• Home
  • »
  • News
  • »
  • business
  • »
  • ষ্টেবলকইনৰ সৈতে আপোনাৰ সকলো ক্ৰিপ্ট' অস্থিৰতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক। আপুনি ইয়াত বিনিয়োগ কৰিব পৰা শীৰ্ষ পাঁচটা কইনৰ তালিকাৰ সৈতে সেইবোৰৰ বিষয়ে সকলো শিকক #Partnered

ষ্টেবলকইনৰ সৈতে আপোনাৰ সকলো ক্ৰিপ্ট' অস্থিৰতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক। আপুনি ইয়াত বিনিয়োগ কৰিব পৰা শীৰ্ষ পাঁচটা কইনৰ তালিকাৰ সৈতে সেইবোৰৰ বিষয়ে সকলো শিকক #Partnered

বৰ্তমানৰ সময়খিনি ক্ৰিপ্ট' সম্পদসমূহৰ মাজত বিয়েৰ চিজন বুলি কোৱা হয়। Bitcoin-ৰ দৰে শীৰ্ষ মুদ্ৰাবোৰ তাৰ সৰ্বোচ্চ মূল্যৰ পৰা 50% তকৈ বেছিকৈ হ্ৰাস পাইছে কিয়নো বিভিন্ন গোলকীয় আৰু অৰ্থনৈতিক কাৰকে ক্ৰিপ্ট' সম্পদৰ ওপৰত ভাৰ প্ৰদান কৰিছে

বৰ্তমানৰ সময়খিনি ক্ৰিপ্ট' সম্পদসমূহৰ মাজত বিয়েৰ চিজন বুলি কোৱা হয়। Bitcoin-ৰ দৰে শীৰ্ষ মুদ্ৰাবোৰ তাৰ সৰ্বোচ্চ মূল্যৰ পৰা 50% তকৈ বেছিকৈ হ্ৰাস পাইছে কিয়নো বিভিন্ন গোলকীয় আৰু অৰ্থনৈতিক কাৰকে ক্ৰিপ্ট' সম্পদৰ ওপৰত ভাৰ প্ৰদান কৰিছে

বৰ্তমানৰ সময়খিনি ক্ৰিপ্ট' সম্পদসমূহৰ মাজত বিয়েৰ চিজন বুলি কোৱা হয়। Bitcoin-ৰ দৰে শীৰ্ষ মুদ্ৰাবোৰ তাৰ সৰ্বোচ্চ মূল্যৰ পৰা 50% তকৈ বেছিকৈ হ্ৰাস পাইছে কিয়নো বিভিন্ন গোলকীয় আৰু অৰ্থনৈতিক কাৰকে ক্ৰিপ্ট' সম্পদৰ ওপৰত ভাৰ প্ৰদান কৰিছে

  • Share this:
বিপদাশংকাৰ বিৰুদ্ধে প্ৰতিবন্ধক সৃষ্টি কৰক আৰু কেৱল ZebPayত সৰ্বশ্ৰেষ্ঠ ষ্টেবলকইন প্ৰাপ্ত কৰক

বৰ্তমানৰ সময়খিনি ক্ৰিপ্ট' সম্পদসমূহৰ মাজত বিয়েৰ চিজন বুলি কোৱা হয়। Bitcoin-ৰ দৰে শীৰ্ষ মুদ্ৰাবোৰ তাৰ সৰ্বোচ্চ মূল্যৰ পৰা 50% তকৈ বেছিকৈ হ্ৰাস পাইছে কিয়নো বিভিন্ন গোলকীয় আৰু অৰ্থনৈতিক কাৰকে ক্ৰিপ্ট' সম্পদৰ ওপৰত ভাৰ প্ৰদান কৰিছে। যিসকলে এই মুদ্ৰাবোৰৰ উন্নতিৰ শীৰ্ষ-অৱস্থাত বিনিয়োগ কৰিছিল, তেওঁলোকৰ বাবে এনেদৰে অত্যধিক লোকচানৰ হাৰ দেখিবলৈ পোৱাটো নিশ্চয়কৈ হতাশাজনক হ'ব লাগিব। আন যিসকলে ক্ৰিপ্ট'ৰ পৃথিৱীত প্ৰৱেশ কৰিব নে নকৰিব সেই লৈ বিমোৰত পৰিছে; তেওঁলোক হয়তো ক্ৰিপ্ট'ৰ পৃথিৱীত ভৰি দিয়াৰ পৰা বিৰত থাকিব।

ষ্টেবলকইনসমূহ কি?

ষ্টেবলকইন হৈছে ডিজিটেল মুদ্ৰা যাক এক স্থিৰ আৰু সু-স্বীকৃত সংৰক্ষিত সম্পদ যেনে আমেৰিকান ডলাৰ বা সোণৰ বাবে নিৰ্ধাৰণ কৰা হয়। এইবোৰ আন ডিজিটেল মুদ্ৰাৰ দৰে নিয়ন্ত্ৰণহীন তাৰতম্যৰ অধীন নহয় যি চৰম পৰ্যায়ত দুলি থাকে কিয়নো ষ্টেবলকইনবোৰক ইয়াৰ মূল্যৰ সৈতে সংযোগ কৰিবলৈ এটা ষ্টেবল পেগ থাকে। 

সেয়েহে সেইবোৰৰ স্বভাৱ অনুসৰি ষ্টেবলকইনবোৰে Bitcoin-ৰ দৰে ডিজিটেল মুদ্ৰাৰ তুলনাত নাটকীয়ভাৱে অস্থিৰতা হ্ৰাস কৰে। সেইবোৰ দৈনন্দিন বাণিজ্যৰ পৰা আৰম্ভ কৰি এক্সচেঞ্জৰ মাজত স্থানান্তৰ কৰালৈকে সকলোবোৰৰ বাবে অধিক উপযুক্ত হয়।

সেয়েহে ষ্টেবলকইন হৈছে ফিয়েট মুদ্ৰাৰ পৰম্পৰাগত পৃথিৱী আৰু ডিজিটেল মুদ্ৰাৰ নতুন পৃথিৱীক সংযোগ কৰিবলৈ সঠিক দলং যিহেতু ই দুয়োখন পৃথিৱীৰে সৰ্বশ্ৰেষ্ঠ উত্তৰাধিকাৰী। ক্ৰিপ্ট' পৃথিৱীৰ বহুলোকে একেবাৰে নিম্নতম স্থানান্তৰ মাচুলৰ সৈতে বৃহৎ পৰিমাণৰ ধন স্থানান্তৰ কৰিবলৈ, তেওঁলোকৰ কইনৰ পৰা সূত অৰ্জন কৰিবলৈ আৰু নিঃসন্দেহে Bitcoin বা Ether ৰ দৰে কইন ৰখাৰ ফলত হ'ব পৰা অস্থিৰতাই তেওঁলোকৰ বেলেন্স শ্বীট যাতে প্ৰভাৱিত কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ ষ্টেবলকইন ব্যৱহাৰ কৰে। 

এইটো কাৰ বাবে? 

কইনসমূহ এটা অন্তৰ্নিহিত বিপদাশংকাৰ সৈতে উপলব্ধ। যিসকলে অত্যাধিক অস্থিৰতা হজম কৰিব নোৱাৰে তেওঁলোকৰ বাবে এইটো ন্যায়সঙ্গত বুলি ভবা কঠিন হ'ব পাৰে। সেয়েহে অধিক পৰম্পৰাগত আৰু বিপদাশংকা-বিমুখ বিনিয়োগকাৰীৰ বাবে ষ্টেবলকইনত বিনিয়োগ কৰাটো এনে এক বস্তু যাৰ বাবে নিম্নতম চিন্তাৰ প্ৰয়োজন। যিহেতু ষ্টেবলকইনবোৰ ক্ৰিপ্ট' ব্লকচেইনৰ অংশ সেয়েহে সেইবোৰ ফিয়েট মুদ্ৰাৰ তুলনাত দ্ৰুততাৰে আৰু বেংক মাচুল অবিহনে স্থানান্তৰ কৰিব পাৰি, যাৰ ফলত সেইবোৰ আৰু অধিক আকৰ্ষণীয় বিকল্প হৈ পৰে। 

