ইয়াক সংযোগ কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্বেচ্ছামূলক অৰ্থাৎ ভোটাৰসকলক সংযোগ কৰিবলৈ বাধ্য কৰা নহ'ব।
ইয়াক সংযোগ কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্বেচ্ছামূলক অৰ্থাৎ ভোটাৰসকলক সংযোগ কৰিবলৈ বাধ্য কৰা নহ'ব।
ভাৰতৰ নিৰ্বাচন আয়োগে আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰিবলৈ এটা বিশেষ অভিযান আৰম্ভ কৰিছে। আয়োগে দাবী কৰিছে যে এই কাৰ্যৰ দ্বাৰা ভোটাৰ তালিকাৰ নকল কাৰ্যৰ পৰা আঁতৰত থাকিব পৰা যাব আৰু নিৰ্বাচনৰ ৰিগিং প্ৰতিৰোধ কৰাত সহায় কৰিব।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নিৰ্বাচনী আইন সংশোধনৰ বাবে এখন বিধেয়ক আনিছিল। উক্ত বিধেয়কখন সংসদৰ দ্বাৰা গৃহীত হৈছে আৰু এতিয়া এখন আইনত পৰিণত হৈছে। ইয়াৰ পিছত ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ পথ পৰিষ্কাৰ কৰা হৈছে। অৱশ্যে, ইয়াক সংযোগ কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্বেচ্ছামূলক অৰ্থাৎ ভোটাৰসকলক সংযোগ কৰিবলৈ বাধ্য কৰা নহ'ব।
NVSP পৰ্টেলত ভোটাৰ আইডি-আধাৰ যোগ
১) আধাৰ আৰু ভোটাৰ পৰিচয় পত্ৰ লিংক কৰিবলৈ প্ৰথমতে, আপুনি NVSP (ৰাষ্ট্ৰীয় ভোটাৰ সেৱা পৰ্টেল)ত পঞ্জীয়ন কৰিব লাগিব – www.nvsp.in
২) এতিয়া পৰ্টেলৰ হোম পেজত ইলেক্ট'ৰেল ৰোলত ক্লিক কৰক।
৩) তাৰ পিছত আপোনাৰ ভোটাৰ আইডিৰ বিৱৰণ দাখিল কৰক।
৪) এতিয়া, সোঁফালে ফিড আধাৰ নম্বৰ ক্লিক কৰক আৰু আধাৰ কাৰ্ডৰ বিৱৰণ আৰু ইপিআইচি (EPIC) নম্বৰ দাখিল কৰক।
৫) ইয়াৰ পিছত আপোনাৰ পঞ্জীয়নভুক্ত ম'বাইল নম্বৰ বা ইমেইললৈ এটা অ'টিপি আহিব।
৬) আপুনি সেই অ'টিপি দাখিল কৰাৰ লগে লগে, স্ক্ৰীণত আধাৰ আৰু ভোটাৰ আইডি লিংক হোৱা নটিফিকেশ্যনটো ওলাব।
এছএমএছৰ জৰিয়তে ভোটাৰ আইডি-আধাৰ লিংক কৰকঃ
আপুনি ভোটাৰ আইডি-আধাৰ লিংকৰ বাবে অনুৰোধ কৰি ১৬৬ বা ৫১৯৬৯লৈ এছএমএছ প্ৰেৰণ কৰিব লাগিব। এছএমএছৰ এটা বিশেষ ফৰ্মেট থাকিব য'ত ভোটাৰ পৰিচয় পত্ৰ নম্বৰ দিয়াৰ পাছত _ লিখি আধাৰ নম্বৰৰে ১৬৬ বা ৫১৯৬৯ লৈ এছএমএছ প্ৰেৰণ কৰিব লাগিব।
কল(Call)ৰ জৰিয়তে ভোটাৰ আইডি-আধাৰক লিংক কৰকঃ
আপুনি কল চেণ্টাৰৰ নম্বৰত ফোন কৰি ভোটাৰ আইডি আৰু আধাৰ সংযোগ কৰিব পাৰে। আপোনাৰ ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ডৰ বিষয়ে তথ্য দি ১৯৫০ নম্বৰত ফোন কৰি দুয়োটা লিংক কৰিব পাৰিব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|