শিলচৰ, ১৭ মাৰ্চ: ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰ গঠন হোৱাৰ সময়ত আদিবাসী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ব বুলি আশা কৰিছিল পিছপৰা জনগোষ্ঠীটোৰ লোকসকলে।
কিন্তু চৰকাৰখনে প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দিলেও আজিলৈকে ভাগ্য সলনি নহ'ল এইসকল লোকৰ ৷ তেওঁলোকৰ একমাত্ৰ দাবী হৈছে আদিবাসী সম্প্ৰদায়ক জনজাতিকৰণ ৷
২০১৪তেই নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ চৰকাৰ দিল্লীত বহিলে আদিবাসীৰ দুৰ্দশা দূৰ হ’ব। কিন্তু সেয়া হৈ নুঠিল। ফলত আজি ক্ষোভ প্ৰকাশ কৰিছে আদিবাসী সংঘৰ সদস্যসকলে।
আদিবাসী সংঘৰ তিনিদিনীয়া সাধাৰণ সভাৰ সামৰণী অনুষ্ঠানত বৰাক উপত্যকাৰ বিভিন্ন দুৰ্গম অঞ্চলৰ প্ৰতিনিধি উপস্থিত হৈ পিছপৰা সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে। বৰাখলা বিধানসভাৰ নাজিৰবন্দ গাঁৱত অনুষ্ঠিত হোৱা সন্মিলনত চাওতালী, ৰাজবংশী, মুণ্ডা আৰু চাহ জনগোষ্ঠীৰ আদিবাসী ৰাইজে পুনৰবাৰ জনজাতিকৰণৰ দাবী তুলিছে।
সন্মিলনৰ আৰম্ভণিতে তেওঁলোকে অস্থায়ী শ্বহীদ বেদীত মাল্যাৰ্পণেৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত অনুষ্ঠিত হোৱা বৈঠকত তেওঁলোকে শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানীৰ লগতে উন্নত পথ নিৰ্মাণৰ দাবী জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰে।
সন্মিলনত উপস্থিত থকা সকলো বক্তাই তেওঁলোকৰ ভাষণত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি ভৱিষ্যতে নিজৰ অধিকাৰ আৰু দাবীৰ বাবে এক বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
আদিবাসী সংঘৰ হৈ দিলীপ কুমাৰ পালিকাই ক্ষোভৰ সুৰত কয়- “বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত আমাৰ একমাত্ৰ দাবী হৈছে আদিবাসী লোকক এছ টিত অন্তৰ্ভুক্ত কৰা। কাৰণ আদিবাসীসকল শিক্ষাকে ধৰি অন্যান্য ক্ষেত্ৰত পিছপৰা। আমি কাম কৰা মানুহ। চাহপাত ছিঙি খেতি কৰি উপাৰ্জন কৰিব লাগে।
আমাৰ সমাজৰ যুৱক-যুৱতীসকল চাকৰিৰ পৰা বঞ্চিত। আমাৰ কোনো জাতিতে SC, Generalৰ কোনো স্থান নাই। তেওঁ আৰু কয়, ‘আমি আশা কৰিছিলোঁ যে যদি নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হয় তেন্তে দুৰ্দশা দূৰ হ’ব।
কিন্তু আমি সেই একে জেগাত আছোঁ। বছৰ বছৰ ধৰি দাবী উত্থাপন কৰাৰ পিছতো আমাৰ কোনো অগ্ৰগতি নাই। কিছু মাহ পূৰ্বে চৰকাৰে ড’লু চাহ বাগিচাখন ধ্বংস কৰি বিমানবন্দৰ নিৰ্মাণৰ প্ৰকল্প হাতত লৈছিল। হাজাৰ হাজাৰ গছ-গছনি উভালি পেলোৱাৰ ফলত আমি কৰ্মসংস্থাপন হেৰুৱাইছোঁ।'
ইফালে নাজিৰবন্দ গাঁৱৰ ৰাইজ বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ বাবে আদিবাসী সংঘৰ সদস্যসকলে কয় যে বৰাখলাৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰে সেই গাঁওখনৰ উন্নয়নৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল।
পথসমূহৰ অৱস্থা এনেকুৱা যে কোনো জৰুৰীকালীন ৰোগী, গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিব নোৱাৰি। বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই। যদিহে এই সমস্যাসমূহ সমাধান কৰা নহয়, তেন্তে ভৱিষ্যতে নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে সেই অঞ্চলৰ আদিবাসী ৰাইজে।
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2023, 22:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।