টি ফেক্টৰী বন্ধ হ'লে বিশ্বনাথ জিলাৰ ১৬ হেজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ'ব ৷
টি ফেক্টৰী বন্ধ হ'লে বিশ্বনাথ জিলাৰ ১৬ হেজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ'ব ৷
বিশ্বনাথ জিলাৰ ১৩ টা চাহ ফেক্টৰী (Tea Factory) সোমবাৰৰ বন্ধ ঘোষণা ৷ বিশ্বনাথ জিলা বটলিফ টি প্ৰডিউছাৰ এছচিয়েচনৰ সংবাদমেলত এই ঘোষণা কৰা হয়। শুকুৰবাৰে বিশ্বনাথ জিলা টি মনিটৰিং কমিটীয়ে প্ৰতি কেজি কেঁচা চাহপাতৰ মুল্য ২৮.৭২ টকা নিৰ্ধাৰণ কৰাৰ লগতে ৬৫% ফাইন লিভহে (Fine Leave) ক্ৰয় কৰিব পাৰিব বুলি নিৰ্দেশ দিয়াৰ পিছতে এই সিদ্ধান্ত এছচিয়েচনৰ ৷
উল্লেখযোগ্য যে বৰ্তমান বিশ্বনাথত প্ৰতি কেজি কেঁচা চাহপাতৰ মূল্য ১৯ টকা আদায় দি আহিছিল বটলিফ চাহ উদ্যোগ সমূহে ৷ কিন্তু টি মনিটৰিং সমিতিয়ে হঠাৎ ২৮.৭২ টকা প্ৰতি কেজিত মূল্য দিবলৈ নিৰ্দেশ দিয়াত বটলিফ কোম্পানীৰ মালিক সকল ক্ষতিগ্ৰস্ত হৈ পৰিব বুলি উল্লেখ কৰি তেওঁলোকে কয় যে টি অকচন চেণ্টাৰত প্ৰতি কেজি চাহপাতত ১৫০-১৬০ টকা মূল্য লাভ কৰাত ফেক্টৰিৰ মালিক সকলে বৰ্তমানে ২০-৩০ টকা প্ৰতি কেজিত লোকচান হৈ আহিছে ৷ তেনে ক্ষেত্ৰত এই মুল্য দিয়া সম্ভৱ নহয় বুলি উল্লেখ কৰি লোকচান ভৰাতকৈ টি ফেক্টৰী বন্ধৰ ঘোষণা কৰিছে৷ উল্লেখ্য যে বিশ্বনাথ জিলাৰ ১৬ হেজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Growers) ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ'ব ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|