শিলচৰ, ২৮ মে: ইণ্ডিয়ান ইনষ্টিটিউছনেল ৰেংকিং ফ্ৰেমৱৰ্ক (আই আই আৰ এফ)ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ তালিকাত শিলচৰৰ অসম বিশ্ববিদ্যালয়ে ১৯ নম্বৰ স্থান লাভ কৰিছে । এই তালিকাত শীৰ্ষ স্থান দখল কৰিছে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ।
তালিকাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয় । উত্তৰ পূৰ্বাঞ্চলৰ ৬ খন বিশ্ববিদ্যালয় এই তালিকাত আছে । কিন্তু আটাইকেইখনেই অসম বিশ্ববিদ্যালয়তকৈ আগত স্থান লাভ কৰিছে ।
তালিকা অনুসৰি মিজোৰাম বিশ্ববিদ্যালয় ১৩ নম্বৰত, তেজপুৰ বিশ্ববিদ্যালয় ১৪ নম্বৰত, শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল বিশ্ববিদ্যালয় ১৫, ইটানগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ১৬, গেংটকৰ ছিকিম বিশ্ববিদ্যালয় ১৮ নম্বৰত আৰু অসম বিশ্ববিদ্যালয় ১৯ নম্বৰত আছে । এই তালিকাত চতুৰ্থ স্থানত আছে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় আৰু অষ্টম স্থানত আছে শান্তি নিকেতনৰ বিশ্ব ভাৰতী ।
- First Published :