শিলচৰ, ১৮ মাৰ্চ: বাংলাদেশৰ চিলেটত ১৬ মাৰ্চৰ পৰা আৰম্ভ হৈছে সুৰমা নাট্যোৎসৱ । চিলেটৰ কবি নজৰুল অডিটৰিয়ামত ২১ মাৰ্চলৈকে চলিব এই নাট্য মহোৎসৱ । প্ৰতিদিনে সন্ধিয়া ৭:১৫ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান ।
কথাকলি চিলেটৰ উদ্যোগত আৰু ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত আৰু চিলেট চিটি নিগমৰ যৌথ সহযোগত এই নাট্য মহোৎসৱৰ আয়োজন কৰা হৈছে ।
এই নাট্য মহোৎসৱত বৰাক উপত্যকাৰ চাৰিটা নাট্যদলে মুঠ পাঁচখন নাট মঞ্চস্থ কৰিব। এই চাৰিটা নাট্যদলৰ ৩৫ জনীয়া এটা প্ৰতিনিধি দল শনিবাৰে পুৱা শিলচৰৰ পৰা চিলেটলৈ ৰাওনা হয় ।
শিলচৰৰ আজকেৰ প্ৰজন্ম থিয়েটাৰ, পইলাপুলৰ ৰেচ থিয়েটাৰ, শিলচৰৰ গণসুৰ আৰু হাইলাকান্দিৰ বিবৰ্তন নাট্যদলে এই নাট মহোৎসৱত নাট মঞ্চস্থ কৰিব । এই চাৰিওটা নাট্যদলে মুঠ পাঁচখন নাট মঞ্চস্থ কৰিব ।
পইলাপুলৰ ৰেচ থিয়েটাৰৰ প্ৰতিষ্ঠাপক বিশিষ্ট নাট্যকাৰ ইন্দ্ৰনীল দেৱৰ ৰচনাৰে মুঠ চাৰিখন নাট এই নাট্য মহোৎসৱত উপস্থাপন কৰা হ’ব । ইয়াৰ ভিতৰত আছে বৰাক উপত্যকাত জনপ্ৰিয় হোৱা তিন পুতুলেৰ গল্প, চাইছি তোমাৰ বন্ধুতা, অধৰা-মাধুৰী আৰু এই অৰণ্যে ।
লগতে নাথবতি অনাথৱধ নাট্য মঞ্চস্থ কৰিব গণাসুৰে । চিলেট কথাকলি নাট্য সংস্থাৰ উদ্যোগত চলিত বৰ্ষত দ্বিতীয় বাৰৰ বাবে বৰাক-সুৰমা নাট মহোৎসৱৰ আয়োজন কৰা হৈছে । হাইলাকান্দিৰ বিবৰ্তন থিয়েটাৰে দ্বিতীয়বাৰৰ বাবে এই নাট মহোৎসৱত নাটক মঞ্চস্থ কৰিবলৈ ওলাইছে ।
- First Published :