உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • আপুনি Paytm ব্যৱহাৰ কৰে নেকি? ১ লাখ টকা জিকাৰ সুযোগ, জানক কেনেকৈ?

    আপুনি Paytm ব্যৱহাৰ কৰে নেকি? ১ লাখ টকা জিকাৰ সুযোগ, জানক কেনেকৈ?

    ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা প্লেটফৰ্ম Paytm–এ সোমবাৰে কয় যে তেওঁলোকে উৎসৱৰ বতৰত মাৰ্কেটিং অভিযানৰ বাবে ১০০ কোটি টকা নিৰ্ধাৰিত কৰিছে।

    ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা প্লেটফৰ্ম Paytm–এ সোমবাৰে কয় যে তেওঁলোকে উৎসৱৰ বতৰত মাৰ্কেটিং অভিযানৰ বাবে ১০০ কোটি টকা নিৰ্ধাৰিত কৰিছে।

    ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা প্লেটফৰ্ম Paytm–এ সোমবাৰে কয় যে তেওঁলোকে উৎসৱৰ বতৰত মাৰ্কেটিং অভিযানৰ বাবে ১০০ কোটি টকা নিৰ্ধাৰিত কৰিছে।

    • Share this:
    যদি আপুনি Paytm ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে ভাল খবৰ। উৎসৱৰ বতৰত Paytmৰ জৰিয়তে ১ লাখ টকাৰ পুৰস্কাৰ জিকাৰ সুযোগ লাভ কৰিব পাৰে। আচলতে, ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা প্লেটফৰ্ম Paytm–এ সোমবাৰে কয় যে তেওঁলোকে উৎসৱৰ বতৰত মাৰ্কেটিং অভিযানৰ বাবে ১০০ কোটি টকা নিৰ্ধাৰিত কৰিছে।

    ইয়াৰ ভিতৰত কেছবেক অফাৰ, ইউপিআইৰ প্ৰচাৰ, ‘এতিয়াই কিনক, পিছত পেমেণ্ট কৰক’ৰ পোষ্টপেইড সেৱা আৰু ৱালেট ব্যৱসায় অন্তৰ্ভুক্ত আছে। এই অভিযানৰ জৰিয়তে Paytm–এ গ্ৰাহকলৈ আগবঢ়াব বাম্পাৰ কেছবেক অফাৰ।

    কি এই অফাৰ?

    ইয়াৰ সৈতে কোম্পানীয়ে ইউপিআই আৰু বায় নাও, পে লেটাৰৰ ব্যাপক প্ৰচাৰৰ বাবে অভিযানো চলাব। কোম্পানীয়ে ভাৰতৰ প্ৰায় সকলো জিলাৰ গ্ৰাহকৰ বাবে মাৰ্কেটিং অভিযানৰ জৰিয়তে Paytm কেছবেক ধামাকাৰ আৰম্ভণি কৰিছে। Paytmৰ এই অভিযানৰ জৰিয়তে গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকৰ দৰে ৰাজ্যত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।

    প্ৰতিদিনে লাভ কৰিব ১০ লাখ টকা জিকাৰ সুবিধা

    এই অভিযানৰ জৰিয়তে মানুহক ডিজিটেল পেমেণ্টক উদগনি দিয়া আৰু ধন লেনদেন, Paytm ৱালেট আৰু Paytm পোষ্টপেইডৰ বাবে পেটীএম ইউপিআইৰ বিষয়ে কোৱা হ’ব। এই অভিযানৰ জৰিয়তে প্ৰতিদিনে ১০গৰাকী ভাগ্যৱান বিজেতাক ১ লাখ টকাকৈ পুৰস্কাৰ আগবঢ়োৱা হ’ব। ১০,০০০ বিজেতাক ১০০ টকাৰ কেছবেক লাভ কৰিব, আনহাতে, আন ১০,০০০ গ্ৰাহকে ৫০ টকাৰ কেছবেক লাভ কৰিব। এই অফাৰত দিপাৱলীৰ সময়ত (১–৩ নৱেম্বৰ) ব্যৱহাৰকাৰীয়ে দৈনিক ১০ লাখ টকালৈ জিকিব পাৰিব।

    কেনেকৈ পাব কেছবেক?

    এই অফাৰৰ লাভ উঠাবৰ বাবে আপুনি নিজৰ ম’বাইল, ব্ৰডবেণ্ড ডিটিএইচ ৰিচাৰ্জ, বিল পেমেণ্ট, মানি ট্ৰান্সফাৰ, যাত্ৰা টিকট বুকিং, ক্ৰেডিট কাৰ্ড বিলৰ পেমেণ্ট, মুভী টিকট বুকিং, ফাষ্টেগ পেমেণ্ট, অনলাইন আৰু অফলাইন ষ্ট’ৰৰ লেনদেন আদিৰ বাবে পেটীএম ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত, আপোনাক কোম্পানীৰ ফালৰ পৰা কেছবেক প্ৰদান কৰা হয়। যদি আফুনি দিপাৱলীৰ আশে–পাশে পেটীএমৰে বিল পেমেণ্ট বা কেছ ট্ৰান্সফাৰ কৰে, তেন্তে আপুনি কেছবেক পাব পাৰে।
    Published by:Sanjay Kumar Das
    First published: