আজি চতুৰ্থ তথা অন্তিম দিনাও অংগনৱাড়ী কৰ্মী আৰু সহায়কসকলে ৰাজ্যজুৰি অব্যাহত ৰাখে প্ৰতিবাদ । শিলচৰ মেহেৰপুৰৰ আইচিডিএছৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰায় তিনি হাজাৰ কৰ্মী আৰু সহায়িকাৰ উপস্থিতিয়ে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি উত্তাল কৰি ৰাখে । উল্লেখ্য যে ২৩ মে’ৰ পৰা সমগ্ৰ অসমৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে বিভ দাবীৰ ভিত্তিত চাৰিদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।
বিগত তিনিদিন ধৰি শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন এলেকাৰ পৰা অহা কৰ্মী আৰু সহায়িকাসকলে । প্ৰতিদিনে তিনিশৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদত । তেওঁলোকৰ অভিযোগ- অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক ক্ৰীতদাসৰ দৰে কাম কৰিবলৈ বাধ্য কৰোৱা হযৈছে । শিশু কল্যাণৰ নিৰ্ধাৰিত কামৰ বাহিৰেও তেওঁলোকে নিৰ্ধাৰিত সময়ৰ বাহিৰত লোকপিয়লৰ কাম, ভোটাৰ তালিকাৰ কাম আৰু বিভিন্ন কাম কৰিব লগা হয় ।
কিন্তু ধাৰাবাহিক আন্দোলনৰ পিছতো কৰ্মী আৰু সহায়কাৰীৰ দৰমহা চৰকাৰে ঘোষণা কৰা নূন্যতম মজুৰিৰ আধাহে । অংগনৱাড়ী কেন্দ্ৰসমূহ সংস্কাৰ কৰা হোৱা নাই, অস্বাস্থ্যকৰ অৱস্থা, অৱসৰপ্ৰাপ্ত কৰ্মীক এককালীন ধন দিয়া হোৱা নাই । কিন্তু চৰকাৰে এটাৰ পাছত আনটো প্রকল্প ঘোষণা কৰি চমক সৃষ্টি কৰিছে ৷আজি পুৱা দহ বজাৰ পৰা মহিলাসকল সমবেত হয় । দুপৰীয়া দুই বজালৈকে প্ৰায় ৩ হাজাৰ মহিলাই নিজৰ দাবীত গীত গাই ধমাইল নৃত্য কৰি সমগ্ৰ অঞ্চলটো উত্তাল কৰি ৰাখে ৷
Published by: Subham Goswami
FIRST PUBLISHED : May 26, 2023, 22:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।