உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Salary Hike and Promotion : কাম নকৰাকৈয়ে দৰমহা বৃদ্ধি লগতে পদোন্নতিও, কাৰ ইমান ভাগ্য! পিছে সম্ভৱ কেনেকৈ

    Salary Hike and Promotion : কাম নকৰাকৈয়ে দৰমহা বৃদ্ধি লগতে পদোন্নতিও, কাৰ ইমান ভাগ্য! পিছে সম্ভৱ কেনেকৈ

    সাংকেতিক ছবি

    সাংকেতিক ছবি

    Salary Hike and Promotion : এনে এজন লোক আমাৰ মাজতেই আছে যি মাত্ৰ ৫ মিনিটমান কাম কৰিয়েই দৰমহাও বঢ়াব পাৰে আৰু পদোন্নতিও পায়। এই লোকজন হৈছে এজন ৰেড্ডিট (Reddit) ইউজাৰ।

    • Share this:
    সাধাৰণতে এজন লোকে হাড়ভগা শ্ৰম কৰি কাম কৰে আৰু বছৰৰ শেষত দৰমহা বৃদ্ধি (Salary Hike)ৰ আশাৰে বাট চাই থাকে। নিষ্ঠাৰে কাম কৰা কৰ্মচাৰীয়ে পদোন্নতিৰো (Salary Hike and Promotion) আশা কৰে। কিন্তু বহু সময়ত কৰ্মচাৰীৰ এই আশাবোৰ পুৰণ নহয়। খুউব কম সংখ্যক লোকৰহে এনে সৌভাগ্য হয়। পিছে আপুনি সেইজন লোকক কি বুলি ক'ব যিজনে প্ৰায় কাম নকৰাকৈয়ে মাহিলী দৰমহাও পায়, ইনক্ৰীমেণ্টো পায় আৰু লগতে পায় পদোন্নতিও। তেওঁ নিশ্চয় পৰম ভাগ্যৱান হ'ব লাগিব নাইবা কোনো অন্য দুনীয়াৰ মানুহ হ'ব ছাগে!।

    পিছে নহয়, এনে এজন লোক আমাৰ মাজতেই আছে যি মাত্ৰ ৫ মিনিটমান কাম কৰিয়েই দৰমহাও বঢ়াব পাৰে আৰু পদোন্নতিও পায়। এই লোকজন হৈছে এজন ৰেড্ডিট (Reddit) ইউজাৰ। লোকজনে নিজেই ৰাজহুৱা কৰিছে তেওঁৰ কামৰ গোপন ৰহস্যৰ কথা। পিছে কিয় এই কথা ৰাজহুৱা কৰিলে সেয়া জনাৰ আগতে জানি লওক তেওঁ কৰিছিল কি?

    এই লোকজনে ২০২১৫ চনত এটা কোম্পানীত ডাটা এণ্ট্ৰী অপাৰেটৰ (Data Entry Operator)ৰ কামৰ বাবে নিযুক্ত হৈছিল। নিশাৰ ছিফ্টত কাম কৰাৰ দায়িত্ব আছিল লোকজনৰ। লোকজনৰ কাম আছিল কোম্পানীটোৰ অৰ্ডাৰবোৰৰ ডিটেইলছবোৰ কেম্পানীটোৰ ছিষ্টেমত আপলোড কৰা।  কামত যোগদান কৰাৰ পিছতে দুমাহমানৰ এটা প্ৰশিক্ষণো লৈছিল লোকজনে। নিজৰ কামৰ দায়িত্ব লৈয়েই লোকজনে এইটো বুজি পাইছিল যে তেওঁ কৰিব লগা কামখিনি কম্পিউটাৰ অটোমেচনৰ জৰিয়তে অটোমেটিকভাৱেই কৰিব পাৰি। তেওঁ লগে লগে এজন ফ্ৰীলাঞ্চ কোডাৰক লগ ধৰিলে আৰু তেওঁৰ দ্বাৰা এটা ছফ্টৱেৰ তৈয়াৰ কৰি ল'লে যিটোৱে নিজে নিজেই তেওঁৰ কৰিবলগীয়া কামখিনি কৰিব পাৰে। এই কাটোৰ বাবে তেওঁ দুই মাহৰ দৰমহা দিব লগা হৈছিল।

    লোকজনে নিজৰ ফালৰ পৰা মাত্ৰ এটাই কাম কৰিবলগীয়া হৈছিল। সেইটো হৈছে এদিনত প্ৰতিঘণ্টাত তেওঁ কিমান ডাটা আপলোড কৰিব সেইটো ঠিক কৰি দিয়া। এই কামটো ৫ মিনিটমানৰ ভিতৰত কৰাৰ পিছত লোকজনৰ আৰু কৰিবলগীয়া একো কাম নাথাকে। তাৰ পিছত তেওঁ হয় চিনেমা চাবলৈ যায়, ফুৰিবলৈ যায়, নাইবা ঘৰৰ কাম বা নিজৰ অন্য কাম কৰে। এক প্ৰকাৰ তেওঁ একো কামেই নকৰে।

    এনেদৰেই লকজনে ৫ বছৰ কোম্পানীটোতত কাম কৰি আছিল। ইয়াৰ মাজতে তেওঁৰ কামত সন্তুষ্ট হৈ কোম্পানীয়ে তেওঁৰ দৰমহাও বৃদ্ধি কৰিছিল আৰু পদোন্নতিও দিছিল। দিনৰ সময়ত কাম কৰিবলৈ সুবিধাজনক পদবীও দিছিল। কিন্তু অতি বিনয়েৰে সেই পদোন্নতি প্ৰত্যাখ্যান কৰিছিল লোকজনে আৰু নিশাৰ ছিফ্টতেই কাম কৰিছিল। লোকজনৰ কামৰ দক্ষতাক লৈ সতীৰ্থ কৰ্মচাৰীসকলে তেওঁক চেৰ পেলাবলৈ বহু চেষ্টা কৰিছিল যদিও সেয়া প্ৰায় অসম্ভ আছিল।

    কিন্তু কথাতে কোৱা হয় যে সকলো ভাল কামৰো শেষ আছে। আৰু ওই লোকজনৰ সৈতেও তেনেকুৱাই হ'ল। কোম্পানীটোৱে এনেকুৱা এটা ছিষ্টেম আনি ল'লে যিটোৰ পিছত ডাটা এণ্ট্ৰী কৰা লোকৰ দৰকাৰ নোহোৱা হ'ল। ফলত এই লোকজনৰো চাকৰি ইমানতেই অন্ত পৰিল। ৫ বছৰ চাকৰি কৰাৰ পিছত কোম্পানীয়ে তেওঁক সসন্মানে বিদায় দিয়ে। কোম্পানীৰ লেপটপ আৰু অন্য সামগ্ৰীও তেওঁক উপহাৰ হিচাপে দি দিয়ে।

    উল্লেখ্য যে লোকজনে নিজৰ এই গোপন কৰ্ম পদ্ধতিৰ কথা আনকি নিজৰ পত্নীকো কোৱা নাছিল। এতিয়া চাকৰি যোৱাৰ পিছত এই কথা ৰাজহুৱা কৰিছে লোকজনে। উল্লেখ্য যে নিজৰ এই কোডৰ বিষয়ে কোম্পানীৰ মেনেজাৰক ২০১৭ চনতে জনাইছিল লোকজনে। কিন্তু তেতিয়া কোনেও গুৰুত্ব নিদিলে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: