মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Silchar News: আঠ মাহ উকলিল, আৰম্ভ নহ'ল মধুৰা নদীৰ চিগা মথাউৰি‌ মেৰামতিৰ কাম

Silchar News: আঠ মাহ উকলিল, আৰম্ভ নহ'ল মধুৰা নদীৰ চিগা মথাউৰি‌ মেৰামতিৰ কাম

আঠ মাহৰ ভয়াৱহ বানপানীৰ পাছতো উধাৰবন্দৰ মধুৰা নদীৰ ভঙা মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ হোৱা নাই

আঠ মাহৰ ভয়াৱহ বানপানীৰ পাছতো উধাৰবন্দৰ মধুৰা নদীৰ ভঙা মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ হোৱা নাই

আঠ মাহ পাৰ হৈ গ’ল, খৰালিও গ’ল আৰু বাৰিষা আহিল, জলসম্পদ বিভাগে কিন্তু মথাউৰি মেৰামতিৰ কাম আৰম্ভ নকৰিলে ৷ ইফালে নদীৰ খহনীয়াই ক্ৰমান্বয়ে মথাউৰিৰ পথটো খহাই পেলাইছে । বাঁহ-মাটি আদিৰে গাঁওবাসীয়ে খহনীয়া ৰোধ কৰাৰ চেষ্টা কৰে যদিও স্থানীয়  বিধায়ক মিহিৰাকান্তি সোমৰ লগতে জলসম্পদ বিভাগৰ গা লৰা নাই ।

  • Share this:
আখি দাস, শিলচৰ:‌‌ যদিও কাছাৰ জিলাৰ বিভিন্ন অঞ্চলত আংশিক নদীৰ মথাউৰি মেৰামতিৰ কাম আৰম্ভ হৈছে, তথাপিও আঠ মাহৰ ভয়াৱহ বানপানীৰ পাছতো উধাৰবন্দৰ মধুৰা নদীৰ ভঙা মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ হোৱা নাই ।

যোৱা বছৰ উধাৰবন্দ অঞ্চলো ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল । দুটাকৈ বানৰ ফলত চিগি গৈছিল মধুৰা নদীৰ মথাউৰি । শিলচৰ কুম্ভীৰগ্ৰামৰ ভিআইপি পথত বানপানী‌ হৈ পথটোৰে নাও চলাচল কৰিছিল । বিমান যাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

মধুৰা নদীৰ আগ্ৰাসী পানীৰ প্ৰবাহৰ বাবে উধাৰগাও অঞ্চলৰ কেইবাটাও স্থানত মথাউৰি চিগি দহখনতকৈও অধিক গাঁও প্লাৱিত হৈছিল । হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰে সেই বানত । যোৱা বানপানীৰ পাছত জলসম্পদ বিভাগে মথাউৰিটো পৰিদৰ্শন কৰি বাৰিষাৰ পূৰ্বে মেৰামতিৰ কাম কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

কিন্তু পৰিতাপৰ বিষয় যে আঠ মাহ পাৰ হৈ গ’ল, খৰালিও গ’ল আৰু বাৰিষা আহিল, জলসম্পদ বিভাগে কিন্তু মথাউৰি মেৰামতিৰ কাম আৰম্ভ নকৰিলে ৷ ইফালে নদীৰ খহনীয়াই ক্ৰমান্বয়ে মথাউৰিৰ পথটো খহাই পেলাইছে । বাঁহ-মাটি আদিৰে গাঁওবাসীয়ে খহনীয়া ৰোধ কৰাৰ চেষ্টা কৰে যদিও স্থানীয় বিধায়ক মিহিৰাকান্তি সোমৰ লগতে জলসম্পদ বিভাগৰ গা লৰা নাই ।

জলসম্পদ বিভাগে এদিন বা দুদিন নদীৰ মথাউৰি এলেকা পৰিদৰ্শন কৰাৰ বাহিৰে একো নকৰিলে । খৰালিৰ পিছত বাৰিষাৰ সময় আহিল । দুৰ্গনগৰ চতুৰ্থ ব্লকৰ উধাৰগাও অঞ্চলৰ গাঁৱৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । তেওঁলোকে কয় যে বানপানীৰ পিছত ৰাইজে সেই গাঁতবোৰ পাৰ হ’ব পৰাকৈ মাটি পেলাই দি পুৰাবলৈ চেষ্টা চলাইছিল ।

কিন্তু জলসম্পদ বিভাগে মথাউৰি পৰিদৰ্শনৰ বাহিৰে একো নকৰিলে । ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি গাঁওবাসীয়ে কয় যে নদীৰ মথাউৰি মেৰামতি কৰিবলৈ এতিয়াও সময় আছে । যদি জলসম্পদ বিভাগে বাৰিষাৰ পূৰ্বে নদীৰ মথাউৰি মেৰামতি নকৰে, তেন্তে এইবাৰো সকলো গাঁও মধুৰা নদীৰ বুকুত বুৰ গৈ শিলচৰ কুম্ভীৰগ্ৰামৰ ভিআইপি পথ বন্ধ হৈ পৰিব ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি