মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Assam University: অসম বিশ্ববিদ্যালয়ত অনুষ্ঠিত চি-২০ চৌপাল

Assam University: অসম বিশ্ববিদ্যালয়ত অনুষ্ঠিত চি-২০ চৌপাল

অসম বিশ্ববিদ্যালয়ৰ বিপিন পাল মিলনায়তনত চেণ্টাৰ ফৰ দ্য ষ্টাডিজ ইন আছাম ইউনিভাৰ্চিটি (চি এছ এইচ ডি) আৰু সেৱা ইণ্টাৰনেশ্যনেলৰ সহযোগত আয়োজিত চি-২০ চৌপালৰ বিষয়বস্তু আছিল ‘ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰয়োগ’।  

  • Share this:
শিলচৰ, ২৪ মে: অসম বিশ্ববিদ্যালয়ত অনুষ্ঠিত‌‌ হৈছে চি-২০ চৌপাল। মঙলবাৰে অসম বিশ্ববিদ্যালয়ৰ বিপিন পাল মিলনায়তনত চেণ্টাৰ ফৰ দ্য ষ্টাডিজ ইন আছাম ইউনিভাৰ্চিটি (চি এছ এইচ ডি) আৰু সেৱা ইণ্টাৰনেশ্যনেলৰ সহযোগত আয়োজিত চি-২০ চৌপালৰ বিষয়বস্তু আছিল ‘ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰয়োগ’।

এই অনুষ্ঠানৰ লক্ষ্য আছিল কৰ্মগোটৰ লক্ষ্য পূৰণ কৰা আৰু জি-২০ৰ অংশ হিচাপে চি-২০ ত এক বহল আৰু ব্যাপক নীতি প্ৰস্তুত কৰা আৰু উপস্থাপন কৰা। শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰায় মুখ্য অতিথি, সেৱা ইণ্টাৰনেশ্যনেলৰ স্বাথি ৰাম আৰু সাংস্কৃতি ভাৰতী সংগঠনৰ সভাপতি শংকৰ ভট্টাচাৰ্য বিশেষ অতিথি হিচাপে উপস্থিত থাকে এই অনুষ্ঠানত।

উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্ত, পঞ্জীয়ক ড° প্ৰদোষ কিৰণ নাথ আৰু চি এছ এইচ ডিৰ সঞ্চালক অধ্যাপক নিৰঞ্জন ৰায়ো। এই অনুষ্ঠানত জি-২০ৰ গুৰুত্ব, বিশ্বৰ মানচিত্ৰত ভাৰতৰ বৰ্তমানৰ শক্তিশালী স্থিতি, ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভাৰতৰ প্ৰাচীন প্ৰজ্ঞাৰ প্ৰয়োজনীয়তা, ভাৰতৰ সেৱা, বৰ্তমান সময়ত বিশ্বত ভাৰতৰ ভূমিকা, অতীতৰ গৌৰৱ পুনৰুদ্ধাৰৰ‌ দিশে ভাৰতৰ উত্তৰণ ইত্যাদি বিষয়ে আলোচনা কৰা হয় ৷

চৌপালৰ অংশ হিচাপে সেৱা, দানশীলতা আৰু স্বেচ্ছাসেৱী কাৰ্য্যৰ ওপৰত এখন আলোচনা সভা অনুষ্ঠিত হয়। চি-২০ চৌপালৰ শেষত বৰাক উপত্যকাৰ ৭০টা সংগঠনৰ সৈতে ফ’কাচ গ্ৰুপ শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে চি-২০ৰ আন্তঃৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে সেৱা ইণ্টাৰনেশ্যনেলে সেৱা মনোভাৱ, দানশীলতা আৰু স্বেচ্ছাসেৱীতা তিনিটা বিষয়বস্তুৰ ওপৰত এই কাৰ্যসূচীৰ আয়োজন কৰিছে। জি-২০ দেশসমূহৰ এই এংগেজমেণ্ট গ্ৰুপে সমাজত উদ্ভৱ হোৱা বিভিন্ন প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি