মুকাম্বিকা ইনফোছলিউচন কোম্পানীটোৱে ইয়াৰ কৰ্মচাৰীসকলক বছৰত দুবাৰকৈ ৬-৮% দৰমহা বৃদ্ধি দিয়ে।
চেন্নাইস্থিত এটা তথ্য প্ৰযুক্তি কোম্পানীয়ে ইয়াৰ কৰ্মচাৰীসকলক ধৰি ৰাখিবলৈ মেচ মেকিং (Match Making) আৰম্ভ কৰিছে। কেৱল সেয়াই নহয়, কৰ্মচাৰীসকলৰ বিয়া হ'লে কোম্পানীটোৱে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰে। এই কোম্পানীটোৰ নাম হৈছে মুকাম্বিকা ইনফোছলিউচনচ, য'ত প্ৰায় ৭৫০ জন কৰ্মচাৰী আছে।
ইয়াৰ ভিতৰত, ৪০% কৰ্মচাৰী ৫ বা অধিক বছৰ ধৰি কোম্পানীটোৰ সৈতে জড়িত হৈ আছে। মুকাম্বিকা ইনফোছলিউচন হৈছে এক প্ৰযুক্তি সমাধান প্ৰদানকাৰী কোম্পানী যি মুখ্যতঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াৰ গ্ৰাহকসকলকসেৱা আগবঢ়ায়। TOIৰ এক প্ৰতিবেদন অনুসৰি, কোম্পানী এৰি যোৱা কৰ্মচাৰীৰ হাৰ ১০ শতাংশৰ তলত। এই কোম্পানীটোৱে ইয়াৰ কৰ্মচাৰীসকলক বছৰত দুবাৰকৈ ৬-৮% দৰমহা বৃদ্ধি দিয়ে।
কোম্পানীটোৰ প্ৰতিষ্ঠাপক এম.পি. চেলভাগণেশে মেচ মেকিং আৰু বিবাহৰ ওপৰত দৰমহা বৃদ্ধিৰ ধাৰণাক লৈ এইদৰে কয়: "এই লোকসকলে (কৰ্মচাৰীসকলে) মোক তেওঁলোকৰ ভায়েকৰ দৰে দেখে। তেওঁলোকৰ বহুতে মোৰ গাঁৱৰ যাৰ পিতৃ-মাতৃ বহুত বৃদ্ধ বা দুনীয়াৰ বিষয়ে ইমান ভাল জ্ঞান নাই যে সঠিক সংগী এগৰাক বাছনি কৰি ল'ব পাৰে!" তেওঁ কয়, "আমি এনে সম্পৰ্কবোৰ গঢ়িব লাগিব। আপুনি ইয়াত টকা আৰু সময় খৰচ কৰিব লাগিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সকলোবোৰ চোৱা উচিত নহয়। তেওঁ কয় যে বিবাহত দৰমহা বৃদ্ধিৰ নিয়মটো আৰম্ভণিৰ পৰাই আছিল, কিন্তু পিছতহে মেচ মেকিং আৰম্ভ কৰা হৈছিল। "আমি মেচ মেকিং নেটৱৰ্কৰ জৰিয়তে আমাৰ কৰ্মচাৰীসকলক সহায় কৰো। বিবাহে লগ পোৱাৰ এটা ভাল সুযোগ প্ৰদান কৰে। গোটেই দলটোৱে ভান ভাড়া কৰে আৰু আমি সকলোৱে তালৈ যাওঁ," তেওঁ কয়, "বহুলোক দীৰ্ঘদিন ধৰি কোম্পানীটোৰ সৈতে জড়িত হৈ আছে আৰু আমি ধৰি ল'ব নোৱাৰো যে তেওঁলোকে আন কোনো ঠাইলৈ নাযাব। সেয়েহে, তেওঁলোকৰ মনলৈ এনে ধাৰণা অহাৰ আগতে, আমি তেওঁলোকৰ দাবী পূৰণ কৰোঁ।"
এই কোম্পানীটোৱে ২০০৬ চনত শিৱকাশীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল, কিন্তু কৰ্মচাৰীৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ মুখ্য কাৰ্যালয় মাদুৰাইলৈ স্থানান্তৰিত কৰে। সেই সময়ত, ডাঙৰ কোম্পানীবোৰ চেন্নাইমুখী আছিল, কিন্তু মাদুৰাইত কম পৰিচালনা ব্যয়ৰ বাবে, মুকাম্বিকা ইনফোছলিউশ্বনে তালৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কোম্পানীটোৰ প্ৰতিষ্ঠাতা ছেলৱমে আগতে এটা টেক্সটাইল কোম্পানীত কাম কৰিছিল। তাৰ পিছত তেওঁ আইটিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছিল আৰু আইবিএমত যোগদান কৰিছিল। পিছত আই.বি.এম.-ৰ পৰা ওলাই নিজাকৈ কোম্পানী প্ৰতিষ্ঠা কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|