এই প্ৰতিনিধি দলটোত আছে এনআইটি চণ্ডীগড়ৰ শিক্ষক-শিক্ষয়িত্ৰী । কেন্দ্ৰীয় সমাজ পৰিক্ৰমা আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানৰ অংশ হিচাপে শিলচৰ এনআইটিলৈ অহা এই প্ৰতিনিধি দলৰ সদস্যসকলে তিনিদিন ধৰি বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সেই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰিব ।
বিশেষকৈ এছিয়াৰ সৰ্ববৃহৎ বিল পৰিদৰ্শন কৰি সেই অঞ্চলৰ জনসাধাৰণৰ সৈতে তেওঁলোকৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব ।
ইয়াৰ উপৰিও প্ৰতিনিধি দলটোৱে বিভিন্ন চাহ বাগিচা অঞ্চললৈ গৈ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি আৰু বাগিচাৰ কৰ্মীসকলৰ সৈতে আলোচনা কৰিব ।
প্ৰতিনিধি দলটোৰ সদস্যসকলে সেই অঞ্চলৰ জনসাধাৰণৰ সমস্যাৰ বিষয়ে অৱগত হ’ব আৰু সেই সমস্যাসমূহ সমাধানৰ বাবে গৱেষণা কৰি জনসাধাৰণৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ দিশ নিৰ্দেশনাত সহায় কৰিব ।
শিলচৰ এনআইটিত আয়োজন কৰা হ’ব এক সাংস্কৃতিক অনুষ্ঠান । উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰতিনিধি দলৰ সদস্যসকলৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব।
শিলচৰ এনআইটিৰ সহযোগী অংশীদাৰ হিচাপে এনআইটি চণ্ডীগড়ৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে শিলচৰ এনআইটিৰ পঞ্জীয়ক কে এল বৈষ্ণৱে ।
FIRST PUBLISHED : February 25, 2023, 18:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।