কৰিমগঞ্জত গ্ৰেপ্তাৰ এগৰাকী বাংলাদেশী মহিলা । শুকুৰবাৰে কৰিমগঞ্জৰ চৰাকুৰি অঞ্চলৰ পৰা এগৰাকী মহিলাক আটক কৰি স্থানীয় ৰাইজে সীমান্ত সুৰক্ষা বাহিনীক গতাই দিয়ে ।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে পুৱা এগৰাকী অচিনাকি মহিলাৰ গতিবিধি দেখি স্থানীয় ৰাইজৰ সন্দেহ ওপজে ৷ ইয়াৰ পিছতে ৰাইজে তেওঁক আটক কৰি সীমান্ত সুৰক্ষা বাহিনীক গতাই দিয়ে । জানিব পৰা মতে বাংলাদেশৰ কিশোৰগঞ্জৰ বাসিন্দা ৰুমানা বেগম নামৰ এইগৰাকী মহিলা মানসিকভাৱে ভাৰসাম্যহীন বুলি সন্দেহ কৰা হৈছে ।
বাংলাদেশী মহিলাগৰাকীক সীমান্ত সুৰক্ষা বাহিনীৰ তদন্তৰ বাবে কৰিমগঞ্জৰ সদৰ থানাত চমজাই দিয়া হৈছে । ইফালে সীমান্ত পাৰ হৈ বাংলাদেশী মহিলাৰ ভাৰতত অবৈধ প্ৰৱেশৰ ঘটনাত কৰিমগঞ্জত আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিৰাপত্তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 31, 2023, 20:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।