শিলচৰ, ৩ মাৰ্চ: আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস। বন্যপ্ৰাণী আৰু উদ্ভিদৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাটোৱেই এই দিৱসৰ মূল লক্ষ্য। দক্ষিণ অসমৰ একমাত্ৰ বন্যপ্ৰাণী অভয়াৰণ্য হৈছে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য।
যিখন বৰাক নদীৰ উপত্যকাত অৱস্থিত। এই অভয়াৰণ্যখনত বিলুপ্ত হৈ পৰা হুল্লক গিবনৰ বাসস্থান। আন বন্যপ্ৰাণীৰ লগতে বহুমূলীয়া উদ্ভিদৰো প্ৰচুৰতা আছে অভয়াৰণ্যখনত।
বৰ্তমান ৰাজ্য চৰকাৰে ইক’ টুৰিজিমৰ প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ এটা নীতি হ’ল অভয়াৰণ্যখনৰ আশে-পাশে বসবাস কৰা গাওঁবাসীক সংগঠিত কৰি অভয়াৰণ্যখনক কেন্দ্ৰ কৰি স্থানীয় জনসাধাৰণৰ দীৰ্ঘম্যাদী জীৱিকা সুনিশ্চিত কৰা।
সেই চৰকাৰী নীতি অনুসৰি যোৱা বছৰৰ নৱেম্বৰ মাহত অসম চৰকাৰৰ বন বিভাগে ‘বৰাইল ইক' কেম্প’ উদ্বোধন কৰিছিল। কাছাৰৰ ডোলু নদীৰ পাৰৰ উধাৰবন্দ ৰেঞ্জৰ অন্তৰ্গত মধুৰা ইন্দ্ৰনগৰত আনুষ্ঠানিকভাৱে এই কেম্প মুকলি কৰা হয়। যি এতিয়াও চলি আছে।
যোৱা বছৰৰ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে এই ‘বৰাইল ইক' কেম্প’ত বৃহৎ সংখ্যক পৰ্যটক আহিছে। পৰিৱেশৰ সৈতে এক সুন্দৰ সময় কটোৱাৰ উপৰিও অভয়াৰণ্যখনৰ আশে-পাশে বসবাস কৰা জনজাতীয় লোকসকলৰ সংস্কৃতিৰ বিষয়েও তেওঁলোকে জানিবলৈ লৈছে।
এই ইক' কেম্পত বৰাইলত এডভেঞ্চাৰ কৰাৰ সুবিধা, সাঁতোৰা, মাছ ধৰা, ট্ৰেকিঙৰ লগতে ভলীবল, বেডমিণ্টন খেলপথাৰৰ সৈতে শিশুৰ বাবে বেম্বো কটেজত থকাৰ ব্যৱস্থা আছে।
যোৱা ১৬ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ প্ৰায় ৪১০০ গৰাকী পৰ্যটকে এই বৰাইল ইক’ কেম্প ভ্ৰমণ কৰিছে। কাছাৰ বন বিভাগে এই কেম্পৰ জৰিয়তে এতিয়ালৈকে ৮ লাখতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিছে।
এই কথা জনাইছে কাছাৰ জিলা বন বিভাগৰ বিষয়া তেজস মৰিস্বামীয়ে। তেওঁ লগতে কয় যে বৰাইল ইক' কেম্পৰ জৰিয়তে বন বিভাগ আৰু গাঁওবাসীৰ মাজত এক সম্পৰ্ক গঢ় লৈ উঠিছে। এই সম্পৰ্কক সুদৃঢ় কৰিবলৈ গাঁওবাসীয়ে জীৱিকাৰ বাবে বন বিভাগৰ সৈতে সংযোগ স্থাপন কৰিছে।
বৰাইল অভয়াৰণ্যৰ আশে-পাশে আৰু অধিক গাঁৱৰ মানুহ আগবাঢ়ি আহিল। গতিকে কাছাৰ বন বিভাগে এই ইক’ কেম্পৰ অধিক উন্নয়নৰ কাম কৰাৰ পৰিকল্পনা কৰিছে। যাতে অধিক পৰ্যটক আহে আৰু তেওঁলোকে প্ৰকৃতিৰ সৈতে সুন্দৰকৈ সময় কটাব পাৰে। পৰ্যটকৰ আগমনত বৰাইল অভয়াৰণ্যখন সংৰক্ষণৰ ক্ষেত্ৰতো আশাৰ ৰেঙণি দেখা গৈছে। বতৰৰ ওপৰত নিৰ্ভৰ কৰি বাৰিষা বন্ধ থাকে যদিও খৰালি পুনৰ মুকলি কৰা হ’ব। বন বিষয়াগৰাকীয়ে জনায়।
এই বৰাইল ইক’ কেম্পৰ উদ্দেশ্য কেৱল পৰ্যটকক আকৰ্ষণ কৰাই নহয়, অসমৰ বন বিভাগৰ দ্বাৰা অঞ্চলটোক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যও লোৱা হৈছে। অভয়াৰণ্যৰ দৰে প্ৰান্তীয় অঞ্চলতো প্ৰকৃতি-সংহত জীৱনশৈলী গ্ৰহণ কৰি অহা আৰু নিজৰ স্থানীয় সংস্কৃতি আৰু ঐতিহ্যক আনৰ আগত উপস্থাপন কৰিবলৈ আগ্ৰহী আদিবাসীসকল। বৰাইল ইক' কেম্প সংৰক্ষণ, সম্প্ৰদায় আৰু বহনক্ষম পৰ্যটনৰ সংগমস্থলী।
বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত অৱস্থিত এই কেম্পটো প্ৰকৃতি আৰু এডভেঞ্চাৰপ্ৰেমীৰ বাবে উপযুক্ত স্থান। ইমানতে শেষ নহয়, পৰ্যটকসকলে এই কেম্পত খাচী মানুহৰ পৰম্পৰা আৰু সংস্কৃতি চাবলৈ সুযোগ পোৱাৰ লগতে তেওঁলোকৰ ৰন্ধা-বঢ়া আৰু সোৱাদ চাবলৈও সুযোগ পাব।
সদায় স্বাস্থ্য সচেতনসকলৰ বাবে বিভিন্ন ক্ৰীড়াৰ সুযোগ আছে। এই কেম্প পৰিচালনাৰ বাবে গাঁৱৰ মানুহৰ মাজৰ পৰা এখন ইক’ ডেভেলপমেণ্ট কমিটী বিশেষভাৱে গঠন কৰা হৈছে। কেম্পৰ পৰা আহৰণ কৰা সকলো ৰাজহ কমিটীক দিয়া হ’ব।
Published by: Subham Goswami
FIRST PUBLISHED : March 03, 2023, 20:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।