যদিও ৰাছিয়াই গুলী, বোমা আৰু মিছাইলেৰে কেৱল ইউক্ৰেইনতহে আক্ৰমণ কৰিছে, কিন্তু ইয়াৰ পৰিণাম সমগ্ৰ বিশ্বই ভূগিবলগীয়া হৈছে। মাত্ৰ দুখন দেশৰ যুদ্ধই সমগ্ৰ বিশ্বৰ অৰ্থনীতিত কঁপনি তুলিছে। ভাৰততো এই যুদ্ধৰ পৰিণাম দেখা গৈছে। ইতিমধ্যে মূল্যবৃদ্ধিত জৰ্জৰিত জনতাক যেন খোলাৰ পৰা নি তপত অঙঠাতহে পেলাই দিলে এই যুদ্ধই। ইউক্ৰেইনত আক্ৰমণ আৰম্ভ হোৱাৰ কিছুদিন পিছৰ পৰাই সকলোধৰণৰ সামগ্ৰীৰেই দাম বাঢ়িছে হোৰাহোৰে। বজাৰত এনেয়ে জুই লাগি আছিল আকৌ এই যুদ্ধই যে মূল্যবৃদ্ধিৰ জুইত ঘিউহে ঢালিলে। শাক-পাচলি, ফলমূল, নিৰ্মাণ সামগ্ৰী, ঔষধ আদিকে ধৰি সকলোধৰণৰ সামগ্ৰীতে কম-বেছি পৰিমাণত দাম বাঢ়িছে। বিশেষকৈ খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে সকলো সামগ্ৰীৰে দাম উৰ্ধগামী কৰি তুলিছে। ইয়াৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) দিছে আন এক দুঃসংবাদ।
শুকুৰবাৰে RBIয়ে কয় যে আন্তৰ্জাতিক বজাৰত যদি খাৰুৱা তেলৰ মূল্য আৰু ১০ শতাংশও বাঢ়ে তেন্তে মূল্যবৃদ্ধি ৰোধ কৰাতো প্ৰায় দুৰূহ হৈ পৰিব। ।দি প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১০০ ডলাৰতকৈ ১০ শতাংশও বাঢ়ে তেন্তে মুদ্ৰাস্ফীতি আকৌ বাঢ়িব আৰু তাৰ পৰিণাম ভূগিব লাগিব গৃহিণীসকলে।
শুকুৰবাৰে দিল্লীত প্ৰতি কিলোগ্ৰাম নেমুটেঙা (Lemon )ৰ দাম ২৫০ টকা হৈছেগৈ। সাধাৰণতে ১০০ টকাৰ ভিতৰত থকা নেমুৰ দাম যোৱা সপ্তাহত প্ৰতি কেজিত ২০০ টকা আছিল। একেদৰে যোৱা সপ্তাহলৈ ২৫-৩০ টকা দামৰ বিলাহী এতিয়া ৪০ টকা হৈছেগৈ। কিছুদিন আগলৈ ১০ টকা দৰত বিক্ৰী হৈ থকা আলুৰ দাম এতিয়া ২৫ ডকা হৈছেগৈ।
উল্লেখ্য যে অলপতে আমূলে (Amul) গাখীৰৰ জাম বৃদ্ধি কৰিছিল। অন্য ব্ৰেণ্ডবোৰেও বঢ়াইছিল দাম।
ইয়াৰ মাজতে RBIয়ে কয় যে আন্তৰ্জাতিক বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি আৰু লজিষ্টিকেল বাধ্যবাধকতাৰ বাবে কৃষি, মেনুফেকচাৰিং আৰু সেৱাখণ্ডৰ ব্যয় বৃদ্ধি হ'ব পাৰে।
RBIয়ে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৫.৭ শতাংশ অনুমান কৰিছে। যোৱা বছৰ এই হাৰ আছিল ৪.৫ শতাংশ।
উল্লেখ্য যে RBIয়ে মুদ্ৰাস্ফীতিৰ হাৰ ২ৰ পৰা ৬ শতাংশৰ ভিতৰত সীমিত ৰাখিব লাগে। কিন্তু ফেব্ৰুৱাৰী মাহত CPI (Consumer Price Index) আধাৰিত মুদ্ৰাস্ফীতি আছিল ৬.০৭ শতাংশ আৰু জানুৱাৰীত আছিল ৬.০১ শতাংশ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|