আনকি পেচাদাৰী ক্ৰিপ্ট' বিনিয়োগকাৰীসকলেও বিভিন্ন প্ৰকাৰৰ কইনত তেওঁলোকৰ সম্পত্তি বিয়পাবলৈ আৰু অত্যাধিক অস্থিৰতাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁলোকৰ হ'ল্ডিংৰ কিছু অংশ ষ্টেবলকইনত ৰাখিব খোজে। সঁচাকৈয়ে "কেতিয়াও আপোনাৰ সকলোবোৰ কণী একেটা বাস্কেটত নাৰাখিব" হৈছে এক বিত্তীয় পৰামৰ্শ যিটো চিৰদিন প্ৰযোজ্য হৈ ৰ’ব।

ZebPay-ৰ এক পুংখানুপুংখ অধ্যয়নৰ ফলত দলটোৱে তেওঁলোকৰ প্লেটফৰ্মত 100+ ক্ৰিপ্ট' কইনৰ ভিতৰত কিছুমান সৰ্বশ্ৰেষ্ঠ ষ্টেবলকইন যোগ কৰিছে। যদি আপুনি কোনবোৰৰ পৰা বাছনি কৰিব লাগে সেইটো ভাবি আছে তেনেহ'লে আমি কিছুমান অতি পৰিচিত ষ্টেবলকইনৰ এখন তালিকা সংকলন কৰিছোঁ যাক আপুনি লগে লগে আপোনাৰ পৰ্টফলিঅ'ত যোগ কৰিব পাৰে। তলত এইবোৰ চাওক আৰু আপোনাৰ পছন্দ অনুসৰি বাছনি কৰক।

বাছনি কৰিবৰ বাবে উপযুক্ত শীৰ্ষ ষ্টেবলকইনসমূহ– 

এতিয়া যিহেতু আপুনি জানে যে ষ্টেবলকইনসমূহ কি আৰু সেইবোৰে আপোনাক অস্থিৰতাৰ বিৰুদ্ধে কেনেদৰে প্ৰতিহত কৰাত সহায় কৰে, ইয়াত সেইবোৰৰ শীৰ্ষ দহটা ষ্টেবলকইন আছে যাক আপুনি বিনিয়োগ কৰিবলৈ বাছনি কৰিব পাৰে। 

আপুনি পাহৰি নাযাব যে আপুনি আপোনাৰ ষ্টেবলকইনসমূহ ZebPay প্লেটফৰ্মত ধাৰলৈ দিব পাৰে আৰু আকৰ্ষণীয় হাৰত আপোনাৰ একাউণ্টত কেৱল হ'ল্ডিং কৰাৰ বাবে অতিৰিক্ত মুনাফা অৰ্জন কৰিব পাৰে। কিছুমান ষ্টেবলকইন লোৱাৰ আৰু আপোনাৰ ক্ৰিপ্ট' পৰ্টফলিঅ' আৰু লাভ সম্প্ৰসাৰিত কৰাৰ এইয়া হৈছে আন এক কাৰণ। 

তলত আপুনি বাছনি কৰিব লগা ষ্টেবলকইনসমূহ আছে। 

Binance USD (BUSD)

BUSD তিনিটা পৃথক ব্লকচেইন ইথেৰিয়াম, বিনেন্স স্মাৰ্ট চেইন, আৰু বিনেন্স চেইনত বিদ্যমান যাৰ ফলত ইয়াক আপুনি বাছনি কৰিব পৰা আটাইতকৈ সুলভ ষ্টেবলকইনসমূহৰ ভিতৰত এটা কৰি তোলে। আপুনি প্ৰয়োজন অনুসৰি আপোনাৰ টোকেনবোৰ চেইনবোৰৰ মাজত সালসলনি কৰিব পাৰে। 

Tether (USDT) 

