ৰাজ্যৰ সমবায় খণ্ডৰ উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াইছে কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কল (Silghat Jute Mill))টোৱে। কেঁচা মালৰ অভাৱ আৰু বৃহৎ লোকচানৰ বোজাত পৰি ২০২০-২১ বৰ্ষত তিনিবাৰকৈ বন্ধ হৈ পৰিছিল কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কল (The Assam Cooperative Jute Mills Ltd)টো। কিন্তু বহু চেষ্টাৰ পিছত বিগত বৰ্ষৰ ১৮ আগষ্টৰ পৰা পুনৰ উৎপাদন আৰম্ভ হোৱা মৰাপাট কলটোৱে শেহতীয়াভাৱে দেখিছে লাভৰ মুখ।
বহু ঘাট-প্ৰতিঘাট, প্ৰত্যাহ্বান নেওচি পুনৰ লাভৰ মুখ দেখিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে। পৰিচালন মণ্ডলী আৰু কৰ্মী পৰিষদৰ যৌথ প্ৰচেষ্টাত পুনৰ ঠন ধৰি উঠিছে মৃতপ্ৰায় মৰাপাট উদ্যোগটো। ২০২০-২১ বৰ্ষত তিনিবাৰকৈ বন্ধ হৈ পৰা উদ্যোগটোৱে বিগত ৯ মাহত লাভ কৰিছে সফলতা। শেহতীয়াকৈ প্ৰতি মাহে গড়ে ৫ লাখ টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছে মৰাপাট কল (Jute Mill)টোৱে। অৱশ্যে বৰ্তমানেও আঁতৰা নাই পূৰ্বৰ ঋণৰ বোজা।
ইফালে, মৰাপাট কলটোৰ এটা নতুন গোট অহা ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলিও জনাইছে কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈয়ে। নতুন গোটটো আৰম্ভ হ'লে মৰাপাট কলটোৰ উৎপাদন বৰ্তমানৰ দৈনিক ১৬ টনৰ পৰা ২৪ টনলৈ বৃদ্ধি পাব বুলিও আশাবাদী পৰিচালন সঞ্চালকজন।
উল্লেখ্য যে, বিগত বৰ্ষত চৰম বিপৰ্যৰ সন্মুখীণ হোৱা মৰাপাট কলটোত শ্ৰমিক-কৰ্মচাৰী সকলে ত্যাগ আৰু কষ্টৰে কৰ্তব্য সমাপন কৰি কলটোক পুনৰ ঠন ধৰি উঠাত সহায় কৰিছে। প্ৰায় এহেজাৰ শ্ৰমিক-কৰ্মচাৰী পোনপটীয়াকৈ জৰিত হৈ থকা মৰাপাট কলটোৰ অৱস্থা টনকীয়াল কৰিবলৈ বদ্ধপৰিকৰ কলটোৰ সমূহ কৰ্মী।
যি সময়ত ইটোৰ পিছত সিটো চৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান বন্ধ হোৱাৰ উপক্ৰম হৈছে সেই সময়তে শ্ৰমিক-কৰ্মচাৰীৰ কৰ্মোদ্যমে অসম সমবায় মৰাপাট কলৰ পুনৰ উত্থানে সমবায় খণ্ডৰ উদ্যোগসমূহলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে আগবঢ়োৱা ৯ কোটি ৯৯ লাখ টকাৰ ঋণ আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ পৰা লাভ কৰা ঋণ আৰু ৰাজসাহায্যৰ ৬০ শতাংশ ধনৰে পুনৰ ঠন ধৰি উঠা উদ্যোগটোৱে ইতিমধ্যে দ্বিতীয়টো ইউনিটৰ কাম সম্পন্ন কৰাৰ লগতে কেইবাখনো অত্যাধুনিক শালৰে আৰম্ভ কৰিছে উৎপাদন প্ৰক্ৰিয়া।
শেহতীয়াকৈ শিলঘাট মৰাপাট কলত এটি ওৱেলডিং এণ্ড ফেব্ৰিকেশ্বন চেন্টাৰ মুকলি কৰাত মাহে আঢ়ৈ লাখ টকা পৰ্যন্ত লাভ কৰাৰ উপৰিও নিজা বিক্ৰী কেন্দ্ৰ এটি মুকলি কৰি মাহে ২৫ হাজাৰ টকা পৰ্যন্ত লাভ কৰিছে উদ্যোগটিয়ে।
স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ একান্ত প্ৰচেষ্টাত পুনৰ উৎপাদনক্ষম হৈ পৰা উদ্যোগটোৰ সন্দৰ্ভত কলিয়াবৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ যোগেদি বিগত ৯ মাহৰ খতিয়ান দাঙি ধৰে মৰাপাট উদ্যোগটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|