• Home
  • »
  • News
  • »
  • business
  • »
  • Double Your Money: আপোনাৰ হাতত থকা টকা দুগুণ কৰিব বিচাৰে নেকি? জমা কৰক এই চৰকাৰী আঁচনিত; জানক সবিশেষ

Double Your Money: আপোনাৰ হাতত থকা টকা দুগুণ কৰিব বিচাৰে নেকি? জমা কৰক এই চৰকাৰী আঁচনিত; জানক সবিশেষ

ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ ত্ৰিমাসিক ভিত্তিত পৰ্যালোচনা কৰা হয়। বেঞ্চমাৰ্ক চৰকাৰী বণ্ডৰ গতিৰ লগত সংগতি ৰাখি সংশোধন ঘটে। ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰৰ সুতৰ হাৰ চলিত মাহৰ শেষৰ ফালে সিদ্ধান্ত লোৱা হ’ব।

  • Share this:
ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ সুতৰ হাৰ চলিত সপ্তাহৰ শেষৰ ফালে সংশোধন কৰিবলৈ ওলাইছে চৰকাৰ। তেনে এখন আঁচনি হৈছে কিষাণ বিকাশ পত্ৰ (KVP), যিখন ১৯৮৮ চনত ইণ্ডিয়া পোষ্টে আৰম্ভ কৰিছিল। KVPয়ে বৰ্তমান সঞ্চয়ৰ ওপৰত বছৰি ৬.৯ শতাংশ সুত প্ৰদান কৰে আৰু ইয়াৰ মেচিউৰিটি পিৰিয়ড ১০ বছৰ ৪ মাহ (মুঠ ১২৪ মাহ)। মেচিউৰিটি সময়ছোৱাত আঁচনিখনত বিনিয়োগ কৰা ধনৰাশি দুগুণ হয়।

যিকোনো ভাৰতীয় প্ৰাপ্তবয়স্কই নিজৰ নামত বা নাবালক আৰু তিনিজন প্ৰাপ্তবয়স্কৰ হৈ যৌথভাৱে এই আঁচনিৰ সুবিধা ডাকঘৰৰ শাখাৰ লগতে অনলাইনতো লাভ কৰিব পাৰিব। অনলাইনৰ বাবে ইণ্ডিয়া পোষ্টৰ ৱেবছাইট চাব লাগিব বা ইণ্টাৰনেট বেংকিঙত লগইন কৰিব লাগিব। ‘কিষাণ বিকাশ পত্ৰ (Kisan Vikas Patra)’ নিৰ্বাচন কৰি KVP Form-A ডাউনলোড কৰি পূৰ কৰাৰ পিছত KYCৰ নথি-পত্ৰৰ সৈতে বেংক/ ডাকঘৰত জমা দিব লাগে।

জমাকাৰীয়ে নূন্যতম ১০০০ টকা বিনিয়োগ কৰিব পাৰে আৰু ১০০ টকাৰ বহুগুণিত যিকোনো ৰাশি এটা একাউণ্টত জমা কৰিব পাৰে। প্ৰমাণ পত্ৰ ক্ৰয় কৰাৰ কোনো সৰ্বোচ্চ সীমা নাই। যদিও ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে কিষাণ বিকাশ পত্ৰ আৰম্ভ কৰা হৈছিল,  ২০১৪ চনত ৫০ হাজাৰতকৈ অধিক বিনিয়োগৰ বাবে পেন কাৰ্ড বাধ্যতামূলক আৰু ১০ লাখতকৈ অধিক বিনিয়োগৰ বাবে আয়ৰ উৎসৰ প্ৰমাণকে ধৰি কেইবাটাও পৰিৱৰ্তন কৰি ইয়াক পুনৰ আৰম্ভ কৰা হৈছিল।

এই আঁচনিৰ অধীনত আয়কৰৰ কোনো সুবিধা লাভ কৰিব নোৱাৰিব। কিন্তু জমা ধন উলিওৱাৰ সময়ত টেক্স ডিডাকচন এট ছ’ৰ্চ (TDS)ৰ পৰা ৰেহাই দিয়া হৈছে। যদিও এই আঁচনিখনৰ মেচিউৰিটি পিৰিয়ড ১২৪ মাহ, প্ৰমাণপত্ৰ প্ৰদানৰ তাৰিখৰ পৰা আঢ়ৈ বছৰ (৩০ মাহ)ৰ পিছত নগদ ধন সংগ্ৰহ কৰিব পাৰিব।

কিষাণ বিকাশ পত্ৰৰ প্ৰমাণ পত্ৰ ব্যক্তিৰ পৰা ব্যক্তিলৈ, এটা ডাকঘৰৰ পৰা আন এটালৈ, ভাৰতৰ যিকোনো ঠাইত হস্তান্তৰযোগ্য।

২০২০-২১ চনৰ প্ৰথম ত্ৰৈমাসিকৰ পৰা PPF, সুকন্যা সমৃদ্ধি যোজনা (Sukanya Samriddhi Yojana), জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (Senior Citizens Savings Scheme)কে ধৰি ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। এতিয়া দেশত সুতৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে ফিক্সড ডিপ’জিট (fixed deposits(FD)ৰ দৰে সঞ্চয় আগৰ তুলনাত বৃদ্ধি পোৱা হাৰ আগবঢ়াইছে। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ চলিত সপ্তাহৰ শেষৰ ফালে, ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰৰ বাবে পৰ্যালোচনা কৰা হ’ব।

ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ ত্ৰিমাসিক ভিত্তিত পৰ্যালোচনা কৰা হয়। বেঞ্চমাৰ্ক চৰকাৰী বণ্ডৰ গতিৰ লগত সংগতি ৰাখি সংশোধন ঘটে। ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰৰ সুতৰ হাৰ চলিত মাহৰ শেষৰ ফালে সিদ্ধান্ত লোৱা হ’ব।

পূৰ্বৰ পৰ্যালোচনাত চৰকাৰে ২০২২ চনৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকৰ বাবে সুতৰ হাৰ অপৰিৱৰ্তিত কৰি ৰাখিছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি