৰা যুৱ প্ৰজন্মই দেশ গঢ়ি তোলাৰ দায়িত্ব ল’ব লাগিব ৷
ইয়াৰ বাবে তেওঁ শিক্ষাৰ উপৰিও বিজ্ঞান, স্বাস্থ্য, ক্ৰীড়া, সাহিত্য, অৰ্থনীতি আদি বিষয়ত আত্মনিৰ্ভৰশীলতা গঢ়ি তুলিবলৈ আহ্বান জনায়। কাৰণ, ২০৪৭ চনলৈকে কেৱল যুৱ প্ৰজন্মইহে এই সপোন পূৰণ কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰচেষ্টাই ভাৰতক বিশ্বৰ নেতা হোৱাত সহায় কৰিব।
সেয়েহে তেওঁ প্ৰতিজন যুৱক-যুৱতীক যি ক্ষেত্ৰত কাম কৰাৰ ইচ্ছা প্ৰবল, সেই ক্ষেত্ৰখনকে আগুৱাই নিবলৈ পৰামৰ্শ দিয়ে। কৰিমগঞ্জৰ জিলাৰ উপায়ুক্ত মৃদুল যাদৱে এই উপলক্ষে কয় যে পঞ্চ প্ৰাণৰ বাৰ্তা প্ৰচাৰ কৰি যুৱ প্ৰজন্ম আত্মনিৰ্ভৰশীল হ’ব লাগে। তেওঁ আৰু কয় যে এনে ব্যৱস্থাৰ জৰিয়তে যুৱক-যুৱতীসকলৰ মাজত উৎসাহ বৃদ্ধি পাব।
অসামাজিক কামত জড়িতসকলক পুনৰ মূলসুঁতিলৈ আনি স্বাৱলম্বী কৰা উচিত বুলিও তেওঁ কয়। অনুষ্ঠানটোৰ নেহৰু যুৱ কেন্দ্ৰৰ উপ-সঞ্চালক মেহবুব আলমে কয় যে যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা আৰু দেশ প্ৰতিষ্ঠা কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে দেশৰ বাকী ১৫০ খন জিলাৰ লগতে কৰিমগঞ্জতো এই যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।
বিভিন্ন স্থানৰ যুৱক-যুৱতীসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কৰিমগঞ্জৰ ডি এছ এ ইনড’ৰ ষ্টেডিয়ামত চিত্ৰকলা, কবিতা লিখা, মোবাইল ফটোগ্ৰাফী, আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ইফালে সেই উপলক্ষে জিলাখনৰ বিভিন্ন প্ৰান্তৰ যুৱ কাবাডী দলে ভ্ৰাতৃত্ববোধৰ কাবাডী খেল অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও মহিলা আত্মসহায়ক গোটৰ দ্বাৰা হস্তশিল্পৰ প্ৰদৰ্শনী আদিও অনুষ্ঠিত হয় ৷ তদুপৰি এই উপলক্ষে পৰম্পৰাগত সামূহিক লোকনৃত্য প্ৰদৰ্শন আৰু বিভিন্ন সাংস্কৃতিক দলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
এই যুৱ মহোৎসৱত কৰিমগঞ্জৰ সহকাৰী আয়ুক্ত প্ৰিয়ংকা ইয়ামনাম, ৰূপক মজুমদাৰ, ৰংবামান তেৰন আৰু মানস প্ৰতিম দাস, কৰিমগঞ্জ প্ৰেছ ক্লাবৰ সম্পাদক অৰূপ ৰায়ৰ লগতে বিভিন্ন সংগঠন, ক্ৰীড়া সংগঠন, আত্মসহায়ক গোটৰ বিষয়া, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 17, 2023, 14:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।