• Home
  • »
  • News
  • »
  • business
  • »
  • India to Vietnam : থাইলেণ্ড, ছিংগাপুৰ ভ্ৰমণৰ বাবে যাওক মাত্ৰ ২৬ টকাত, বিমানৰ টিকট ক্ৰয়ৰ অ'ফাৰ সোনকালেই সমাপ্ত হ'ব

India to Vietnam : থাইলেণ্ড, ছিংগাপুৰ ভ্ৰমণৰ বাবে যাওক মাত্ৰ ২৬ টকাত, বিমানৰ টিকট ক্ৰয়ৰ অ'ফাৰ সোনকালেই সমাপ্ত হ'ব

''এই টিকট ভাৰত, কোৰিয়া ৰিপাব্লিক, জাপান, ইণ্ডোনেছিয়া (বালি), থাইলেণ্ড, ছিংগাপুৰ, মালয়েছিয়াৰ আকৰ্ষণীয় গন্তব্যস্থানৰ বাবে দিয়া হয়।''

''এই টিকট ভাৰত, কোৰিয়া ৰিপাব্লিক, জাপান, ইণ্ডোনেছিয়া (বালি), থাইলেণ্ড, ছিংগাপুৰ, মালয়েছিয়াৰ আকৰ্ষণীয় গন্তব্যস্থানৰ বাবে দিয়া হয়।''

''এই টিকট ভাৰত, কোৰিয়া ৰিপাব্লিক, জাপান, ইণ্ডোনেছিয়া (বালি), থাইলেণ্ড, ছিংগাপুৰ, মালয়েছিয়াৰ আকৰ্ষণীয় গন্তব্যস্থানৰ বাবে দিয়া হয়।''

  • Share this:
যদি আপোনাক কোনোবাই কয় যে ২৬ টকাৰে বিমানৰ টিকট লৈ বিদেশ ভ্ৰমণ কৰিব পাৰি, তেন্তে বিশ্বাস কৰিবনে? হয়তো নকৰে। কিন্তু এই কথাটো একেবাৰে সঁচা। ভিয়েটনামৰ বিমান সংস্থা ভিয়েটজেটে এটা অফাৰ আগবঢ়াইছে, যাৰ অধীনত আপুনি ৭৭০০ ভিয়েটনামী ডঙৰ বাবে ঘৰুৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমানৰ টিকট বুকিং কৰিব পাৰিব (Vietjet announces flight tickets offer)।

ভিয়েটনামৰ মুদ্ৰাৰ মূল্য ভাৰতৰ তুলনাত কম। গতিকে ৭৭০০ ভিয়েটনামী ডং ভাৰতীয় হিচাপত ২৬ টকাৰ ওচৰ চাপিছে। চীনা ভেলেণ্টাইন ডে' হিচাপে উদযাপন কৰা ডাবল ৭ উৎসৱ উপলক্ষে এই অ'ফাৰ লৈ আহিছে ভিয়েটজেটে। এই অফাৰ মতে বুকিঙৰ শেষ দিন ১৩ জুলাই। এই বুকিং আৰম্ভ হৈছিল ৭ জুলাইৰ পৰা।

কেতিয়া আৰু ক’ত উৰা মাৰিব
১৩ জুলাইলৈকে যাত্ৰীসকলে টিকট বুকিং কৰিব পাৰিব। এই টিকটসমূহ ২০২২ চনৰ ১৫ আগষ্টৰ পৰা ২০২৩ চনৰ ২৬ মাৰ্চলৈ বুকিং কৰা হ’ব। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা ক্ষেত্ৰতে টিকট বুকিং কৰিব পাৰিব। ভিয়েটজেটে নতুন দিল্লী/মুম্বাই-হানয় আৰু নতুন দিল্লী/মুম্বাই-হো চি মিন চহৰকে ধৰি ভিয়েটনাম আৰু ভাৰতৰ মাজত চাৰিটা সেৱা চলায়। প্ৰতি সপ্তাহত এই পথসমূহত ৩-৪খন বিমান চলাচল কৰে (Travel from India to Vietnam at Rs 26!)। কোম্পানীটোৱে ক্ৰমে ৩ জুনৰ পৰা ৪ জুনৰ পৰা মুম্বাই-হানয় পথ আৰু মুম্বাই-হো চি মিন চহৰ পথত নতুন বিমান সেৱাৰ কথা ঘোষণা কৰিছিল। ২০২২ চনৰ ৯ ছেপ্টেম্বৰৰ পৰা প্ৰতি সোমবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে মুম্বাই-ফুক’ক পথত ৪খন সাপ্তাহিক বিমান সেৱা আৰম্ভ হ’ব। নতুন দিল্লী আৰু ফুক’কৰ মাজতো সেৱা আৰম্ভ হ’ব ২০২২ চনৰ ৯ ছেপ্টেম্বৰৰ পৰা। এই বিমানসমূহ প্ৰতি বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে হ’ব।

কোনবোৰ পথৰ বাবে টিকট?
ভিয়েটজেটৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি এই প্ৰচাৰমূলক টিকটসমূহ ভিয়েটনামৰ ঘৰুৱা পথ আৰু আন্তঃৰাষ্ট্ৰীয় পথ দুয়োটাতে প্ৰযোজ্য হ’ব। বিমান সংস্থাটোৰ ৱেবছাইটত কোৱা মতে, ''এই টিকট ভাৰত, কোৰিয়া ৰিপাব্লিক, জাপান, ইণ্ডোনেছিয়া (বালি), থাইলেণ্ড, ছিংগাপুৰ, মালয়েছিয়াৰ আকৰ্ষণীয় গন্তব্যস্থানৰ বাবে দিয়া হয়।'' ২০২২ চনৰ ১৫ আগষ্টৰ পৰা ২০২৩ চনৰ ২৬ মাৰ্চলৈকে বিমানৰ সময়সীমা থাকিব। ইয়াত ৰাষ্ট্ৰীয় বন্ধৰ দিন অন্তৰ্ভুক্ত কৰা হোৱা নাই।

টিকট ক'ৰ পৰা কিনিব
আপুনি Vietjet ৰ ৱেবছাইট www.vietjetair.comত গৈ এই টিকটসমূহ কিনিব পাৰিব। ইয়াৰ উপৰি ভিয়েটজেট এয়াৰ মোবাইল এপ বা বেছবুকৰ বুকিং ছেকচন (www.facebook.com/vietjetvietnam)লৈ গৈও টিকট ক্ৰয় কৰিব পাৰিব।
Published by:Gautam Barman
First published: