உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Old Woman Story: ১০১ বছৰীয়া বৃদ্ধাই কৰে পৃথিৱীৰ 'আটাইতকৈ বিপদজনক কাম', মৃত্যুলৈকে এই কাম কৰি থকাৰ ঘোষণা

    Old Woman Story: ১০১ বছৰীয়া বৃদ্ধাই কৰে পৃথিৱীৰ 'আটাইতকৈ বিপদজনক কাম', মৃত্যুলৈকে এই কাম কৰি থকাৰ ঘোষণা

    101 Years Old Woman Lobster Catcher : "মই যেতিয়া এই কামটো কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া সমাজত ইয়াক কেৱল পুৰুষে কৰা কাম বুলিয়ে গণ্য কৰা হৈছিল।"

    101 Years Old Woman Lobster Catcher : "মই যেতিয়া এই কামটো কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া সমাজত ইয়াক কেৱল পুৰুষে কৰা কাম বুলিয়ে গণ্য কৰা হৈছিল।"

    101 Years Old Woman Lobster Catcher : "মই যেতিয়া এই কামটো কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া সমাজত ইয়াক কেৱল পুৰুষে কৰা কাম বুলিয়ে গণ্য কৰা হৈছিল।"

    • Share this:
    পৃথিৱীৰ প্ৰতিটো বৃত্তি বা চাকৰিৰ কিছুমান নিজা সুবিধা-অসুবিধা থাকে। বহুত চাকৰিৰ ক্ষেত্ৰত বিপদ বা শংকা কম থাকে আৰু বহুতৰ ক্ষেত্ৰত অতি বেছি বিপদ থাকে। তেনে এটা কাম হৈছে লবষ্টাৰ (Lobster Catching Job) অৰ্থাৎ বৃহদাকাৰ মিছা মাছ ধৰা কাম। সাগৰৰ পৰা মিছা মাছ ধৰি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে এই কাম অত্যন্ত প্ৰত্যাহ্বানমূলক হয়, কিয়নো এনেদৰে মিছা মাছ ধৰােঁতে আঘাত পোৱাৰ আশংকা যথেষ্ট বেছি থাকে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ (America)ৰ এগৰাকী  বৃদ্ধা মহিলা (Old Woman)ই এই কামটোক একেবাৰে ভয় নকৰাকৈ ৯৪ বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে কৰি আহিছে।

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাইনে (Maine)ৰ ভাৰ্জিনিয়া অলিভাৰ (Vir ginia Oliver)ৰ নামৰ  ১০১ বছৰ বয়সীয়া এইগৰাকী বৃদ্ধাই লবষ্টাৰ কেচাৰ (101 Years Old Woman Lobster Catcher) হিচাপে কাম কৰি আহিছে। তেওঁ ৭ বছৰ বয়সৰ পৰাই এই কাম কৰিবলৈ আৰম্ভ কৰিছিল। সুদীৰ্ঘকাল এই কাম কৰাৰ পাছতো তেওঁৰ আমনি লগা নাই ভবা নাই অৱসৰৰ কথাও। তেওঁ কয় যে তেওঁ মৰালৈকে এই কাম অব্যাহত ৰাখিব বিচাৰে। ডেইলী ষ্টাৰৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয়, "মই মৰালৈকে এইটো কাম কৰিম আৰু সেই দিনটো কেতিয়া আহিব মই নাজানোঁ।" অলিভাৰে কৈছিল যে তেওঁক এতিয়ালৈকে কেইবাবাৰো মিছামাছে কামুৰিছে যাৰ ফলত তেওঁৰ শৰীৰত ৭ বাৰ চিলাইও পৰিছে। অলিভাৰে তেওঁৰ কৰ্ম জীৱনৰ কথা সুঁৱৰি কয় যে যেতিয়াই তেওঁ চিকিৎসকৰ ওচৰলৈ যায়, প্ৰত্যেক বাৰেই চিকিৎসকসকলে কয় যে আপুনি লবষ্টাৰৰ ওচৰলৈ যায় কিয় ?

    অলিভাৰে কয়,  মই এইটো কাম কৰিয়ে ডাঙৰ হৈছোঁ। এইটো কাম মোৰ বাবে একেবাৰেই কঠিন নহয়। তেওঁ কৈছিল যে যেতিয়া তেওঁ এই কাম কৰিবলৈ আৰম্ভ কৰিছিল সেই সময়ত এনেধৰণৰ কাম কৰিবলৈ কোনো মহিলা আগবাঢ়ি অহা নাছিল। তেওঁ কৈছিল, "মই যেতিয়া এই কামটো কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া সমাজত ইয়াক কেৱল পুৰুষে কৰা কাম বুলিয়ে গণ্য কৰা হৈছিল।"



    "মই মোৰ দেউতাৰ সৈতে এইটো কাম কৰিবলৈ আৰম্ভ কৰিছিলো।"  ভাৰ্জিনিয়া অলিভাৰে এতিয়া তেওঁৰ  ৭৮ আৰু ৭৯ বছৰীয়া দুই পুত্ৰৰ সৈতে মিছা মাছ ধৰে। অলিভাৰৰ পুত্ৰই এটা ৱেবছাইটৰ সৈতে কথা বতৰাত কৈছিল যে তেওঁৰ মাতৃয়ে এই কামৰ পৰা নিজেও অৱসৰ ল'ব নিবিচাৰে বা তেওঁৰ দুই পুত্ৰকো অৱসৰ ল'বলৈ নিদিয়ে। যেতিয়াই দুয়ো পুত্ৰই   অৱসৰ লোৱাৰ কথা কয়, তেওঁলোকৰ মাতৃয়ে প্ৰতিবাৰেই কয়, তেওঁলোকৰ হয়তো মূৰৰ গণ্ডগোল হৈছে । অলিভাৰৰ দুই পুত্ৰই কৈছিল যে তেওঁলোকৰ নাওখনৰ বছ তেওঁলোকৰ মাক আৰু তেওঁৱেই এই পৰ্য্যন্ত ব্যৱসায়ৰ সকলোখিনি চোৱাচিতা কৰে।
    Published by:Manjumoni Borah
    First published: