মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Silchar News: শিলচৰত আৰম্ভ হ'ল অংগনৱাড়ী কৰ্মী-সহায়িকাৰ কৰ্মবিৰতি

Silchar News: শিলচৰত আৰম্ভ হ'ল অংগনৱাড়ী কৰ্মী-সহায়িকাৰ কৰ্মবিৰতি

Anganwadi workers and helpers are on Four day long strike

Anganwadi workers and helpers are on Four day long strike

ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাৰিদিনীয়া কৰ্মবিৰতি আজিৰে পৰা আৰম্ভ হৈছে ।  আজি প্ৰথম দিনাই শিলচৰ মেহেৰপুৰৰ জিলা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উধাৰবন্দৰ প্ৰায় চাৰিশ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । 

  • Share this:
শিলচৰ, ২৩ মে: ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাৰিদিনীয়া কৰ্মবিৰতি আজিৰে পৰা আৰম্ভ হৈছে । আজি প্ৰথম দিনাই শিলচৰ মেহেৰপুৰৰ জিলা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উধাৰবন্দৰ প্ৰায় চাৰিশ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ২৪, ২৫ আৰু ২৬ মে’ত সকলো জিলাৰ কৰ্মী আৰু সহায়কসকলে এই বিক্ষোভত অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে যোৱা ২২ মে’ত বিভাগীয় কৰ্তৃপক্ষই গুৱাহাটীত সংস্থাৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হৈছিল ।

কিন্তু কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ আশ্বাস নথকাৰ বাবে তেওঁলোকে কাম বন্ধ কৰাৰ সিদ্ধান্তত অটল থাকিবলৈ বাধ্য হয় । তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছে, চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি, ন্যূনতম মাহিলী দৰমহা ১০,০০০ টকা, অৱসৰৰ সময়ত ধন তৎকালিনভাৱে পৰিশোধ, সকলো কেন্দ্ৰ সংস্কাৰ, মিনি চেণ্টাৰৰ কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰীৰ মৰ্যাদা দিয়া আদি ৷

আজিৰ এই বিক্ষোভৰ সময়ত অসম ৰাজ্যিক অংগনৱাড়ী শ্ৰমিক আৰু সহায়ক সন্থাৰ কাছাৰ জিলাৰ সভানেত্ৰী দীপ্তি সিনহা, গায়ত্ৰী ভট্টাচাৰ্য, মনিকা চক্ৰৱৰ্তী, সুপ্ৰিয় ভট্টাচাৰ্য, বিদ্যুৎ দেৱ অভিজিৎ গুপ্তা আদিয়ে ভাষণ দিয়ে । প্ৰতিবাদত শ্ৰমিক কৰ্মচাৰী শিক্ষক সমন্বয়ক সন্থাৰ ৰঞ্জন দাস, শান্তো পাল আদি উপস্থিত থাকে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি