মুখ্যপৃষ্ঠা »খবৰ »Cachar »Silchar News: বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ সুদেষ্ণা সিংহৰ ২৮ সংখ্যক শ্বহীদ দিৱস পালন 

Silchar News: বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ সুদেষ্ণা সিংহৰ ২৮ সংখ্যক শ্বহীদ দিৱস পালন 

বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ সুদেষ্ণাৰ  সিংহৰ ২৮ সংখ্যক ভাষা শ্বহীদ দিৱস শিলচৰত যথাযথ মৰ্যাদাৰে পালন কৰা হয়।

বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ সুদেষ্ণাৰ  সিংহৰ ২৮ সংখ্যক ভাষা শ্বহীদ দিৱস শিলচৰত যথাযথ মৰ্যাদাৰে পালন কৰা হয়।

বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ সুদেষ্ণাৰ  সিংহৰ ২৮ সংখ্যক ভাষা শ্বহীদ দিৱস শিলচৰত যথাযথ মৰ্যাদাৰে পালন কৰা হয়।

  • Share this:
শিলচৰ, ১৬ মাৰ্চ: বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ সুদেষ্ণা সিংহৰ ২৮ সংখ্যক ভাষা শ্বহীদ দিৱস আজি শিলচৰত পালন কৰা হয় । শিলচৰৰ বিবেকানন্দ ৰোডত বৃহস্পতিবাৰে পুৱা শ্বহীদ সুদেষ্ণাৰ আৱক্ষ মূৰ্তিত বিভিন্ন মণিপুৰী সংগঠনৰ সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিচত অনুষ্ঠিত হয় আলোচনা সভা । নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভা, সাহিত্য সভা, বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলন, মাতৃভাষা সুৰক্ষা সমিতি আদিৰ সদস্যসকলে সুদেষ্ণাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে ।

বক্তাসকলে কয় যে বৰাক উপত্যকা পবিত্ৰ তীৰ্থস্থান আৰু মাতৃভাষাৰ তৃতীয় ভূমি । প্ৰথমে নাৰী শ্বহীদ কমলা ভট্টাচাৰ্য আৰু তাৰ পিচত ভাষা শ্বহীদ সুদেষ্ণা সিংহ । পৰৱৰ্তী প্ৰজন্মই মাতৃভাষা ৰক্ষাৰ দায়িত্ব ল’ব লাগে । মাতৃভাষা ৰক্ষাৰ স্বাৰ্থত যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায় বক্তাসকলে । ইয়াৰ‌ লগতে কৰিমগঞ্জৰ পাথাৰকান্দিসহ বৰাকৰ বিভিন্ন অঞ্চলত আজি শ্বহীদ দিৱস পালন কৰা হয় ।

মন কৰিবলগীয়া যে ভাৰত বিভাজনৰ পাচত দেশৰ সংবিধানে ৰাজ্যৰ সকলো ভাষী লোককে মাতৃভাষাৰ জৰিয়তে শিক্ষা লাভ কৰাৰ মৌলিক অধিকাৰ দিছিল যদিও অসমৰ বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ সেই অধিকাৰ নাছিল । ইয়াৰ বাবেই ১৯৫৫ চনত অসমৰ বৰাক উপত্যকাত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আন্দোলন আৰম্ভ হয় । সেই বছৰতে "নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভা"ই মাতৃভাষাৰ জৰিয়তে পাঠদানৰ ৭ দফীয়া দাবীৰে আন্দোলন আৰম্ভ কৰে । পিচলৈ এই আন্দোলন সত্যাগ্ৰহৰ ৰূপত দশক দশক ধৰি চলি থাকিল যদিও বিষ্ণুপ্ৰিয়াসকলৰ ভাষাই স্বীকৃতি নাপালে ।

১৯৯২ চনত "বিষ্ণুপ্ৰিয়া মণিপুৰী গণ সংগ্ৰাম পৰিষদ" গঠন হয় । এই সংগঠনৰ নেতৃত্বত ১৯৯২ চনৰ পৰা ১৯৯৫ চনলৈকে অসম আৰু ত্ৰিপুৰাত কেইবাটাও ৰেল অৱৰোধ, পথ অৱৰোধ, গণ অনশন আৰু বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকে ৷ ১৯৯৫ চনত ত্ৰিপুৰা চৰকাৰে প্ৰাথমিক বিদ্যালয়ত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা প্ৰৱৰ্তন কৰে । কিন্তু এই পৰ্যন্ত অসমত তেনেধৰণৰ একো নহ'ল ৷ সেয়েহে গণসংগ্ৰাম পৰিষদে মাৰ্চ মাহত অবিৰত ৰে'ল অৱৰোধৰ আহ্বান জনায় ।

বৰ্তমান অসমৰ হাইলাকান্দি, কাছাৰ, পাথাৰকান্দি, কৰিমগঞ্জ, মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰ ৰাজ্যত বৃহৎ সংখ্যক বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী বসবাস কৰে । মণিপুৰীৰ উৎপত্তি মণিপুৰ আৰু ইয়াৰ বাসিন্দাসকলৰ অধিকাংশই মেইটেই বংশৰ । বিষ্ণুপ্ৰিয়া গোটৰ ভাষাসমূহ ভাৰত-ইউৰোপীয় ভাষা গোটৰ সদস্য আৰু বাংলা আৰু অসমীয়া ভাষাৰ মাজত সাদৃশ্য থকাৰ বাবেই বিষ্ণুপ্ৰিয়া গোটৰ ভাষাসমূহক মণিপুৰী বুলি স্বীকৃতি দিবলৈ অনিচ্ছুক। এই ভাষাৰ স্বীকৃতিৰ দাবীতেই এই আন্দোলন ।

১৯৯৬ চনৰ ১৬ মাৰ্চত "নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থা"ই ৫০১ ঘন্টাৰ আটাইতকৈ দীঘলীয়া ৰেল ধৰ্মঘট ঘোষণা কৰে প্ৰতিবাদকাৰীসকলৰ ভিতৰত সুদেষ্ণা সিংহ নামৰ এগৰাকী ৩২ বছৰীয়া কিশোৰীও আছিল । অসমৰ বিষ্ণুপ্ৰিয়া মণিপুৰী প্ৰধান অঞ্চলৰ পৰা ‘ইমাৰ ঠাৰ’ (মাতৃভাষা) আন্দোলনত জড়িত হৈ পৰে সুদেষ্ণা । ১৯৯৬ চনৰ ১৬ মাৰ্চত ‘ৰেল ৰোকো’ আন্দোলনৰ সময়ত তেওঁ আৰক্ষীৰ গুলীত নিহত হয় । এই ঘটনাক লৈ আন্দোলনমুখী হৈ পৰে অসম আৰু ত্ৰিপুৰা । পিচত অসম চৰকাৰে বিষ্ণুপ্ৰিয়াসকলৰ সকলো দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । তাৰ পিচত ২০০১ চনত অসমৰ বৰাক উপত্যকাৰ প্ৰায় সকলো (১৫২) প্ৰাথমিক বিদ্যালয়তে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত পাঠদান আৰম্ভ হয় । প্ৰায় ৬ বছৰ পিচত ২০০৬ চনত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাক উচ্চতম ন্যায়ালয়ে স্বতন্ত্ৰ মণিপুৰী ভাষা হিচাপে স্বীকৃতি দিয়ে । প্ৰতি বছৰে বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে ১৬ মাৰ্চ তাৰিখটো ‘শ্বহীদ সুদেষ্ণা দিৱস’ হিচাপে পালন কৰি আহিছে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি