Petrol-Diesel price today : পেট্ৰ’ল–ডিজেলৰ দাম (Petrol diesel rate) একেৰাহে বঢ়াৰ পিছত বিগত কিছুদিন পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় স্থিৰ হৈ আছে। তেল কোম্পানীয়ে (IOCL) আজি পেট্ৰ’ল–ডিজেলৰ নতুন ৰেট জাৰি কৰিছে। IOCLৰ ৰেট মতে আজিও পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো সলনি হোৱা নাই।
কিন্তু আজি দেশৰ ৰাজধানী দিল্লী (Delhi)ত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত (Petrol Price) ১০৩.৯৭ৰ পৰা কমি ৯৫.৪১ টকা হৈছে আৰু ডিজেল লিটাৰত পূৰ্বৰ দৰেই ৮৬.৬৭ টকা হৈ আছে।
গুৱাহাটী (Guwahati)ত আজি পেট্ৰ’ল প্ৰতি লিটাৰত ৯৪.৫৮ টকা আৰু ডিজেল লিটাৰত ৮১.২৯ টকা।
>> দিল্লীত পেট্ৰ’ল লিটাৰত ৯৫.৪১ টকা আৰু ডিজেল লিটাৰত ৮৬.৬৭ টকা।
>> মুম্বাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৯.৯৮ টকা আৰু ডিজেল লিটাৰত ৯৪.১৪ টকা।
>> চেন্নাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা হৈ আছে।
>> কলকাতাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল লিটাৰত ৮৯.৭৯ টকা হৈ আছে ।
>> গান্ধীনগৰত পেট্ৰ’ল ৯৫.৩৫ টকা আৰু ডিজেল লিটাৰত ৮৯.৩৩টকা হৈ আছে ।
>> পোৰ্টব্লেয়াৰত পেট্ৰ’ল ৮২.৯৬ টকা আৰু ডিজেল লিটাৰত ৭৭.১৩ টকা হৈ আছে ।
উল্লেখ্য যে, প্ৰতি দিনে পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়।
কেনেকৈ জানিব দাম?
পেট্ৰ’ল–ডিজেলৰ শেহতীয়া দাম আপুনি SMSৰ জৰিয়তে জানিব পাৰে (How to check petrol-diesel price daily)। ইণ্ডিয়ান অইলৰ কাষ্টমাৰে RSP লিখি 9224992249 নম্বৰত আৰু বিপিচিএলৰ উপভোক্তাই RSP লিখি 9223112222 নম্বৰত পঠিয়াই তথ্য আহৰণ কৰিব পাৰে। এচপিচিএলৰ উপভোক্তাই HPPrice লিখি 9222201122 নম্বৰত পঠিয়াই ৰেট জানিব পাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|