চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (Centre for Monitoring Indian Economy (CMIE)ৰ তথ্য অনুসৰি দেশৰ নিবনুৱাৰ হাৰ (unemployment rate) এপ্ৰিলত ৭.৮৩ শতাংশলৈ বৃদ্ধি পাইছে, যি আগৰ মাহত ৭.৬০ শতাংশ আছিল। হাৰিয়ানাত সৰ্বাধিক নিবনুৱাৰ হাৰ 34.5 শতাংশ, তাৰ পিছত ৰাজস্থানত 28.8 শতাংশ।
তথ্য অনুসৰি, নগৰাঞ্চলত চাকৰিহীনতাৰ হাৰ (joblessness rate) আগৰ মাহৰ 8.28 শতাংশৰ তুলনাত এপ্ৰিলত 9.22 শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে গ্ৰাম্য নিবনুৱাৰ হাৰ 7.29 শতাংশৰ পৰা 7.18 শতাংশলৈ হ্ৰাস পাইছে।
চাকৰিৰ সুযোগবোৰ (Job opportunities) মন্থৰ ঘৰুৱা চাহিদা আৰু বৰ্ধিত মূল্যৰ মাজত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ লেহেম গতিৰ দ্বাৰা প্ৰভাৱিত হৈছে, চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (CMIE)য়ে কয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|