Tether হৈছে Ethereum আৰু Bitcoin ব্লকচেইনত আয়োজিত আটাইতকৈ বিশ্বাসযোগ্য ষ্টেবলকইনসমুহৰ ভিতৰত এটা। এইটো 2014 চনত প্ৰতিষ্ঠা কৰা প্ৰথম ষ্টেবলকইন আৰু Bitcoin আৰু Ether ৰ ঠিক পিছতে প্ৰায় 80 বিলিয়ন আমেৰিকান ডলাৰৰ বজাৰ মূল্যৰ সৈতে তৃতীয় সৰ্ববৃহৎ ক্ৰিপ্ট' সম্পদ।

USD কইন (USDC)

USD কইন 2018 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু বজাৰ মূলধনত বৰ্তমান প্ৰায় 50 বিলিয়নৰ সৈতে বজাৰ মূল্য অনুসৰি দ্বিতীয় সৰ্ববৃহৎ ষ্টেবলকইন। ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জ কইনবেছৰ সৈতে প্ৰতিষ্ঠা কৰা USDC হৈছে ব্লকচেইনৰ ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হ'ব বিচৰা ব্যৱসায়বোৰৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত কইনবোৰৰ ভিতৰত এটা যিয়ে ইয়াক বিনিয়োগ কৰাৰ বাবে এক নিৰ্ভৰযোগ্য কইন হিচাপে গঢ়ি তোলে।

Pax Gold (PAXG)

Pax Gold হৈছে এক ডিজিটেল সম্পদ যিয়ে ব্লকচেইনত সোণৰ ক্ৰয় বিক্ৰয় উপলব্ধ কৰে। যদি আপুনি কেতিয়াবা সোণ চুৰি হোৱাৰ বিষয়ে চিন্তা নকৰাকৈ বা ইয়াক সুৰক্ষিত ভল্টত ৰাখিবলৈ উচ্চ মাচুল পৰিশোধ নকৰাকৈ ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে PAXG হৈছে ইয়াক আপোনাৰ লগত ৰাখিবলৈ বৃহৎ পৰিমাণৰ ধন পৰিশোধ নকৰাকৈ সৰ্বোচ্চ মানদণ্ডৰ সোণৰ গৰাকী হোৱাৰ নতুন যুগৰ সমাধান।  

Digix Gold (DGX)

Digix Gold হৈছে পাৰ্থিৱ সোণৰ সৈতে সংলগ্ন হৈ থকা আন এটা ষ্টেবলকইন। ডিজিক্স ডিষ্ট্ৰিবিউটেড স্বায়ত্তশাসিত সংগঠনে সোণৰ ভাণ্ডাৰ সংৰক্ষণ কৰে আৰু প্ৰতিটো DGX-ক এক আউন্স সোণৰ বিপৰীতে সংলগ্ন বা পেগ কৰে। ইয়াৰ অৰ্থ হৈছে আপুনি আপোনাৰ হাতত কিমানটা কইন আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ DGX হ'ল্ডিংসমূহ প্ৰকৃত পাৰ্থিৱ সোণৰ বাৰ হিচাপে উলিয়াই লব পাৰে।  

True USD (TUSD)

True USD হৈছে ষ্টেবলকইনৰ ভিতৰত আটাইতকৈ স্বচ্ছ কইনসমূহৰ ভিতৰত এটা কিয়নো ইয়াৰ ৰিজাৰ্ভবোৰ ক'হেন এণ্ড কোম্পানীৰ দ্বাৰা সম্পূৰ্ণৰূপে অডিট কৰা হয় যি হৈছে এক ক্ৰিপ্ট'কাৰেন্সী অডিট আৰু টেক্স ফাৰ্ম। TUSD-ৰ বজাৰ মূলধন 1.3 বিলিয়ন ডলাৰতকৈ বেছি আৰু ই অধিক বৃদ্ধি হৈ আছে।

Dai (DAI) 

