ক'ভিড19ৰ বাবে বিদ্যালয় বন্ধ হৈ নিবনুৱা হৈ পৰা এজন লোকৰ বাবে ক'ভিডেই আনি দিলে নতুন জীৱনৰ সন্ধান। ৰঙিয়াৰ এজন লোকৰ বাবে আশীৰ্বাদ স্বৰূপ হ' ল কোৰোণা। কোৰোণাৰ বাবে শিক্ষকতা কৰি থকা ব্যক্তিগতখণ্ডৰ বিদ্যালয়খন বন্ধ হৈ পৰাৰ পিছতে এতিয়া মীনপালকৰূপে সফল হৈছে এই লোকজন।
কোৰোণাৰ সংকটৰ বাবে লকডাউনৰ সময়ত বহু লোকে উপাৰ্জনৰ পথ হেৰুৱাই আৰ্থিক সংকটত ভুগিব লগা হৈছে । এনে এক দুৰ্যোগৰ সময়ত নিজৰ কৰ্মক্ষেত্ৰৰ পৰা উপাৰ্জন বন্ধ হোৱা এচাম কৰ্মঠ লোকে অন্যভাবে স্বাৱলম্বিতাৰ পথ বাচি উলিয়াবলৈ সক্ষম হৈছে । তেনে এগৰাকী যুৱক হৈছে ৰঙিয়াৰ মাদৈকাটাৰ উচ্চ শিক্ষিত ৰচিদুল আলম ।
দীৰ্ঘদিনীয়া লকডাউনৰ বাবে বিদ্যালয়সমুহ বন্ধ থকাত ৰচিদুল আলমে আৰ্থিক সংকটত ভুগিব লগা হৈছিল । কিয়নো ৰচিদুল আলমৰ উপাৰ্জনৰ একমাত্ৰ উপায় আছিল নিজৰ ব্যক্তিগত বিদ্যালয়খন। কিন্তু এতিয়া বিদ্যালয়সমুহ বন্ধ হৈ থকাত ৰচিদুল আলমে নিজৰ খেতি পথাৰৰ ১০ বিঘা মাটিত পুখুৰী খান্দি মাছ পালন কৰিছে । লগতে পুখুৰীটোত হাঁহ পুহিও লাভৱান হৈছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|