মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »Cancelled Cheque : টকা পইচাৰ লেন-দেনত কিয় বিচৰা হয় কেনচেল্ড চেক ! জানোঁ আহক ইয়াৰ সবিশেষ...

Cancelled Cheque : টকা পইচাৰ লেন-দেনত কিয় বিচৰা হয় কেনচেল্ড চেক ! জানোঁ আহক ইয়াৰ সবিশেষ...

কেনচেল্ড চেক দিয়াৰ অৰ্থ হৈছে , আপুনি যিটো বেংকৰ চেক দিছে, তাত আপোনাৰ একাউণ্ট থকাৰ প্ৰমাণ। ইয়াৰ জড়িয়তে বেংকত আপোনাৰ একাওণ্ট সুৰক্ষিত আছেনে নাই জানিব পাৰি।

কেনচেল্ড চেক দিয়াৰ অৰ্থ হৈছে , আপুনি যিটো বেংকৰ চেক দিছে, তাত আপোনাৰ একাউণ্ট থকাৰ প্ৰমাণ। ইয়াৰ জড়িয়তে বেংকত আপোনাৰ একাওণ্ট সুৰক্ষিত আছেনে নাই জানিব পাৰি।

কেনচেল্ড চেক দিয়াৰ অৰ্থ হৈছে , আপুনি যিটো বেংকৰ চেক দিছে, তাত আপোনাৰ একাউণ্ট থকাৰ প্ৰমাণ। ইয়াৰ জড়িয়তে বেংকত আপোনাৰ একাওণ্ট সুৰক্ষিত আছেনে নাই জানিব পাৰি।

  • Share this:
অনলাইন ট্ৰানজেকছনৰ সময়ত চেক (Cheque)ৰ  ডাঙৰ ভূমিকা আছে। সচৰাচৰ বীমা, মিউছুৱেল ফাণ্ড আৰু বহুতো কামত কেনচেল্ড চেক বিচৰা হয়। কিন্তু বহুলোকে কেনচেল্ড চেক কিয় বিচৰা হয় আৰু কেনেকৈ লিখিলে এখন কেনচেল্ড চেকে বৈধতা পায় সেই বিষয়ে নেজানে। বেংক কৰ্তৃপক্ষই এই বিষয়ে কয় যে, কেনচেল্ড চেকৰ প্ৰয়োগে নিজৰ বেংক একাউণ্ট নিৰ্দিষ্ট বেংকত থকাৰ প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে চেকৰ লেন-দেন সাধাৰণ প্ৰক্ৰিয়াৰে কৰা নহয়, চেকৰ এক বিশেষ ধৰণৰ প্ৰক্ৰিয়াৰ জড়িয়তে Cancelled Chequeৰ ৰূপত প্ৰয়োগ কৰা হয়। জানোঁ আহক কেনচেল্ড চেকৰ লগত জড়িত কিছুমান বিশেষ কথা...

কেনচেল্ড চেক কিয় বিচৰা হয়?

কেনচেল্ড চেক বিছৰাৰ অৰ্থ হ'ল, আপুনি যিটো বেংকৰ চেক দিছে সেই বেংকত আপোনাৰ একাউণ্ট থকাৰ এটা প্ৰমাণ। ইয়াত আপোনাৰ নাম, একাউণ্ট নম্বৰ, ব্ৰান্সৰ নাম আৰু এমআইচিআৰ নম্বৰ আছে। ইয়াৰ জড়িয়তে বেংকত আপোনাৰ একাউণ্ট সুৰক্ষিত আছে বুলি জানিব পাৰি।

কেনেকুৱা চেকক কেনচেল্ড চেক বুলি ধৰা হয়?

বিশেষজ্ঞ সকলে কয় যে, চেক এখনক তেতিয়াহে কেনচেল্ড চেক বুলি কোৱা যায় যেতিয়া দুটা সমান্তৰাল ৰেখা টনা থাকে আৰু তাৰ মাজেৰে কেনচেল্ড লিখা থাকিব।

এই চেকেৰে একাউণ্টৰ পৰা টকা উলিয়াব পৰি নেকি?

এই চেকৰ দ্বাৰা টকা উলিয়াব নোৱাৰি। যি কোনো এখন চেক কেনচেল্ড চেক কৰিবলৈ হ'লে কেৱল দুডাল সমান্তৰাল ৰেখা টানিব লাগে আৰু তাৰ মাজত "Cancelled" বুলি লিখিব লাগিব। কেনচেল্ড চেকত চহী কৰাৰ প্ৰয়োজন নাই।

এখন চেক কেনচেল্ড কৰাৰ শুদ্ধ উপায় কি?

বেংক কৰ্তৃপক্ষই কৈছে যে,কেৱল সমান্তৰাল ৰেখা টানিলেই এখন চেক কেনছেল্ড চেক হৈ নাযায়। দুয়োডাল ৰেখাৰ মাজেৰে "Cancelled" এই ইংৰাজি শব্দটো লিখিবই লাগিব। ইয়াৰ উপৰি লিখিবলৈ ব্যৱহাৰ কৰা কলমৰ চিয়াঁহী ক'লা বা নীলা হ'ব লাগিব। অন্য কোনো ৰঙৰ চিয়াঁহী গ্ৰহণযোগ্য নহয়।

কি কি ক্ষেত্ৰত কেনচেল্ড চেক বিচৰা হয়?

যদি আপুনি হোম লোণ, গাড়ীৰ লোণ, পাৰ্চনেলল লোণ আদি ল'ব বিচাৰে তেতিয়া বংকে আপোনাৰ বৰা কেনচেল্ড চেক বিচাৰিব।

১. বীমা পলিচী কিনাৰ সময়ত বীমা কোম্পানীয়ে আপোনাৰ পৰা কেনচেল্ড চেক বিচাৰিব।

২.অফলাইনত পিএফৰ টকা উলিয়াবলৈ খুজিলে কেনচেল্ড চেক বিচৰা হয়।

৩.ইয়াৰ জড়িয়তে এইটো প্ৰমাণ কৰা হয় যে, ফৰ্মত উল্লেখিত বেংকৰ একাউণ্ট নম্বৰটো আপোনাৰেই।

৪. মিউছুৱেল ফাণ্ড কৰাৰ সময়ত ইনভেষ্টমেণ্ট কোম্পানীয়ে কেনচেল্ড চেক বিচাৰে।

৫.ইলেকট্ৰনিক্স ক্লিয়াৰেন্স ছাৰ্ভিছৰ বাবে ৰেজিষ্টাৰ কৰাৰ সময়তো কেনছেল্ড চেকৰ প্ৰয়োজন হয়।

শেহতীয়া বাতৰি