মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »Business News : TATA গ্ৰুপৰ এইজন বিষয়াই পাব ২১ কোটি ৪৫ লাখ টকা দৰমহা, দৰমহা বৃদ্ধিৰ হাৰ ৩৫ শতাংশ।

Business News : TATA গ্ৰুপৰ এইজন বিষয়াই পাব ২১ কোটি ৪৫ লাখ টকা দৰমহা, দৰমহা বৃদ্ধিৰ হাৰ ৩৫ শতাংশ।

(TATA Son's)ৰ CEO সৌৰভ আগৰৱালাৰ দৰমহা ২১.৪৫ কোটি টকা কৰা হৈছে। টিচিএছ (TCS)ৰ CEO ৰাজেশ গোপীনাথনৰ ২০.৩৬ কোটি টকা, টাটা ষ্টীলৰ MD টি ভি নৰেন্দ্ৰনৰ ১৫.৫৮ কোটি টকা।

(TATA Son's)ৰ CEO সৌৰভ আগৰৱালাৰ দৰমহা ২১.৪৫ কোটি টকা কৰা হৈছে। টিচিএছ (TCS)ৰ CEO ৰাজেশ গোপীনাথনৰ ২০.৩৬ কোটি টকা, টাটা ষ্টীলৰ MD টি ভি নৰেন্দ্ৰনৰ ১৫.৫৮ কোটি টকা।

  • Share this:
হা মাহৰ ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক সাধাৰণ সভা (AGM)ৰ আগে আগে টাটা গ্ৰুপে (TATA Group) শীৰ্ষ পৰিচালনা কৰ্মচাৰীৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিছে। ২০২০-২১ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে টাটা গ্ৰুপে। কোম্পানীৰ বিত্তীয় প্ৰদৰ্শন, শীৰ্ষ পৰিচালনা কৰ্মচাৰীৰ পাৰিশ্ৰমিক আৰু ১০৩ সংখ্যক এজিএমৰ বাবে ইয়াৰ পৰিকল্পনা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য প্ৰদৰ্শন কৰে। প্ৰাপ্ত তথ্য অনুসৰি টাটা ছন্স (TATA Son's)ৰ CEO সৌৰভ আগৰৱালা (Saurabh Agarwal)ৰ দৰমহা ৩৫ শতাংশ বৃদ্ধি কৰি ২১.৪৫ কোটি টকা কৰা হৈছে। ইয়াৰ লগে লগে তেওঁ  কাৰ্যবাহী অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ পিছতে টাটা গ্ৰুপৰ দ্বিতীয় সৰ্বাধিক বেতন প্ৰাপ্ত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে পৰিগণিত হ'ব। কোম্পানীটোৱে ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত সৌৰভ আগৰৱালাৰ পুনৰ নিযুক্তিৰ বাবে অংশীদাৰসকলৰ পৰা অনুমোদন ল'ব।

সৌৰভ আগৰৱালাৰ বৰ্তমান পেকেজৰ মূল্য ১৫.৮৫ কোটি টকা। কোম্পানীটোৱে ইয়াৰ বাৰ্ষিক প্ৰতিবেদনত চন্দ্ৰেশেখৰণৰ দৰমহাৰ কোনো পৰিৱৰ্তনৰ ইংগিত দিয়া নাই। টাটা গ্ৰুপত বৃহৎ দৰমহাৰ পেকেজ থকা আন কাৰ্যবাহীসকলৰ ভিতৰত আছে টিচিএছ (TCS)ৰ CEO ৰাজেশ গোপীনাথন (২০.৩৬ কোটি টকা) আৰু টাটা ষ্টীলৰ পৰিচালন সঞ্চালক টি ভি নৰেন্দ্ৰন (১৫.৫৮ কোটি টকা)।

টিচিএছ (TCS) হৈছে সৰ্বাধিক লাভজনক কোম্পানী

TATAৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে যোৱা বিত্তীয় বৰ্ষত গোটটোৰ মুঠ বজাৰ মূলধন ৯১ শতাংশ বৃদ্ধি হৈ ১৭.৮০ লাখ কোটি টকালৈ বৃদ্ধি পাইছিল। টাটা গ্ৰুপৰ সৰ্বাধিক লাভ দাতা কোম্পানী হৈছে টিচিএছ। ইয়াৰ ষ্টকে এই সপ্তাহত এতিয়ালৈকে ইয়াৰ সৰ্বোচ্চ স্তৰ উপনীত হৈছে। গোটটোৰ অন্যান্য মুখ্য কোম্পানীবোৰৰ ভিতৰত আছে টাটা ষ্টীল, টাটা মটৰ্ছ, টাটা এলেক্সি আৰু টাইটান।

শেহতীয়া বাতৰি