உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Opinion : মূল্যবৃদ্ধি; খুচুৰা ব্যৱসায়ীৰ ওপৰত যোগান বিভাগৰ নিয়ন্ত্ৰণ নথকাৰ অভিযোগ, প্ৰায় ৮ লাখ কোটি টকাৰ ঋণ মাফ কৰি দিয়াটোও মূল্যবৃদ্ধিৰ অন্যতম কাৰণ নেকি !

    Opinion : মূল্যবৃদ্ধি; খুচুৰা ব্যৱসায়ীৰ ওপৰত যোগান বিভাগৰ নিয়ন্ত্ৰণ নথকাৰ অভিযোগ, প্ৰায় ৮ লাখ কোটি টকাৰ ঋণ মাফ কৰি দিয়াটোও মূল্যবৃদ্ধিৰ অন্যতম কাৰণ নেকি !

    খুচুৰা ব্যৱসায়ীৰ ওপৰত নিয়ন্ত্ৰণ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ । সেয়েহে পাইকাৰী মূল্য একে থাকিলেও খুচুৰা ব্যৱসায়ীসকলে নিজ খেয়াল খুচী মতে লৈ আহিছে বিভিন্ন সামগ্ৰীৰ মূল্য ।

    খুচুৰা ব্যৱসায়ীৰ ওপৰত নিয়ন্ত্ৰণ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ । সেয়েহে পাইকাৰী মূল্য একে থাকিলেও খুচুৰা ব্যৱসায়ীসকলে নিজ খেয়াল খুচী মতে লৈ আহিছে বিভিন্ন সামগ্ৰীৰ মূল্য ।

    খুচুৰা ব্যৱসায়ীৰ ওপৰত নিয়ন্ত্ৰণ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ । সেয়েহে পাইকাৰী মূল্য একে থাকিলেও খুচুৰা ব্যৱসায়ীসকলে নিজ খেয়াল খুচী মতে লৈ আহিছে বিভিন্ন সামগ্ৰীৰ মূল্য ।

    • Share this:
    শেহতীয়াকৈ মূল্যবৃদ্ধি (Price Rise)য়ে যেন অভিলেখ গঢ়িছে ! মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ লোকক । মূল্যবৃদ্ধিক লৈ বিভিন্ন মহলত চলিছে চৰ্চা । চৰকাৰৰ প্ৰতিনিধিসকলৰ তুলুঙা মন্তব্যৰ বিপৰীতে শেহতীয়াকৈ আন কেতবোৰ বিষয়ক লৈ উত্থাপন হৈছে প্ৰশ্ন। বিমূদ্ৰাকৰণ (Demonetisation) আৰু লাখ লাখ কোটি টকাৰ ঋণ মাফৰ সৈতে সম্পৰ্ক আছে নেকি মূল্যবৃদ্ধিৰ ! আনহাতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত খোদ খুচৰা বিক্ৰেতাই প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ তথ্য।

    সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যই অভিলেখ গঢ়িছে । দৈনিক বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য (Price Rise of Essential Commodities) । এক প্ৰকাৰ যেন অনিয়ন্ত্ৰিত হৈ পৰিছে মূল্যবৃদ্ধি । চৰকাৰী পক্ষৰ তুলুঙা মন্তব্যৰ বিপৰীতে খুচুৰা ব্যৱসায়ীয়ে উদঙাইছে বজাৰত জুই জ্বলাৰ অন্তৰালৰ অন্যতম কাৰণ । খুচুৰা ব্যৱসায়ীৰ ওপৰত নিয়ন্ত্ৰণ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ । সেয়েহে পাইকাৰী মূল্য একে থাকিলেও খুচুৰা ব্যৱসায়ীসকলে নিজ খেয়াল খুচী মতে লৈ আহিছে বিভিন্ন সামগ্ৰীৰ মূল্য । অৰ্থাৎ বজাৰত একেবিধ সামগ্ৰীৰে খুচুৰা মূল্য বিভিন্ন দোকানত বেলেগ বেলেগ ।

    "বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণৰ অসচেতনতা বহু পৰিমাণে দায়ী। সামগ্ৰীসমূহৰ পাইকাৰী মূল্য একে হলেও একেটা অঞ্চলতে খুচুৰা ব্যৱসায়ীসকলে নিজ খেয়াল খুচীমতে মূল্য আদায় কৰি আহিছে ।" যোৰহাট নগৰৰ গেলামাল ব্যৱসায়ী নকুল তালুকদাৰে এনেদৰে কয় ।

    আনহাতে দেশজুৰি অনিয়ন্ত্ৰিত হৈ পৰা মূল্যবৃদ্ধিৰ জুইকুৰা সন্দৰ্ভত বিশেষ মন্তব্য আগবঢ়াইছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামী (Rana Goswami)য়ে । বিমূদ্ৰাকৰণৰ পিছৰে পৰা দেশত মূল্যবৃদ্ধি আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে অনিয়ন্ত্ৰিত হৈ আছে বুলি নিউজ18ত মত ব্যক্ত কৰিছে গোস্বামীয়ে । আনহাতে বিগত কেইবছৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ কেইবাগৰাকী উদ্যোগপতিৰ প্ৰায় ৭ লাখ ৯৪ কোটি টকাৰ বেংক ঋণ মাফ কৰি দিয়াৰ ফলত ইয়াৰ প্ৰভাৱ দেশৰ অৰ্থনীতিত পৰিছে আৰু এই ঘটনাও মূল্যবৃদ্ধিৰ এক অন্যতম কাৰণ ৰূপে অভিহিত কৰিছে ৰাণা গোস্বামীয়ে ।

    মূল্যবৃদ্ধিৰ কাৰণ যিয়েই নহওক , ইয়াৰ ফলত যে জনসাধাৰণ বিতুষ্ট হৈ পৰিছে সেয়া খাটাং । এই সন্দৰ্ভত চৰকাৰৰ ওচৰত নিৰ্দিষ্ট কোনো উত্তৰ নথকা বাবেই একাংশ জনপ্ৰতিনিধিয়ে তুলুঙা মন্তব্য দি অহা বুলি চৰ্চা চলিছে জনসাধাৰণৰ মাজত ।
    Published by:Manjumoni Borah
    First published: