শিলচৰ, ১৫ মাৰ্চ: অসম বিশ্ববিদ্যালয়ৰ উন্নয়নৰ হকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে কেইবাটাও পৰিকল্পনা ৰূপায়ণ কৰাৰ উপৰি আগন্তুক দিনৰ বাবে আৰু কিছু পাইলট প্ৰজেক্ট হাতত লৈছে বিশ্ববিদ্যালয়খনে।
কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ দুৱাৰসমূহ জনসাধাৰণৰ বাবে মুকলি কৰিব বিচাৰিছে। ফলত বৰাক উপত্যকাৰ পৰা আৰু এই অঞ্চলৰ বাহিৰৰ পৰা অহা লোকসকলৰ বাবে এই কেম্পাছটোক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
শেহতীয়াকৈ অসম বিশ্ববিদ্যালয় উন্নয়নৰ বাবে হাতত লোৱা পাইলট প্ৰজেক্টসমূহৰ বিষয়ে জানিবলৈ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° প্ৰদোষকিৰণ নাথে কয় যে ইক’ টুৰিজিমৰ উন্নয়নৰ বাবে অসম বিশ্ববিদ্যালয়ৰ মূল গেটৰ বিপৰীতে থকা ভূমিত হ্ৰদ নিৰ্মাণৰ কাম চলি আছে।
এতিয়াও চলি আছে খননৰ কাম। অধিক মাটি খনন কৰা হৈছে যাতে হ্ৰদটোত গোটেই বছৰটো পানী থাকে। এই হ্ৰদটোত নাও চলোৱাৰো ব্যৱস্থা থাকিব। হ্ৰদটোৰ চাৰিওফালে সৰু সৰু কুটিৰবোৰো নিৰ্মাণ কৰা হৈছে। ফলত এফালে হ্ৰদ আৰু আনফালে পানী যোগানৰ ব্যৱস্থা কৰি জনসাধাৰণৰ বাবে পৰ্যটন কেন্দ্ৰ গঢ়ি তোলা হ’ব।
বিশ্ববিদ্যালয়খনত পানীৰ নাটনি হৈছে গতিকে এইদৰেই প্ৰস্তাৱিত হ্ৰদটোৰ চাৰিওফালে মথাউৰি সাজি পানী যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত পানীৰ নাটনি দূৰ হ’ব। এই হ্ৰদ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ এবছৰৰ পৰা ডেৰ বছৰ সময় লাগিব।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এটা পাইলট প্ৰজেক্ট হাতত লৈছে। এই সন্দৰ্ভত ড° নাথে আৰু কয়-"টি মেনেজমেন্ট প্ৰগ্ৰেমৰ জৰিয়তে এক একৰ মাটিত চাহ গছৰ পুলি ৰোপণ কৰা হৈছে। অসম চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ সহায়ত এই গছপুলি ৰোপণ কৰা হয়। অনাগত দিনত চাহপাত উৎপাদনৰ প্ৰয়াস কৰা হৈছে। অসম বিশ্ববিদ্যালয়ৰ নিজাকৈ চাহৰ এটা ব্ৰেণ্ড সৃষ্টি হ’ব।
এই ব্ৰেণ্ডৰ চাহপাত শিক্ষানুষ্ঠানলৈ অহা বিভিন্ন অতিথিক দিয়া হ’ব। "অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পঞ্জীয়কগৰাকীয়ে কয় যে 'নক্ষত্ৰ বন' নামৰ এখন উদ্যান স্থাপন কৰা হৈছে যি পৰিৱেশ সংৰক্ষণত সহায় কৰাৰ উপৰি বৰাক উপত্যকাত পৰিৱেশ গৱেষণাৰ এক নতুন ক্ষেত্ৰ হ'ব।
এই নক্ষত্ৰ বনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা ২৭টা ভিন্ন প্ৰজাতিৰ লতা, জোপোহা আৰু গছ ৰোপণ কৰা হৈছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনত দুটা সংগ্ৰহালয় স্থাপন কৰা হৈছে। অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন এইদৰে কয়। তেওঁ কয় যে দেশৰ স্বাধীনতা সংগ্ৰামত বহু জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছিল।
গতিকে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ ৪৫খন ফটো আৰু তেওঁলোকৰ তথ্যসহ এটা সংগ্ৰহালয় বনোৱা হৈছে। নাম 'এ ট্রিবিউট টু ট্রাইবেল হিৰোজ ইন ইণ্ডিয়াজ ফ্রিডম ষ্ট্ৰাগল'।
এই সংগ্ৰহালয়ত প্ৰৱেশ কৰিলে দেখা যায় যে দেৱালত ৰখা হৈছে মাতৃভূমিৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বায়ু , স্থল আৰু নৌসেনাৰ জোৱানৰ এখন তথ্যসমৃদ্ধ ফটো। এই সংগ্ৰহালয়ত সৈনিকসকলক তেওঁলোকৰ পৰম ত্যাগ আৰু সেৱাৰ বাবে চৰকাৰে দিয়া পদকসমূহৰ বিষয়েও তথ্য প্ৰদান কৰা হৈছে।
লগতে আই এন এছ বিক্ৰমাদিত্য, জাগুৱাৰ আদিৰ সৰু সৰু মডেল তৈয়াৰ কৰা হৈছে। এই সংগ্ৰহালয়ত বায়ু, স্থল আৰু নৌ বাহিনীয়ে ব্যৱহাৰ কৰা পতাকাও আছে। লগতে ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, সৈনিক বিদ্যালয় আদিত নামভৰ্তিৰ পদ্ধতি সম্পৰ্কে সকলো তথ্য সন্নিৱিষ্ট এখন বোৰ্ড ৰখা হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে ইয়াৰ দ্বাৰা বহুতে লাভৱান হ’ব। লগতে শত্ৰু দেশৰ সৈতে ভাৰতৰ যুদ্ধৰ বিভিন্ন ইতিহাস আছে।
উদাহৰণস্বৰূপে ভাৰত-পাকিস্তান যুদ্ধ, চীন-ভাৰত যুদ্ধ, অপাৰেচন বিজয়ৰ ইতিহাস সেই সংগ্ৰহালয়ত উপস্থাপন কৰা হৈছে। মুঠতে এই যুদ্ধ স্মাৰক সংগ্ৰহালয়ত প্ৰৱেশ কৰিলে বীৰত্বগাথা পঢ়ি ভাৰতীয় হিচাপে দেশপ্ৰেম বৃদ্ধি পোৱাটো নিশ্চিত।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 20:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।