মানুহৰ বিভিন্ন পোহনীয়া জন্তু পোহাৰ চখ থাকে (Pet Animals In The World )। কিছুমান জন্তুৰ দাম কম হয়, আনহাতে কিছুমান জন্তু ইমানেই উচ্চ দামত (Most Expensive Animals) বিক্ৰী হয় যে এইবিলাকৰ মূল্য জানিলে চকু কপালত উঠিব !
মানুহৰ বিভিন্ন পোহনীয়া জন্তু পোহাৰ চখ থাকে (Pet Animals In The World )। কিছুমান জন্তুৰ দাম কম হয়, আনহাতে কিছুমান জন্তু ইমানেই উচ্চ দামত (Most Expensive Animals) বিক্ৰী হয় যে এইবিলাকৰ মূল্য জানিলে চকু কপালত উঠিব !
বহু সময়ত কিছুমান জন্তুৱে সিহঁতৰ মূল্যৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰে।বৰ্তমান অষ্ট্ৰেলিয়া (Australia)ৰ এটা ছাগলীয়ে নিজৰ দামৰ বাবে চৰ্চা (World’s Most Expensive Goat) লাভ কৰিছে। মাৰাকেশ (Marrakesh) নামৰ এই ছাগলীটো ২১,০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ১৫.৬ লাখ টকা দামত বিক্ৰী কৰা হৈছে। যিয়েই ছাগলীটোৰ ইমান উচ্চ মূল্যৰ (Most Expensive Goat) কথা শুনিছে তেওঁৱেই এই কথা বিশ্বাস কৰিব পৰা নাই।
দ্য গাৰ্জিয়ান (The Guardian)ৰ এক প্ৰতিবেদন অনুসৰি, এই ছাগলীটো এণ্ড্ৰিউ মোছলে (Andrew Mosely) নামৰ এজন লোকে ক্ৰয় কৰিছে । এই ছাগলীটোৰ বিশেষত্ব হৈছে ই অত্যন্ত ষ্টাইলিছ (very stylish buck Marrakesh)। ছাগলীটোৰ পালকে তাক ইমান ভালদৰে লালন-পালন কৰিছিল যে যিয়ে ইয়াক দেখে তেওঁৱেই ছাগলীটোৰ প্ৰতি আকৰ্ষিত হয়।
ছাগলীটো পশ্চিম নিউ চাউথ ৱেলছ (New South Wales) চহৰৰ কোবাৰ (Cobar)ত নিলামৰ বাবে ৰখা হৈছিল, য'ত ইয়াক ইয়াৰ নতুন মালিক মোছলে নামৰ এজন লোকে ক্ৰয় কৰে। মোছলেই মাৰাকেশক ক্ৰয় কৰাৰ আগতেও তেওঁৰ ওচৰত অষ্ট্ৰেলিয়াৰ সৰ্বাধিক মূল্যৰ আৰু ছাগলী আছিল। তেওঁ ছাগলী পালন কৰি খুউব ভাল পায়। ইয়াৰ আগতে, যোৱা মাহত ব্ৰক নামৰ এটা ছাগলী বিক্ৰী কৰা হৈছিল, যাক আটাইতকৈ ব্যয়বহুল ছাগলী বুলি অভিহিত কৰা হৈছিল। ব্ৰকক $১২০০০ ডলাৰত ক্ৰয় কৰা হৈছিল। আনহাতে মোছলেই আগতে ৯,০০০ ডলাৰত আন এটা ছাগলীও কিনিছিল। মাৰাকেশৰ নতুন গৰাকী মোছলে কয় যে এই প্ৰজাতিৰ ছাগলীৰ সংখ্যা অতি কম, সেয়েহে সেইবোৰ যথেষ্ট বেছি দামত বিক্ৰী হয়। কোবৰত বিক্ৰীৰ সময়ত এই প্ৰজাতিৰ ১৭ টা ছাগলী আছিল।
Business News in Assamese Published by: Manjumoni Borah
First published: November 26, 2021, 19:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|