পশ্চিম বংগ (West Bengal)ৰ পূব মিদনাপুৰত এটা মাছেই এজন মাছমৰীয়াৰ জীৱন ধন্য কৰি তুলিলে। 'তেলিয়া ভোলা' নামৰ এই বিশাল মাছ (Big Fish)টো দেওবাৰে শিবাজী কবীৰ নামৰ এজন মাছমৰীয়া (Fisherman)ই ধৰিছিল। দীঘাত মাছৰ বজাৰৰ ডাকত ৫৫ কেজি ওজনৰ এই মাছটো ১৩ লাখ টকাত বিক্ৰী হৈছিল। মাছটো এটা বিদেশী ফাৰ্মে ক্ৰয় কৰিছিল। এই বহুমূলীয়া মাছৰ পৰা তৈয়াৰ কৰা হয় জীৱন ৰক্ষাকাৰী ঔষধ। সেইবাবেই ইমান ব্যয়বহুল এই তেলিয়া ভোলা মাছ। সাধাৰণতে এই প্ৰজাতিৰ মাছ কেৱল গভীৰ সাগৰতহে পোৱা যায়। পাৰলৈ খুব কমেইহে আহে।
দেওবাৰে ধৰা পৰা মাছটো মাইকী আৰু গৰ্ভৱতী আছিল। ইয়াৰ কণীৰ ওজন আছিল পাঁচ কিলোগ্ৰাম। দীঘাত এই মাছটো চাবলৈ বিশাল জনসমাগম গোট খাইছিল। ইয়াৰ নিবিদা তিনি ঘণ্টা ধৰি চলিছিল। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত মাছমৰীয়াৰ জালত আবদ্ধ হৈছিল ১২১টা তেলীয়া ভোলা মাছ। প্ৰত্যেকটো মাছৰ ওজন আছিল প্ৰায় ১৮ কেজিকৈ। ইমান দামী কিয়
তেলীয়া ভোলা মাছটো ইমান দামী হোৱাৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ইয়াৰ পেটটো। ইয়াত বহুতো উপকাৰী উপাদান পোৱা যায়। এই মাছৰ আটাইতকৈ ডাঙৰ ক্ৰেতা হৈছে ফাৰ্মাচিউটিকেল কোম্পানী। এই মাছৰ পেটত থকা চৰ্বিৰ পৰা বহুতো জীৱন ৰক্ষাকাৰী ঔষধ তৈয়াৰ কৰা হয়। বিদেশী বজাৰত এই মাছৰ চাহিদা ব্যাপক। ইয়াৰ ৰং সোণালী।
এই প্ৰজাতিৰ মাছ গভীৰ সাগৰত পোৱা যায়। কিন্তু প্ৰজনন বতৰত উপকূলীয় অঞ্চল, ওচৰৰ নৈ আদিতো ইয়াক পোৱা যায়। ইয়াৰ ছয় দিন পূৰ্বে এটা মতা তেলীয়া মাছ ৯ লাখ টকাত বিক্ৰী হৈছিল। দীঘা মাছমৰীয়া আৰু মাছ ব্যৱসায়ী সন্থাৰ সদস্য নবকুমাৰ পাইৰাই কয় যে অতি কম জালত এই মাছ ধৰা পৰে।
জানুৱাৰীত একেলগে উদ্ধাৰ হৈছিল ১২১টা মাছ
চলিত বৰ্ষৰ জানুৱাৰী মাহতো মাছমৰীয়াৰ জালত আবদ্ধ হৈ আছিল ১২১টা ‘তেলীয়া ভোলা’ মাছ। এই মাছৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছিল। এই প্ৰতিটো মাছৰ ওজন আছিল ১৮ কিলোগ্ৰাম বা তাতকৈ অধিক। ২০২১ চনতো মাছমৰীয়াই দীঘা উপকূলৰ পৰা ৩০টা তেলীয়া মাছ পাইছিল, যিটো এক কোটিত নিলাম কৰা হৈছিল।