মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Silchar News: অসম গৌৰৱ কাছাৰৰ মানথাং মাৰৰ বিষয়ে আপুনি জানেনে ? 

Silchar News: অসম গৌৰৱ কাছাৰৰ মানথাং মাৰৰ বিষয়ে আপুনি জানেনে ? 

২০২১-২২ বৰ্ষত অসমত ১৬,৮৭৫ মেট্ৰিক টন আনাৰস বিক্ৰী কৰাৰ‌ উপৰিও মিজোৰাম আৰু ত্ৰিপুৰাত ২০,৬২৫ মেট্ৰিক টন আনাৰস বিক্ৰী কৰাত মানথাং মাৰৰ উল্লেখযোগ্য ভূমিকা আছে ।‌‌ 

  • Share this:
শিলচৰ, ২৬ মাৰ্চ: অলপতে ৰাজ্য চৰকাৰে আগবঢ়োৱা সন্মানীয় অসম গৌৰৱ বঁটা লাভ কৰা এগৰাকী অন্যতম ব্যক্তি হ'ল কাছাৰ জিলাৰ মানথাং মাৰ । বৰাক উপত্যকাৰ কোনো ব্যক্তিক প্ৰথমবাৰৰ বাবে এনে সন্মান প্ৰদান কৰা হৈছে ।

মানথাং মাৰ কাছাৰ জিলাৰ লক্ষীপুৰৰ কালাম পুঞ্জী গাঁৱৰ বাসিন্দা । আনাৰস উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় ।

মাৰ এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালনা সমিতিৰ সদস্য তেওঁ । কৃষি উৎপাদক কোম্পানীসমূহৰ অধীনত তেওঁ কৃষকৰ স্বাৰ্থজড়িত গোট আৰু ক্লাষ্টাৰ গঠনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।

২০২১-২২ বৰ্ষত অসমত ১৬,৮৭৫ মেট্ৰিক টন আনাৰস বিক্ৰী কৰাৰ‌ উপৰিও মিজোৰাম আৰু ত্ৰিপুৰাত ২০,৬২৫ মেট্ৰিক টন আনাৰস বিক্ৰী কৰাত তেওঁৰ উল্লেখযোগ্য ভূমিকা আছে ।‌‌

২০১৯ - ২০ আৰু ২০২১-২২ৰ ভিতৰত অসমৰ উদ্যান শস্য আৰু কৃষি সংসাধন বিভাগৰ অধীনত কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানি উন্নয়ন‌ প্ৰাধিকৰণ ( APEDA)ৰ জৰিয়তে আনাৰস ৰপ্তানিৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি