যি সময়ত এটা সাধাৰণ চাকৰিৰ বাবে বহু নিৱনুৱা যুৱক-যুৱতীয়ে বহি:ৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে পশ্চিম নলবাৰীৰ এজন যুৱকে চাকৰি বাদ দি কেঁচুসাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।
গুজৰাটৰ অৰ্গেনিক বায়'ফাৰ্মত তিনিবছৰ চাকৰি কৰা পশ্চিম নলবাৰীৰ সন্ধেলী- মাক্ৰাপাৰৰ যুবক তপন ডেকাই চাকৰি বাদ দি ঘৰতে কেঁচুসাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । গুজৰাটৰ কৃষি বায়'টেক লিমিটেডত ৬ মাহ প্ৰশিক্ষণ লৈ তাত ৩ বছৰকাল চাকৰি কৰা তপনে কেঁচুসাৰ কিদৰে উৎপাদন কৰিব পাৰি সেয়া আয়ত্ত কৰিবলৈ অশেষ কষ্ট কৰিব লগীয়া হৈছে।
তপন ডেকাই ২০০৭ চনত Bikas Vermi Compost নাম দি একক প্ৰচেষ্টাৰে নিজা কৰ্মত নামি বৰ্তমান সাতজন কৰ্মচাৰীৰ সহিতে পত্নী- পুত্ৰৰ লগত সুখেৰে জীৱন নিৰ্বাহ কৰি আছে । ইয়াৰ লগতে অঞ্চলটোৰ ছয় সাতটা পৰিয়ালক সংস্থাপন দিছে তপন ডেকাই । অঞ্চলটোৰ বিভিন্ন আত্মসহায়ক গোটৰ লগতে ৰাজ্যৰ বাহিৰলৈ গৈও জৈৱিক পদ্ধতিৰ কেঁচুসাৰ উৎপাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিভিন্নজনক ।
কেঁচুসাৰ বিক্ৰী কৰি বছৰি ৬ লাখ টকা উপাৰ্জন কৰে বুলি জানিব দিয়ে তপন ডেকাই । তপন ডেকাৰ কৃষিকৰ্ম আৰু কেঁচুসাৰ উৎপাদনে এতিয়া উৎসাহিত কৰিছে নিবনুৱা যুৱক-যুৱতী সকলক । নিবনুৱাৰ বাবে তপন ডেকা হৈ পৰিছে এতিয়া আদৰ্শ স্বৰূপ । বৰ্তমান সময়ত তপন ডেকাৰ ফাৰ্মত উৎপাদিত কেঁচুসাৰ ৰাজ্যৰ বাহিৰলৈও ৰপ্তানি কৰা হয় ।এইক্ষেত্ৰত চৰকাৰীভাৱে কিছু সা-সুবিধা লাভ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে ।
Published by: Kokil Sarma
FIRST PUBLISHED : March 29, 2023, 21:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।