UPI Payment Charges: ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (Unified Payment Interface) বা UPIয়ে ভাৰতৰ লেন-দেন ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰিছে, য’ত অধিক সংখ্যক গ্ৰাহকে ব্যৱস্থাটোৰ জৰিয়তে পেমেণ্ট কৰিবলৈ চাইন আপ কৰিছে। বৰ্তমান UPIৰ জৰিয়তে কৰা লেনদেন বিনামূলীয়া হ’লেও ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) এতিয়া UPIৰ লেনদেনৰ ওপৰত মাছুল আৰোপ কৰাৰ সম্ভাৱনাৰ বিষয়ে অংশীদাৰসকলৰ পৰা মতামত বিচাৰিছে।
১৭ আগষ্ট বুধবাৰে RBIয়ে ভাৰতত বিভিন্ন পেমেণ্ট ব্যৱস্থাত চাৰ্জৰ ওপৰত নিজৰ নীতিসমূহ গঠন কৰিবলৈ আৰু মাছুলৰ কাঠামো সুশৃংখলিত কৰিবলৈ পেমেণ্ট সেৱা/কাৰ্যৰ ওপৰত এখন আলোচনা পত্ৰ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত আছে UPI, IMPS (Immediate Payment Service), NEFT (National Electronic Funds Transfer), RTGS (Real-Time Gross Settlement) আৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (PPIs)।
“প্ৰাপ্ত প্ৰতিক্ৰিয়াৰ ভিত্তিত RBIয়ে নিজৰ নীতিসমূহৰ গঠন আৰু দেশৰ বিভিন্ন পেমেণ্ট সেৱা / কাৰ্য্যকলাপৰ বাবে চাৰ্জৰ কাঠামো সুশৃংখলিত কৰাৰ প্ৰয়াস কৰিব। এই পৰ্যায়ত পুনৰবাৰ কোৱা হৈছে যে এই আলোচনা কাকতত উত্থাপন কৰা বিষয়সমূহৰ ওপৰত ৰিজাৰ্ভ বেংকে কোনো মতামত গ্ৰহণ কৰা নাই আৰু কোনো নিৰ্দিষ্ট মতামতো নাই।’- আলোচনা কাকতত আৰ বি আইয়ে কয়।
UPIৰ পেমেণ্টৰ ওপৰত চাৰ্জ আৰোপ কৰিব লাগে নে নাই সেই সন্দৰ্ভত আৰ বি আইয়ে কিছুমান দিশ বাছনি কৰিছে। “ইউপিআই হৈছে এটা ধন হস্তান্তৰৰ লগতে এটা ব্যৱসায়ী পেমেণ্ট ব্যৱস্থা যিয়ে বিভিন্ন অংশগ্ৰহণকাৰীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি পেমেণ্ট লেনদেনৰ নিষ্পত্তিৰ সুবিধা প্ৰদান কৰে।”
“ফাণ্ডছ ট্ৰেন্সফাৰ চিষ্টেম হিচাপে UPI হৈছে IMPSৰ দৰেই। গতিকে এইটো যুক্তি দিব পাৰি যে UPIত থকা চাৰ্জসমূহ ফাণ্ড ট্ৰেন্সফাৰ লেনদেনৰ বাবে IMPSত থকা চাৰ্জৰ সৈতে একে হোৱাটো প্ৰয়োজন। বিভিন্ন পৰিমাণৰ বেণ্ডৰ ওপৰত ভিত্তি কৰি এটা স্তৰযুক্ত চাৰ্জ আৰোপ কৰিব পাৰি।’-কেন্দ্ৰীয় বেংকটোৱে কয়।
চলিত বৰ্ষৰ ৩ অক্টোবৰৰ ভিতৰত ৰিজাৰ্ভ বেংকে অংশীদাৰসকলৰ পৰা সঁহাৰি আৰু পৰামৰ্শ বিচাৰিছে।
‘ইউপিআই লেনদেনৰ বাবে চাৰ্জ সন্দৰ্ভত আৰ বি আইয়ে নিৰ্দেশনা জাৰি কৰা নাই। চৰকাৰে ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ UPI লেনদেনৰ বাবে শূন্য চাৰ্জ ফ্ৰেমৱৰ্ক বাধ্যতামূলক কৰিছে।অৰ্থাৎ UPIত চাৰ্জ ব্যৱহাৰকাৰী আৰু ব্যৱসায়ীসকলৰ বাবে একেদৰেই শূন্য। এই আলোচনা পত্ৰখনৰ উদ্দেশ্য সাধাৰণ মতামত আহৰণ কৰা বুলি মনত ৰাখি কি পদ্ধতি গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে কেইটামান প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।’
ইউপিআই ব্যৱহাৰ কৰি ব্যৱসায়ী পেমেণ্টৰ বাবে ব্যৱসায়ীসকলে ব্যয়বহুল আন্তঃগাঁথনি স্থাপনৰ প্ৰয়োজন নাই কাৰণ ইউপিআইৰ QR ক’ড ব্যৱহাৰ কৰা হয়। আৰ বি আইয়ে জনায় যে, “কাৰ্ড ভিত্তিক গ্ৰহণ আন্তঃগাঁথনিত হোৱা খৰচৰ তুলনাত ইউ পি আইৰ বাবে ব্যৱসায়িক আন্তঃগাঁথনিৰ খৰচ কম।”
ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (UPI) হৈছে এটা ব্যৱস্থা যিয়ে একাধিক বেংক একাউণ্টক এটা মোবাইল এপ্লিকেচনলৈ (যিকোনো অংশগ্ৰহণকাৰী বেংকৰ) শক্তি প্ৰদান কৰে, কেইবাটাও বেংকিং বৈশিষ্ট্য, নিৰৱচ্ছিন্ন ফাণ্ড ৰুটিং আৰু ব্যৱসায়ী পেমেণ্টসমূহক এটা হুডত একত্ৰিত কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|