অৱশেষত এয়াৰ ইণ্ডিয়া (Air India)ৰ স্বত্ব কিনি ল'লে টাটা ছন্স (Tata Sons)এ । শনিবাৰে ১৮০০০ কোটি টকাত টাটা গ্ৰুপে কিনি লয় এসময়ত নিজে প্ৰতিষ্ঠা কৰা ভাৰতীয় বিমান সেৱাৰ প্ৰথম আৰু অন্যতম প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়া। টাটা গ্ৰুপৰ কাৰণে আজিৰ দিনটো যেন এক নতুন দিনৰ আৰম্ভণি। স্পাইচজেটক পৰাভূত কৰি টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ স্বত্ব কিনিবলৈ সক্ষম হয়। স্পাইচজেট (SpiceJet)এ ১৫১০০ কোটি টকাৰ নিবিদা দাখিল কৰিছিল।
কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সটিব তুহিন কান্ত পাণ্ডেই ঘোষণা কৰে যে টাটা ছন্সৰ সহযোগী প্ৰতিষ্ঠান M/S Palace Pvt Ltdএ এই নিবিদা জয় কৰিছে। এই নিবিদাৰ বাবে ৰিজাৰ্ভ প্ৰাইচ আছিল ১২৯০৬ কোটি টকা। তুহিন কান্ত পাণ্ডেই জনায় যে ২০২১ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত চুক্তিৰ কাম সম্পূৰ্ণ হ'ব। টাটা ছন্সে ১০০ শতাংশ শ্বেয়াৰ কৰিলে।
উল্লেখ্য যে ১৫ বছৰ ধৰি লোকচানত চলি আছে এয়াৰ ইণ্ডিয়া। চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটো বিক্ৰীৰ বাবে চেষ্টা কৰি আছিল যদিও ক্ৰেতা পোৱা নাছিল।
উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ সৈতে টাটা গ্ৰুপ (TATA Group)ৰ আছে তেজৰ সম্পৰ্ক। ৬৮ বছৰ পূৰ্বে ১৯৩২ চনত জেআৰডি টাটা (JRD Tata)ই প্ৰতিষ্ঠা কৰিছিল এয়াৰ ইণ্ডিয়া। জেআৰডি টাটাই নিজে প্ৰথমখন বিমানৰ পাইলট হিচাপে এয়াৰ ইণ্ডিয়াৰ উৰণ আৰম্ভ কৰিছিল। ১৯৪৮ চনত এয়াৰ ইণ্ডায়াই ইউৰোপলৈ প্ৰথমখন আন্তৰাষ্ট্ৰীয় বিমান সেৱাৰ আৰম্ভ কৰিছিল। ১৯৫৩ চনত এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হয় হয় আৰু এয়াৰ ইণ্ডিয়াৰ স্বত্ব টাটা ছন্সৰ পৰা চৰকাৰৰ হাতলৈ যায়। লগে লগে কোম্পানীটো এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান এয়াৰলাইন্স হিচাপে দুটা ভাগত বিভক্ত হয়।
কিন্তু ২০০৭ চনত ইণ্ডিয়ান এয়াৰলাইনছ এয়াৰ ইণ্ডিয়াৰ সৈতে চামিলকৰণৰ পিছৰ পৰাই কোম্পানীটো লোকচানত চলিব ধৰে। চামিলকৰণৰ প্ৰথম বছৰতে ২২২৬ কোটি লোকচান হয় । আনকি চৰকাৰৰ বেইলআউট পেকেজেও ৰক্ষা কৰিব নোৱাৰিলে এয়াৰ ইণ্ডিয়াৰ লোকচান।
লোকচানত চলি থাকিলেও বিভিন্ন জনৰ মতে এয়াৰ ইণ্ডিয়া টাটা ছন্সৰ বাবে এক লাভদায়ক কোম্পানী হৈ উঠিব পাৰে। ঋণৰ বোজা আৰু অত্যধিক কৰ্মচাৰীৰ বোজা স্বত্বেও ই টাটাৰ বাবে লাভদায়ক হোৱাৰ বহু কাৰণ আছে। ইয়াৰ ভিতৰত অন্যতম হ'ল এই চুক্তিৰ লগে লগে টাটাই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ব্যস্ত আৰু লাভজনক সূচীৰ শ্লটছৰ স্বত্বও লাভ কৰিব। ইয়াৰ লগতে ভাৰতৰ প্ৰায়বোৰ বিমানবন্দৰতে টাটাই কাৰ্গো আৰু অন্য গ্ৰাউণ্ড হেণ্ডলিং সেৱাও লাভ কৰিব এই চুক্তিৰ জৰিয়তে। এই চুক্তিৰ পিছত টাটাই ইতিমধ্যে টলাি থকা এয়াৰ এছিয়া ভিষ্টাৰা বিমানৰ আন্তগাঁথনি সম্পদত অতিৰিক্ত ব্যয় নকৰাকৈয়ে দুয়োটাৰ সেৱা উন্নত কৰাৰ সুযোগ পাব।
টাটা ছন্সে এয়াৰ ইণ্ডিয়াৰ ৪৪০০ দেশীয় আৰু ১৮০০ আন্তৰ্জাতিক উৰণৰ বাবে অৱতৰণ আৰু পাৰ্কিং শ্লটৰ স্বত্ব লাভ কৰিবএই চুক্তিৰ জৰিয়তে। ইয়াৰ উপৰি ৰয়টাৰৰ বাতৰি অনুসৰি বিদেশত আন ৯০০টা শ্লটো লাভ কৰিব টাটা ছন্সে।
উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ নেট ঋণ আছে ৬০০০০ কোটি টকা। ইয়াৰে ১৫০০০ কোটি টকাৰ ঋণৰ বোজা প্ৰত্যক্ষভাৱে টাটা ছন্সে ল'ব লাগিব আৰু বাকী ৪৬,২৬২ কোটি টকাৰ ঋণৰ বোজা থাকিব Air India Asset Holdings Ltdৰ ওচৰত।
Published by: Manjumoni Borah
FIRST PUBLISHED : October 08, 2021, 18:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।