শিলচৰ, ১৪ মাৰ্চ: এনআইআৰএফ ৰেংকিঙত নিম্নগামী হৈছে শিলচৰস্থ অসম বিশ্ববিদ্যালয়ৰ স্থান ৷ ইয়াৰ কাৰণ হৈছে পাব্লিক পাৰচেপছন মাৰ্কিং । বিগত কেইবছৰমানৰ পৰা বিশ্ববিদ্যালয়খনৰ পাব্লিক পাৰচেপছন মাৰ্কিং অতি বেয়াকৈ চিহ্নিত কৰা হৈছে ।
এই ৰেংকিঙৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পাব্লিক পাৰচেপছনে । যোৱা ৪ আৰু ৫ মাৰ্চত বিশ্ববিদ্যালয়খনৰ ২০ সংখ্যক সমাৱৰ্তনক কেন্দ্ৰ কৰি যি বিতৰ্কৰ সৃষ্টি হৈছে, সেই বিতৰ্কই এই উচ্চ শিক্ষানুষ্ঠানৰ ভাবমূৰ্তিত আঘাত হানিছে ।
ইয়াৰ ফলত সম্পূৰ্ণৰূপে প্ৰভাৱ পৰিব পাব্লিক পাৰচেপছন মাৰ্কিঙৰ ওপৰত । ফলত বিশ্ববিদ্যালয়খনৰ ৰেংকিঙৰ ক্ষেত্ৰত ভাল একো আশা কৰিব নোৱাৰি । কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই শিক্ষানুষ্ঠানৰ মান উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
এই মন্তব্য কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ । সমাৱৰ্তনক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত সৃষ্টি হোৱা বিভ্ৰান্তিৰ বিষয়ে স্পষ্ট কৰিবলৈ মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° প্ৰদোশ কিৰণ নাথে কয় যে সমাৱৰ্তনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা ২৫০০ টকাৰ মাচুল লোৱা হয় ৷
এই ধন কেৱল কাপোৰৰ বাবেই নহয় আন আন খৰচৰ বাবেও লোৱা হয় । দুদিনীয়া এই সমাৱৰ্তনত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিব লগা হৈছিল । ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মাচুল নিয়ম অনুসৰি ব্যয় কৰা হৈছে । আন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন মাচুল বহু বেছি ।
কিন্তু একাংশ সংবাদ মাধ্যমে ভুল বাতৰি পৰিবেশন কৰিছে বুলি অভিযোগ তোলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ প্ৰচাৰ হৈছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমাৱৰ্তনত ২ কোটি টকা সংগ্ৰহ কৰিছে । এয়া সত্য নহয় ৷ এইবাৰ সমাৱৰ্তনত অংশগ্ৰহণৰ বাবে মুঠ ১০ হাজাৰ ৭৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছে ।
ইয়াৰে ৬ হাজাৰ ৮৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সমাৱৰ্তনত অংশগ্ৰহণ কৰি ডিগ্ৰী লাভ কৰে । প্ৰত্যেকেই প্ৰমাণপত্ৰৰ বাবে ৭৫০ টকা দিব লগা হয় । সমাৱৰ্তনত শাৰীৰিকভাৱে উপস্থিত থাকি ডিগ্ৰী লোৱাসকলৰ পৰা আৰু ১৭০০ টকা লোৱা হয় । এইদৰে মুঠ ১ কোটি ৩২ লাখ ৬৪ হাজাৰ ৭০০ টকা সংগ্ৰহ কৰা হৈছে ।
তেওঁ কয় যে ধন সংগ্ৰহৰ ক্ষেত্ৰত স্বচ্ছতা বজায় ৰখা হৈছে । ইফালে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ষ্টীকাৰ বা লগ’ থকা এখন স্কাৰ্ফ লৈ আন এক বিতৰ্কৰ সৃষ্টি হয়। সমাবৰ্তনৰ দিনা লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ষ্টীকাৰ বা লগ' থকা স্কাৰ্ফৰ ফটো ফেচবুকত ভাইৰেল হৈছিল । এই বিষয়ে ড° পি কে নাথে কয়, ‘এই বিষয়টো সন্দৰ্ভত আমাৰ কোনো ধাৰণা নাই ।
সমাৱৰ্তনৰ শেষত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা কাপোৰ আৰু স্কাৰ্ফ ঘূৰাই লোৱা হৈছে । এটা এটাকৈ বিচাৰিলোঁ কিন্তু আমি নাপালো। আন এখন বিশ্ববিদ্যালয়ৰ লগ' থকা স্কাৰ্ফ যি শিক্ষাৰ্থীয়ে পাইছিল তেওঁক বিচাৰি পোৱা নগ'ল ।' কোনোবাই উদ্দেশ্যপ্ৰণোদিতভাৱে স্কাৰ্ফত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ষ্টীকাৰ লগাই দিয়া বুলি দাবী কৰে ড° নাথে । লগতে তেওঁ কয়- ‘তদন্ত চলি আছে ।
আমি আন কোনো বিশ্ববিদ্যালয়ৰ ষ্টীকাৰ থকা স্কাৰ্ফ বিতৰণ কৰা নাই। দেশৰ সকলো বিশ্ববিদ্যালয়ে সমাৱৰ্তনৰ বাবে কাপোৰ ভাড়াত লয় । কেতিয়াও নতুন কাপোৰৰ ব্যৱস্থা কৰা হোৱা নাছিল । ছ’চিয়েল মিডিয়াত অসম বিশ্ববিদ্যালয় ফ'ৰাম বুলি যিটো গোটত স্কাৰ্ফ বিতৰ্ক আৰম্ভ হৈছিল সেয়া বিশ্ববিদ্যালয়খনৰ কোনো চৰকাৰী গ্ৰুপ নহয় ৷'
Published by: Subham Goswami
FIRST PUBLISHED : March 14, 2023, 22:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।