শিলচৰ, ১৬ মাৰ্চ: দিল্লীৰ পৰা শিলচৰলৈ ৰাজধানী এক্সপ্ৰেছ ৰে'লসেৱা আৰম্ভ কৰিবলৈ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ জনাইছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ।
ৰে’ল মন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত ভূঞাই কয় যে দক্ষিণ অসম, মিজোৰাম আৰু মণিপুৰৰ পশ্চিম অঞ্চলৰ ৰে’লযাত্ৰীৰ সুবিধাৰ বাবে এই ৰে’লখন অতি প্ৰয়োজনীয় ।
সাংসদ ভূঞাই লগতে কয় যে শিলচৰ ৰাজধানী এক্সপ্ৰেছ ৰে’লখন জিলা সদৰ হিচাপে দাবী কৰিব নোৱাৰি । কিন্তু শিলচৰৰ ভৌগোলিক অৱস্থান বিবেচনা কৰিলে ৰাজধানী এক্সপ্ৰেছ ৰে’লখন এতিয়া শিলচৰলৈকে আৰম্ভ কৰিব পৰা যাব আৰু পিচত ইম্ফললৈ সম্প্ৰসাৰণ সম্ভৱ হ’ব ।
পত্ৰখনত ভূঞাই অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা নাগালেণ্ডৰ চুকোবিলৈ যোৱা ডনি প’লো এক্সপ্ৰেছ ৰে’লখন সপ্তাহত তিনিদিন শিলচৰলৈ বৃদ্ধি কৰিবলৈও দাবী জনাইছে ।
সেই পত্ৰত তেওঁ লগতে লিখিছে যে বৰাক উপত্যকাৰ জনসাধাৰণে ৰে’ল সংযোগৰ দুৰ্বলতাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে আৰু ৰাজধানী এক্সপ্ৰেছ ৰে’ল শিলচৰলৈ সম্প্ৰসাৰণৰ দাবী দীৰ্ঘদিনীয়া । এই সেৱাই পশ্চিম অঞ্চলৰ মণিপুৰ, মিজোৰাম আৰু দক্ষিণ অসমৰ বৰাক উপত্যকাৰ জনসাধাৰণক উপকৃত কৰিব আৰু অঞ্চলটোৰ সামগ্ৰিক দ্ৰুত উন্নয়নত যথেষ্ট সহায় কৰিব ।
ৰাজধানী এক্সপ্ৰেছ ৰেল সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজধানী আৰু ৰাজ্যিক ৰাজধানীৰ মাজত চলাচল কৰে ৷ কিন্তু অসমৰ ক্ষেত্ৰত দুখন ৰাজধানী এক্সপ্ৰেছ ৰেল ডিব্ৰুগড় আৰু ইয়াৰে এখন শিলচৰ বা বিকল্প পথলৈ ডাইভাৰ্ট হব পাৰে । ইম্ফল (মণিপুৰ)ৰ বাবে এখন নতুন ৰাজধানী এক্সপ্ৰেছ ৰে'ল আগতীয়াকৈ আৰম্ভ কৰাই দিব পাৰি ।
পত্ৰখনত তেওঁ এই বুলিও উল্লেখ কৰে যে কেইবছৰমান আগতে, মণিপুৰৰ ৰাজ্যপাল ড° নাজমা হেপতুল্লাই এই সন্দৰ্ভত তদানীন্তন ৰে’ল মন্ত্ৰী পীয়ুষ গোৱাললৈ এখন পত্ৰ লিখিছিল ।
পত্ৰখনত আৰু কোৱা হয় যে বৰ্তমান অসমৰ লামডিং হৈ অৰুণাচল প্ৰদেশৰ নাহৰলাগুন আৰু নাগালেণ্ডৰ চুকবীৰ মাজত ডনি প’লো এক্সপ্ৰেছ নামৰ এখন দৈনিক ৰে’ল চলাচল কৰি আছে ।
ড'নি প’লো এক্সপ্ৰেছখন সপ্তাহত চাৰিদিন লামডিং হৈ শিলচৰলৈ ডাইভাৰ্ট কৰি সপ্তাহৰ বাকী তিনিদিন নাগালেণ্ডৰ চুকভীলৈ চলাবলৈ পৰামৰ্শ আগবঢ়াই সাংসদ ভূঞাই ।
Published by: Subham Goswami
FIRST PUBLISHED : March 16, 2023, 22:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।