ডিচেম্বৰ 2017-ত স্থাপিত, DAI ক্ৰিপ্ট' বজাৰৰ আটাইতকৈ মূল্যৱান ষ্টেবলকইনবোৰৰ ভিতৰত এটা হৈ পৰিছে। বেছিভাগ ষ্টেবলকইনৰ দৰে আমেৰিকান ডলাৰৰ সৈতে সংলগ্ন DAI-ক Ethereum ক্ৰিপ্ট'কাৰেন্সীৰ দ্বাৰা সমৰ্থন কৰা হয়। ফলস্বৰূপে ই DAI-ক এটা ফিয়েট মুদ্ৰাৰ নিশ্চয়তাৰ সৈতে আন এটা ক্ৰিপ্ট' সম্পদৰ দ্বাৰা সমৰ্থিত এক ক্ৰিপ্ট' সম্পদ হিচাপে গঢ়ি তোলে। 

Palladium কইন (XPD)

Palladium কইন হৈছে আটাইতকৈ আকৰ্ষণীয় ষ্টেবলকইন যি ইয়াৰ মূল্য পেলেডিয়ামৰ সৈতে সংযুক্ত কৰে। Palladium কইনৰ মূল্য পেলেডিয়ামৰ মূল্যৰ সৈতে সম্পৰ্কিত। ইয়াৰ উপৰিও আপুনি পেলেডিয়ামৰ এটা সম্পূৰ্ণ টুকুৰাৰ সলনি ভগ্নাংশ পেলেডিয়ামৰো গৰাকী হ'ব পাৰে।

Gemini Dollar (GUSD)

Gemini Dollar হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ামক সংস্থা এটাৰ দ্বাৰা স্বীকৃত কেইটামান ষ্টেবলকইনৰ ভিতৰত এটা যি ইয়াক ভৱিষ্যতৰ সম্ভাৱনাৰ বাবে এক উৎকৃষ্ট বিকল্প কৰি তোলে। GUSD-য়ে নিউয়ৰ্কৰ বেংকিং আইনৰ লগতে নিউয়ৰ্ক ষ্টেট ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল চাৰ্ভিচেছৰ নিয়ামক কৰ্তৃপক্ষক অনুসৰণ কৰে। Gemini USD-য়ে পৰম্পৰাগত বিত্তীয় প্ৰণালী আৰু ব্লকচেইন পৰিস্থিতিতন্ত্ৰৰ মাজত বিশ্বাস উন্নত কৰাৰ ওপৰতো কাম কৰি আছে।

Neutrino USD (USDN)

Neutrino USD হৈছে এক এলগৰিথম-আধাৰিত ষ্টেবলকইন যাৰ ক্ৰিপ্ট' মূল্য আমেৰিকান ডলাৰৰ মূল্যৰ দ্বাৰা নকল কৰা হয়। Neutrino-ক বহুতে বিচাৰে কিয়নো ই নিৰ্দিষ্ট বাস্তৱ-পৃথিৱীৰ সম্পদ, যেনে ৰাষ্ট্ৰীয় মুদ্ৰা বা সামগ্ৰীৰ সৈতে সংযুক্ত ষ্টেবলকইন সৃষ্টি কৰাত সহায় কৰে।

যদি আপুনি ভাবি আছে যে আপুনি এই ষ্টেবলকইনসমূহৰ ক'ত বিনিয়োগ কৰিব পাৰে তেনেহ'লে আমাৰ ওচৰত আপোনাৰ বাবে সঠিক সমাধান আছে। কেৱল আপোনাৰ একাউণ্টটো ভাৰতৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ বিশ্বাসযোগ্য ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জ ZebPay-ৰ সৈতে খোলক য'ত আপুনি 100+ কইনৰ মাজত আপোনাৰ পচন্দৰ ষ্টেবলকইনত বিনিয়োগ কৰিব পাৰে। ষ্টেবলকইনৰ সুবিধা লওক আৰু ZebPay-ৰ সৈতে আত্মবিশ্বাসেৰে ক্ৰিপ্ট'ৰ পৃথিৱীত প্ৰৱেশ কৰক। আপোনাৰ একাউণ্ট ইয়াত খোলক৷ 
First published: