উইপ্ৰোৰ অধ্যক্ষ ঋষদ প্ৰেমজী (Wipro chairperson Rishad Premji)য়ে বুধবাৰে কয় যে কোম্পানীটোৱে যোৱা কেইমাহমানৰ ভিতৰত ৩০০ কৰ্মচাৰীয়ে মুনলাইটিং (moonlighting) কৰা আৰু অন্য প্ৰতিদ্বন্দ্বী কোম্পানীৰ বাবে কাম কৰাৰ তথ্য লাভ কৰিছে আৰু পুনৰ কয় যে উইপ্ৰো (Wipro)ত এনে লোকৰ বাবে কোনো স্থান নাই। পিছত তেওঁ কয় যে সেই কৰ্মচাৰীসকলক কোম্পানীটোৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। আই টি কোম্পানীটোৰ মূৰব্বীগৰাকীয়ে পূৰ্বে মুনলাইটিঙক ‘ঠগ’ (cheating)ৰ সৈতে তুলনা কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল যদিও তেওঁ এই বিষয়ত নিজৰ মতত অটল হৈ থাকিব বুলি কৈছিল।
আইমা (AIMA)ৰ এক অনুষ্ঠানত ভাষণ দি প্ৰেমজীয়ে কয়, “যদি আপুনি আচলতে মুনলাইটিঙৰ সংজ্ঞাটো চায়, তেন্তে ই হৈছে গোপনে দ্বিতীয়টো কাম কৰা...মই স্বচ্ছতাৰ সৈতে আছোঁ। স্বচ্ছতাৰ অংশ হিচাপে সংগঠনসমূহৰ ব্যক্তিসকলে অতি স্পষ্টভাৱে কথোপকথন কৰিব পাৰে।’
প্ৰেমজীয়ে কয় যে যিসকলে মুনলাইটিং কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু উক্ত কৰ্মচাৰীসকলক “সততা উলংঘাৰ”ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। যোৱা কেইমাহমানত ৩০০ জন লোকক ধৰা পেলোৱা হৈছিল।” প্ৰেমজীয়ে ইয়াক “গভীৰ ৰূপত সততাৰ সম্পূৰ্ণ উলংঘা” বুলি অভিহিত কৰে।
মুনলাইটিং (Moonlighting) মানে নিজৰ প্ৰথম কৰ্মক্ষেত্ৰৰ উপৰি একেসময়তে দ্বিতীয়টো কাম কৰি থকা।
প্ৰেমজীয়ে আৰু কয়, “উইপ্ৰো আৰু প্ৰতিদ্বন্দ্বী এক্স ৱাই জেডৰ বাবে কোনোবাই কাম কৰিবলৈ উইপ্ৰো কোনো স্থান নাই আৰু যদি কোনো কৰ্মচাৰীক একে পৰিস্থিতি আৱিষ্কাৰ কৰা হয় তেন্তে তেওঁলোকেও হুবহু পৰণতিৰ সন্মুখীন হ'ব।”
প্ৰেমজীয়ে এই বিষয়টোক “প্ৰতাৰণা”ৰ সৈতে একে বুলি উল্লেখ কৰি টুইট কৰাৰ পিছৰে পৰা ‘মুনলাইটিং’ৰ বিষয়টো আই টি উদ্যোগত এটা ডাঙৰ চৰ্চাৰ বিষয় হৈ পৰিছে। "এইটো প্ৰতাৰণা - সাধাৰণ আৰু সহজ।" প্ৰেমজীৰ এই টুইটে উদ্যোগটোৰ ভিতৰতে আলোড়নৰ সৃষ্টি কৰিছিল আৰু বহু আই টি কোম্পানীয়েই ইয়াক লৈ সচেষ্ট হৈ পৰিছিল।
যোৱা সপ্তাহত ইনফ’ছিছে (Infosys) নিজৰ কৰ্মচাৰীসকলক এটা বাৰ্তা দিছিল, দ্বৈত নিয়োগ বা ‘মুনলাইটিং’ৰ অনুমতি নাই বুলি জোৰ দিছিল আৰু সতৰ্ক কৰি দিছিল যে চুক্তিৰ দফাসমূহ উলংঘা কৰিলে যিকোনো অনুশাসনমূলক ব্যৱস্থাৰ গ্ৰহণ কৰা হ’ব “যিটোৱে আনকি চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে।” ভাৰতৰ দ্বিতীয় বৃহত্তম আই টি সেৱা কোম্পানী ইনফ’ছিছে যোৱা সপ্তাহত কৰ্মচাৰীসকললৈ এক শক্তিশালী আৰু দৃঢ় বাৰ্তাত এই কথা কৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|