உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Titan EyeX Smart Glasse: বজাৰত এইবাৰ স্মাৰ্ট চশমা, স্মাৰ্টফোনৰ দৰে যিবোৰ সুবিধা পাব এই চশমাত, মূল্যও তেনেই কম

    Titan EyeX Smart Glasse: বজাৰত এইবাৰ স্মাৰ্ট চশমা, স্মাৰ্টফোনৰ দৰে যিবোৰ সুবিধা পাব এই চশমাত, মূল্যও তেনেই কম

    ইয়াৰ দ্বাৰা যেতিয়াই বিচাৰে ছেলফি লোৱাৰ লগতে গান শুনিব পাৰে। এই স্মাৰ্ট চশমা সকলো অভিনৱ বৈশিষ্ট্যৰ সৈতে বজাৰলৈ আহিছে।

    ইয়াৰ দ্বাৰা যেতিয়াই বিচাৰে ছেলফি লোৱাৰ লগতে গান শুনিব পাৰে। এই স্মাৰ্ট চশমা সকলো অভিনৱ বৈশিষ্ট্যৰ সৈতে বজাৰলৈ আহিছে।

    ইয়াৰ দ্বাৰা যেতিয়াই বিচাৰে ছেলফি লোৱাৰ লগতে গান শুনিব পাৰে। এই স্মাৰ্ট চশমা সকলো অভিনৱ বৈশিষ্ট্যৰ সৈতে বজাৰলৈ আহিছে।

    • Share this:
    ডিজিটেল যুগত আপুনি যি দিশতে চাওক, সকলোতে প্ৰযুক্তিৰ স্পৰ্শ আছে। স্মাৰ্টফোন, স্মাৰ্টগাড়ীৰ পিছত প্ৰযুক্তি জগতত আন এটা আৱিষ্কাৰ হৈছে স্মাৰ্ট চশমা। কেইদিনমান আগতে অপোৱে স্মাৰ্ট চশমা মুকলি কৰাৰ পিছত শেহতীয়াকৈ আগশাৰীৰ আইকেয়াৰ চেইন টাইটান আই প্লাছেও (Titan Eye+) ভাৰতীয় বজাৰত টাইটান আই এক্স (‘EyeX’ ) নামৰ এটা নতুন স্মাৰ্ট চশমা মুকলি কৰিছে।

    কি  কি সুবিধা আছে 

    ইয়াৰ দ্বাৰা যেতিয়াই বিচাৰে ছেলফি লোৱাৰ লগতে গান শুনিব পাৰে। এই স্মাৰ্ট চশমা সকলো অভিনৱ বৈশিষ্ট্যৰ সৈতে বজাৰলৈ আহিছে। আপুনি স্মাৰ্ট চশমাৰ জৰিয়তে কল কৰাৰ বিকল্পও পাব। এটা শব্দত প্ৰকাশ কৰিবলৈ হ'লে এই স্মাৰ্ট চশমাই আপোনাক স্মাৰ্টফোনৰ দৰে সুবিধা প্ৰদান কৰে। অত্যাধুনিক বৈশিষ্ট্যৰ এক ক্ষুদ্ৰ সংস্কৰণ স্মাৰ্ট চশমাত কোৱালকম চিপছেট (Qualcomm-chipset) ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰি এই স্মাৰ্ট গ্লাছত বিভিন্ন লেন্সৰ বাবে অডিঅ', পেডোমিটাৰ, টাচ্ছ কনট্ৰ'ল, ট্ৰু-ওয়াৰলেছ (TWS) আৰু অ'পেন ইয়াৰ স্পিকাৰ তথা CVC (ক্লিয়াৰ ভইচ কেপচাৰ) আছে। স্মাৰ্ট চশমাত ব্লুটুথ সংস্কৰণ 5.0 আৰু ডাইনেমিক ভলিউম কনট্ৰ'ল আছে।

    কিমান মূল্য

    বজাৰত অত্যাধুনিক চশমাযোৰ মিডনাইট ব্লেক কালাৰত উপলব্ধ। স্মাৰ্ট চশমাযোৰ সকলো Titan Eye+ দোকান আৰু টাইটান আই+ অফিচিয়েল ৱেবছাইটৰ পৰা ক্ৰয় কৰিব পাৰি। স্মাৰ্ট গ্লাছ টাইটান আইএক্সৰ বাবে ভাৰতীয় মুদ্ৰাত ৯,৯৯৯ টকা ব্যয় হ'ব।
    Published by:Gautam Barman
    First published: