শিলচৰ, ১৯ মাৰ্চ: মছজিদত সাধাৰণতে মহিলাৰ নামাজ পঢ়াৰ সুবিধা নাথাকে। নামাজৰ ব্যৱস্থা থাকে কেৱল পুৰুষৰ বাবেহে। ইয়াৰ ফলত ধৰ্ম-কৰ্মত বিশ্বাস থকা মহিলাসকলে ঘৰৰ পৰা ওলাই গ’লে সময়মতে নামাজ পঢ়িব নোৱাৰে।
কিন্তু ইছলামত আটাইতকৈ গুৰুত্বপূৰ্ণ ইবাদত হৈছে নামাজ। ইছলামধৰ্মী প্ৰতিজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাৰ বাবে দিনটোত পাঁচবাৰ নামাজ পঢ়াটো বাধ্যতামূলক। কাছাৰৰ শালচাপৰাৰ মছজিদ কমিটীয়ে মহিলাৰ এই সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ এক পদক্ষেপ গ্ৰহণ কৰিছে।
শিলচৰ-বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শালচাপৰা নতুন মছজিদ কমিটিয়ে শালচাপৰাৰ প্ৰথম খণ্ডত থকা তেওঁলোকৰ মছজিদত মহিলাৰ নামাজ পঢ়াৰ ব্যৱস্থা কৰিছে। উত্তৰ-পূব ভাৰতৰ আমিৰ শ্বৰীয়ত মৌলানা ইউছুফ আলীয়ে সেই মছজিদত মহিলাসকলৰ বাবে নামাজ কক্ষ মুকলি কৰে।
উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল নদৱাতুতৰ স্থানীয় বিষয়া তামিৰ মৌলানা ফাৰুক আহমদ লস্কৰ, পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি তথা উক্ত মছজিদ সমিতিৰ সভাপতি জাছিম উদ্দিন। আমিৰ শ্বৰীয়তে মহিলাৰ নামাজ কক্ষৰ দুৱাৰ খুলি তাতেই নামাজ পঢ়ে।
মছজিদ সমিতিৰ সভাপতি জাছিমে কয় যে যিহেতু তেওঁলোকৰ মছজিদ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে, গতিকে পথচাৰীয়ে প্ৰতিদিনে নামাজ পঢ়ে।
কিন্তু তেওঁলোকে লক্ষ্য কৰিলে যে বহু সময়ত পুৰুষসকলে মহিলাসকলক গাড়ীত থৈ মছজিদলৈ নামাজ পঢ়িবলৈ যায়। মহিলাসকলে গুৰুত্বপূৰ্ণ ইবাদত আদায় কৰিব নোৱাৰে।
মূলতঃ ইয়াৰ পৰাই তেওঁলোকৰ মনলৈ আহিছিল মহিলাৰ নামাজ আদায়ৰ ব্যৱস্থা কৰাৰ ধাৰণা। কিন্তু ইছলামত পুৰুষ-মহিলাক একেলগে নামাজ পঢ়িবলৈ দিয়া নহয়। গতিকে মহিলাৰ বাবে এটা সুকীয়া কোঠা বনোৱা হৈছে। তাত বিশৰ পৰা পঁচিশগৰাকী মহিলাই একেলগে নামাজ পঢ়িব পাৰে।
নামাজকক্ষৰ কাষতে মহিলাৰ বাবে সুকীয়া অজুখানা আৰু শৌচাগাৰ আছে। কিন্তু শালচাপৰাৰ এই মছজিদ বৰাক উপত্যকাৰ প্ৰথমটো মছজিদ নহয়, য’ত মহিলাৰ নামাজৰ ব্যৱস্থা কৰা হৈছে। শিলচৰ বড় মছজিদত বহু আগৰে পৰা এই ব্যৱস্থা চলি আহিছে।
কৰিমগঞ্জ জিলা আদালতৰ কাষতো এটা মছজিদ আছে ৷ ইয়াৰ বাহিৰেও প্ৰতি ঈদত সোণাই কাজিডহৰৰ জামে মছজিদত পুৰুষৰ সৈতে একেলগে নাৰীয়ে নামাজ পঢ়ে। কিন্তু বছৰৰ বাকী সময়ছোৱাত সেই মছজিদত মহিলাৰ নামাজৰ কোনো ব্যৱস্থা নাথাকে।
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2023, 17:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।