মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »ভাল খবৰ ! পক্ষীকুলৰ হকে ওলাই আহিছে এজাক মানুহ

ভাল খবৰ ! পক্ষীকুলৰ হকে ওলাই আহিছে এজাক মানুহ

সজাগতা অনুষ্ঠান

সজাগতা অনুষ্ঠান

১৯৬০ চনত চীনত চৰাই নিঃশেষ হোৱাৰ ফলত চীন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। যাৰ ফলস্বৰূপে সেই সময়ত ডেৰ লাখ লোকে দুৰ্ভিক্ষত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।  

  • Share this:
আখি দাস, শিলচৰ: কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগে চৰাই সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াক লৈ এক বিশেষ অনুষ্ঠানৰ‌ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত সিদ্ধান্ত লোৱা হয় যে এতিয়াৰে পৰা চৰাইৰ বিষয়ে নিয়মীয়াকৈ সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা হ’ব। চৰাইবোৰ সদায় মানুহৰ বাসস্থানৰ ওচৰতে থাকে। কিন্তু‌ এতিয়া মানুহৰ বিকাশৰ সমান্তৰালকৈ ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা হৈছে। ডাঙৰ ডাঙৰ শ্বপিং মল হৈছে।

যাৰ ফলত চৰাইৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিছে। কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগে এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে চৰাই সম্পৰ্কে এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। বিভাগৰ মুৰব্বী ড° অনুপ দেই কয় যে বাঘ, সিংহ বা আন জন্তুৰ দৰে চৰাইৰ পিয়ল কৰাৰ কোনো চেষ্টা কৰা হোৱা নাই। সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰাও হোৱা নাই। ফলত চৰাইবোৰক কিছু পৰিমাণে অৱহেলিত কৰা হৈছে।

কিন্তু চৰাইৰ‌ সংৰক্ষণ অতি প্ৰয়োজনীয়। অধ্যক্ষ ৰামানুজ চক্ৰৱৰ্তীয়ে সৰুৰে পৰা চৰাইক গাঁৱৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে উল্লেখ কৰে। ড° সুজিত তিৱাৰীৰ মতে ১৯৬০ চনত চীনত চৰাই নিঃশেষ হোৱাৰ ফলত চীন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। যাৰ ফলস্বৰূপে সেই সময়ত ডেৰ লাখ লোকে দুৰ্ভিক্ষত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।

কাৰণ চৰাই আমাৰ খাদ্য শৃংখলৰ এক গুৰুত্বপূৰ্ণ অংগ। কৰিমগঞ্জত চৰাই বচাবলৈ আগবাঢ়ি অহা এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাক তেওঁ শলাগ লয়। উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক সুব্ৰত দাসে কয় যে খেতিৰ সময়ত বিভিন্ন ধৰণৰ কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ বাবে চৰাইৰ সংখ্যা কমি আহিছে।

অধ্যাপক প্ৰদীপ কুমাৰ নাথৰ মতে 'আমি জৈৱিক সাৰ ব্যৱহাৰ কৰি বহু চৰাইক বচাব পাৰো। সঁচাকৈয়ে মানুহক সজাগ কৰাৰ বিকল্প নাই।' মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগে চৰাই সংৰক্ষণৰ কেন্দ্ৰীয় প্ৰকল্পটো উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে।

বৈঠকত সিদ্ধান্ত লোৱা হয় যে এতিয়াৰ পৰা প্ৰাণীবিজ্ঞান বিভাগে এই সন্দৰ্ভত এক কাৰ্যসূচী অনুষ্ঠিত কৰিব। আচলতে কৰিমগঞ্জ মহাবিদ্যালয়ৰ বিভিন্ন ঠাইত চৰাইয়ে ঘৰ সাজিছে। কিন্তু মহাবিদ্যালয়খনৰ সঠিক সংৰক্ষণৰ ব্যৱস্থা নথকাৰ বাবে ভিতৰত সিঁচৰতি হৈ আছে চৰাইবোৰ ৷ শেহতীয়াকৈ এই বিষয়টো অধ্যাপক ড° সুজিত তিৱাৰীৰ নজৰত আহে। ইয়াৰ লগতে তেওঁ এক এক সজাগতা কাৰ্যসূচী আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি