মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »কিয় লাগে চৰকাৰী চাকৰি ? বহুতকে সংস্থাপন দিছে এগৰাকী অসমীয়া মহিলাই

কিয় লাগে চৰকাৰী চাকৰি ? বহুতকে সংস্থাপন দিছে এগৰাকী অসমীয়া মহিলাই

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জীয়াৰী ববিতাই পুনেত চাকৰি কৰা সময়ত মন কৰিছিল যে অসমৰ চাহৰ নামত বহুতে ভেজাল চাহ বিক্ৰী কৰে। ববিতাই ভাবিলে অসমৰ চাহক নতুন ৰূপত আগুৱাই নিব পাৰি নেকি ? 

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জীয়াৰী ববিতাই পুনেত চাকৰি কৰা সময়ত মন কৰিছিল যে অসমৰ চাহৰ নামত বহুতে ভেজাল চাহ বিক্ৰী কৰে। ববিতাই ভাবিলে অসমৰ চাহক নতুন ৰূপত আগুৱাই নিব পাৰি নেকি ? 

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জীয়াৰী ববিতাই পুনেত চাকৰি কৰা সময়ত মন কৰিছিল যে অসমৰ চাহৰ নামত বহুতে ভেজাল চাহ বিক্ৰী কৰে। ববিতাই ভাবিলে অসমৰ চাহক নতুন ৰূপত আগুৱাই নিব পাৰি নেকি ? 

  • Share this:
গুৱাহাটী, ১৫ মাৰ্চ: কিয় লাগে চৰকাৰী চাকৰি? চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি ফুৰাৰ পৰিৱৰ্তে বহুতক সংস্থাপন দিছে এগৰাকী অসমীয়া মহিলাই। আমাৰ সমাজত সাধাৰণতে এটা বিশেষ অভিযোগ উত্থাপিত হৈ আহিছে- অসমীয়া জাতি এলেহুৱা, এলেহুৱা অসমীয়াই কাম কৰিব নোৱাৰে।

যাৰ ফলস্বৰূপে বহিঃৰাজ্যৰ বহু লোকে অসমত পাতনি মেলিছে ব্যৱসায়ৰ। কাৰণ পথাৰ আৰু বজাৰত যেন বৰ্তমান অসমীয়াৰ আধিপত্য নাই। চৰকাৰী চাকৰিয়েই যেন অসমীয়া জাতিৰ শেষ ভৰসা।

ৰাজ্যত আছে বহু উপাদান কিন্তু আমাৰ সমাজৰ অধিকাংশই চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আমি আপোনালোকক জনাব খুজিছোঁ এগৰাকী ৩০ বছৰীয়া উদ্যমী যুৱতীয়ে কৰা কিছু কামৰ সম্পৰ্কে। যি নেকি নিজৰ ব্যৱসায়ৰ যোগেদি সংস্থাপন দিছে বহু নিবনুৱা অসমীয়াক।

বহিঃৰাজ্যত চাকৰি কৰা ববিতা দুৱৰাই অসমৰ পৰা আৰম্ভ কৰিলে ব্যৱসায়। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জীয়াৰী ববিতাই পুনেত চাকৰি কৰা সময়ত মন কৰিছিল যে অসমৰ চাহৰ নামত বহুতে ভেজাল চাহ বিক্ৰী কৰে। ববিতাই ভাবিলে অসমৰ চাহক নতুন ৰূপত আগুৱাই নিব পাৰি নেকি?

মন বান্ধিলে ববিতাই। সৰুৰে পৰাই চাহপাত সম্পৰ্কে বহু অভিজ্ঞতা আহৰণ কৰিছিল ববিতাই । সেয়ে পণ ল'লে নিজাববীয়াকৈ এটি অসমৰ ব্ৰেণ্ড সৃষ্টি কৰাৰ, য'ত নেকি ৰাজ্যৰ প্ৰকৃত চাহৰ সোৱাদ ল'ব পাৰিব প্ৰতিজন ব্যক্তিয়ে। সিদ্ধান্ত হ'ল।

ব্ৰেণ্ডৰ নাম দিলে 'নেইজলি' (NEIZLY) ৷  অসমৰ ভিন্ন প্ৰান্তত এতিয়া জনপ্ৰিয় 'নেইজলি' ব্ৰেণ্ডৰ চাহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত 'নেইজলি'এ আৰম্ভ কৰিলে ব্যৱসায়। প্ৰায় ২০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছে 'নেইজলি' ব্ৰেণ্ডে । ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰীত ৬ খন ব্যৱসায়িক প্ৰতিষ্ঠান আছে।

ইয়াত প্ৰতিগৰাকী গ্ৰাহকে একাপ চাহৰ সোৱাদ ল'বলৈ আহে। হয়, ভিন্ন প্ৰকাৰৰ চাহ বিক্ৰীৰ কেন্দ্ৰ হৈ পৰিছে প্ৰতিষ্ঠানটো। কেজি হিচাপত চাহত ১৫০ টকাৰ পৰা ৩৫০০ টকালৈ চাহ বিক্ৰী কৰে 'নেইজলি'এ । ইয়াৰোপৰি মাটিৰ কাপত গ্ৰাহকেপতি কাপত ১০ টকাৰ পৰা ৫০ টকাৰ বিনিময়ত বহুকেইটা ব্ৰেণ্ডৰ চাহৰ জুতি ল'ব পাৰে।

অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনৰ বাবে ব্যৱস্থা কৰিছে 'নেইজলি'এ । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিষ্ঠানটোৰ শাখাৰ খুলিবলৈ আপুনিও যোগাযোগ কৰিব পাৰে ৮৮১২৮৪৩৬৩১ নম্বৰত।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি