শিলচৰ, ১৬ মাৰ্চ: বাৰিষা আহিল । যোৱা বছৰ দুবাৰকৈ হৈ যোৱা ভয়ানক বান পানীৰ কথা আজিও পাহৰা নাই শিলচৰৰ ৰাইজে । কাছাৰৰ বানপানীৰ সময়ত ভাগি বিধ্বস্ত হোৱা কেইটামান মথাউৰিৰ ভিতৰত বেতুকান্দি মথাউৰি অন্যতম ।
বহু তদন্তৰ অন্তত এই মথাউৰি চিগাৰ বাবেই শিলচৰ সম্পূৰ্ণৰূপে ডুব যোৱা বুলি জানিব পৰা গৈছিল । ২৭ ফেব্ৰুৱাৰীৰ পৰা এই মথাউৰি মেৰামতিৰ কাম আৰম্ভ হৈছে । শীঘ্ৰে এই মথাউৰি মেৰামতি নকৰিলে এই বাৰিষাত পুনৰ চহৰ প্লাৱিত হোৱাৰ আশংকা আছে ।
ৱৰ্ক অৰ্ডাৰ পলমকৈ হোৱাৰ বাবে কাম আৰম্ভ হ’ল দেৰিকৈ ।
ফলত চহৰৰ ৰাইজ চিন্তিত হৈ পৰিছে । কাৰণ বৰষুণ আৰম্ভ হ'ব । কাছাৰ জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি, ২০ এপ্ৰিলৰ ভিতৰত অতি দুৰ্বল অৱস্থাত থকা মথাউৰি আৰু শ্লুইচ গেটৰ কাম সম্পূৰ্ণ হ’ব আৰু ৩০ এপ্ৰিলৰ ভিতৰত বাকী মেৰামতিৰ কাম সম্পূৰ্ণ হ’ব ।
চাৰিজন ঠিকাদাৰৰ জৰিয়তে শিলচৰ সংমণ্ডলত ১৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম চলি আছে আৰু তিনিজন ঠিকাদাৰে গণিৰগ্ৰাম কাটিগড়াত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটোৰ কাম কৰি আছে । গণিৰগ্ৰাম অঞ্চলত ৪৫ শতাংশ কাম সম্পূৰ্ণ হৈছে ।
তাৰাপুৰৰ পৰা সোণাইমুখলৈ ১৩.৫ কিলোমিটাৰ মথাউৰিৰ অগ্ৰগতিৰ প্ৰতিবেদন ১৮ শতাংশ । বান প্ৰতিৰোধ, মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে ৫৬ কোটি টকা আবণ্টন দিয়া হৈছে । সেই টকাৰে কাছাৰৰ সোণাইমুখৰ পৰা তাৰাপুৰ অঞ্চলৰ বৰাক নদীৰ অংশলৈকে নিৰ্মাণৰ কাম চলি আছে।
এই অংশৰ ১৮ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু গণিৰগ্ৰাম বান্ধৰ কাম ৪৫ শতাংশ সম্পূৰ্ণ হৈছে । এই মথাউৰিৰ বাবে ৪৫ কোটি টকা আবণ্টন দিয়া হৈছে । সোণাবাৰীঘাট, উত্তৰকৃষ্ণপুৰ, বাদ্ৰীঘাট, ভাগাদহৰ, বেতুকান্দি মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ কাম চলি আছে । মথাউৰিটোৰ ৱৰ্ক অৰ্ডাৰত পলম হৈছে । ফাইলটো আবদ্ধ হৈ আছিল দিছপুৰত ।
ইফালে বেতুকান্দি মথাউৰি নিৰ্মাণৰ কামত কোনো অনিয়ম হোৱা নাই বুলি জলসম্পদ বিভাগে দাবী কৰিছে ৷ বিভাগটোৱে জনোৱা মতে, সেই মথাউৰিটোত মহিষাবিল পথাৰৰ মাটি দিয়া হৈছে, নদীৰ পলসুৱা মাটি দিয়া হোৱা নাই । ইফালে 'বেতুকান্দি চলো' প্ৰচাৰৰ পিছত কাছাৰ জিলা প্ৰশাসন কিছু পৰিমাণে কামত লগাটো দেখিবলৈ পোৱা গৈছে ৷
বেতুকান্দি অভিযানত দ্য হিউমেনছ অৱ শিলচৰ নামৰ এন জি অ’টোৰ সদস্যসকলে কামৰ অগ্ৰগতি পৰীক্ষা কৰিবলৈ বেতুকান্দিলৈ গৈছিল । তেওঁলোকে অভিযোগ কৰিছিল যে কামত ব্যাপক অনিয়ম হৈছে ।
ইয়াৰ পিচতে কাছাৰ জিলা প্ৰশাসনে খৰখেদাকৈ জনসাধাৰণক অৱগত কৰে যে মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে । কিন্তু এতিয়ালৈকে মাত্ৰ ১৮ শতাংশ কাম হোৱা মথাউৰিটোৰ মেৰামতি এপ্ৰিল মাহত সম্পূৰ্ণ হ’বনে !
Published by: Subham Goswami
FIRST PUBLISHED : March 17, 2023, 01:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।