মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Assam University Silchar: শিক্ষাৰ্থীৰ আন্দোলনত পৰীক্ষা স্থগিত ৰাখিলে অসম বিশ্ববিদ্যালয়ে

Assam University Silchar: শিক্ষাৰ্থীৰ আন্দোলনত পৰীক্ষা স্থগিত ৰাখিলে অসম বিশ্ববিদ্যালয়ে

শিক্ষাৰ্থীৰ আন্দোলনত পৰীক্ষা স্থগিত ৰাখিলে অসম বিশ্ববিদ্যালয়ে

শিক্ষাৰ্থীৰ আন্দোলনত পৰীক্ষা স্থগিত ৰাখিলে অসম বিশ্ববিদ্যালয়ে

অসম বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত সমবেত হৈ বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে । যাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ কাম-কাজ স্তব্ধ হৈ পৰে । 

  • Share this:
শিলচৰ, ২১ মাৰ্চ: শিক্ষাৰ্থীৰ দাবীত ইতিমধ্যে অসম বিশ্ববিদ্যালয়ে পিছুৱাই দিছে কেইবাটাও বিষয়ৰ পৰীক্ষা । পিজি, ইউজি আৰু আইজি পৰীক্ষা পিছুৱাই দিয়া হৈছে যদিও নতুন তাৰিখ ঘোষণা কৰা হোৱা নাই ।

অসম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ ৰুটিন‌ ঘোষণা কৰিছিল কৰ্তৃপক্ষই । লগে লগে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দাবীৰে প্ৰতিবাদত বহিছিল ।

২৮ মাৰ্চৰ পৰীক্ষা স্থগিত ৰখাৰ লগতে বিভিন্ন দাবী সন্দৰ্ভত দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰী আৰু অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত বিবাদৰ সৃষ্টি হৈছিল । সোমবাৰে অসম বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত সমবেত হৈ বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে । যাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ কাম-কাজ স্তব্ধ হৈ পৰে ।

বিশ্ববিদ্যালয়ৰ ভিতৰলৈ কাকো প্ৰবেশ কৰিবলৈ নিদিলে প্ৰতিবাদকাৰীসকলে । পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই আন্দোলন বিয়লি ৩ বজালৈকে চলি থাকে । আন্দোলনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ হৈ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ পল্লব দে, ছাত্ৰ নেতা অৰ্ণব গোস্বামী, কবীৰ মানা চৌধুৰী, ৰাজশ্ৰী মহন্তকে ধৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দাবীৰে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে হোৱা বৈঠকত অংশগ্ৰহণ কৰে ।

বিভিন্ন বিষয়ত কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হয় । আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে কয় যে কৰ্তৃপক্ষই সকলো দাবী মানি লয় । ছাত্ৰ-ছাত্ৰীৰ প্ৰথম দাবী আছিল অসম বিশ্ববিদ্যালয়ত পিজি-ইউজি আদি পৰীক্ষা ২৮ মাৰ্চৰ পৰা পিছুৱাই দিয়া ৷ কিয়নো এই পৰীক্ষাসমূহ আগতে প্ৰতি বছৰে ২৫ এপ্ৰিলৰ পিচত আৰম্ভ হৈছিল । কিন্তু এইবাৰ অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী জাৰি কৰিছে যে ২৮ মাৰ্চৰ পৰা পৰীক্ষা আৰম্ভ হ’ব ।

অধিসূচনা পোহৰলৈ অহাৰ পিচৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা পিছুৱাই দিবলৈ দাবী জনাইছিল যদিও ২৮ মাৰ্চৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষ অটল আছিল । দ্বিতীয়টো দাবী আছিল অসম বিশ্ববিদ্যালয়ত পানীৰ নাটনি অতি শীঘ্ৰে দুৰ কৰা । তৃতীয়টো দাবী আছিল অসম বিশ্ববিদ্যালয়ত বাছৰ সংখ্যা পৰ্যাপ্ত নহয়, ছাত্ৰ-ছাত্ৰীয়ে অতি কষ্টেৰে অহা যোৱা কৰিব লগা হৈছে ।

গতিকে বাছৰ সংখ্যা বৃদ্ধি কৰা ৷ বহু আলোচনাৰ অন্তত অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাৰ দিন পিছুৱাই দিবলৈ সন্মত হয় । বাছৰ সংখ্যা বৃদ্ধিৰ বাবেও কৰ্তৃপক্ষই সন্মতি প্ৰকাশ কৰিছে ৷ কৰ্তৃপক্ষই এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে কথা পাতিব বুলি জনাইছে ৷ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে কয় যে কৰ্তৃপক্ষই এসপ্তাহৰ ভিতৰত পানীৰ সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি দিছে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি