গুৱাহাটী, ১৪ মাৰ্চ: গুৱাহাটী মহানগৰীত এইবাৰ বজাৰৰ নামত সংঘটিত হৈছে ভয়ানক ছিণ্ডিকেটৰাজ । এই ছিণ্ডিকেটৰ কাণ্ডাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে কেউদিশৰে পৰা ৰাজনৈতিক ৰক্ষণাবেক্ষণ লাভ কৰা এজন ব্যৱসায়ী ৷
নিউজ ১৮ লোকেলৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ছিণ্ডিকেটৰ বহু নতুন তথ্য । অসহায় ব্যৱসায়ীক শোষণ কৰাৰ ভয়ংকৰ তথ্যও পোহৰলৈ আহিছে আমাৰ অনুসন্ধানত । গুৱাহাটীৰ বেলতলা বজাৰ, বহু যুগৰে পৰা ভূমিপুত্ৰসকলে বিনিময় প্ৰথাৰে বেচা-কিনা কৰা এইখন এখন গুৰুত্বপূৰ্ণ বজাৰ ।
কিন্তু এই বজাৰত শেনচকু পৰিছে ফটিক দাস নামৰ উপৰোল্লেখিত উক্ত ব্যৱসায়ীজনৰ ৷ পূৰ্বতেও এটা আত্মসহায়ক গোটৰ দ্বাৰা বেলতলা বজাৰ লীজত লোৱা ফটিক দাসে ব্যৱসায়ীসকলৰ পৰা প্ৰতিদিনে সংগ্ৰহ কৰিছিল বুজন পৰিমাণৰ ধন ।
কিন্তু এটা ব্যক্তিগত চেনেলৰ এজন সাংবাদিকৰ তৎপৰতাত গুৱাহাটী পৌৰ নিগম বাধ্য হৈছিল এই বজাৰখন পৌৰ নিগমে নিজে চলাবলৈ । অভিযোগ উত্থাপন হৈছিল যে পৌৰ নিগমে বান্ধি দিয়া কৰতকৈ বহু গুনৰ অধিক কৰ লৈ বেলতলাত ব্যৱসায়ীক মাধমাৰ সোধাই আহিছিল লেচী বাহিনীয়ে ।
ফলত কঠোৰ হৈ পৰিছিল জি এম চিৰ তদানীন্তন আয়ুক্ত দেৱাশীষ শৰ্মা । পৌৰ নিগমে বহুমাহ বজাৰখন নিজে চলোৱাৰ পৰৱৰ্তী পৰ্যায়ত মৰিগাঁৱৰ উপায়ুক্ত হিচাপে বদলি হৈ গ'ল দেৱাশীষ শৰ্মা । শৰ্মাৰ বদলিৰ লগে লগে পুনৰ তৎপৰ হৈ পৰিল ফটিক দাস ৷
চলে বলে কৌশলেৰে জি এম চিক পুনৰ মেনেজ কৰি পৌৰ নিগমে ধাৰ্য কৰা কৰ ৩৫ লাখ টকাৰ বিনিময়ত পুনৰ বেলতলা বজাৰ লীজত ল'লে ফটিক দাস বাহিনীয়ে । বেলতলা বজাৰত পুনৰ আৰম্ভ হ'ল লেচীৰ তাণ্ডৱ ৷ ব্যৱসায়ীসকলৰ মূৰত ৰামটাঙোন সোধাই ফটিক দাস বহিনীয়ে আজি পৰ্যন্ত চলাই আছে নিৰ্দ্ধাৰিত পৰিমাণতকৈ অধিক হাৰত ধন সংগ্ৰহ অভিযান ।
যাৰ ফলস্বৰূপে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিছে ব্যৱসায়ী । উল্লেখযোগ্য যে ফটিক দাস বাহিনীৰ ছিণ্ডিকেটৰ কাহিনী শুনিলে আপুনিও হৈ পৰিব আচৰিত । কাৰণ- প্ৰতিখন পাচলিৰ দোকানৰ পৰা ২০০-৪০০ টকা, প্ৰতিখন মাংস দোকানৰ পৰা ৫০০-১২০০ টকা পৰ্যন্ত আৰু মাছৰ লগতে কাপোৰৰ দোকানৰ পৰা ১০০০-১৮০০ টকা পৰ্যন্ত সংগ্ৰহ কৰে লেচী ফটিক দাসৰ দলটোৱে ।
যিখিনি কৰ পৌৰ নিগমে নিৰ্দ্ধাৰণ কৰি দিয়া কৰকৈ বহু গুন অধিক । পৌৰ নিগমৰ বিষয়াক মেনেজ কৰি ফটিক বাহিনীয়ে চলাইছে এই ভয়ংকৰ ছিণ্ডিকেট । কোনোৱে ইয়াৰ প্ৰতিবাদ কৰিলেই ভয়- ভাবুকিৰে এই লেচীৰ দলটোৱে খাটি খোৱা ব্যৱসায়ীৰ ওপৰত অত্যাচাৰ চলোৱাৰো অভিযোগ উঠিছে । উল্লেখযোগ্য যে, পৌৰ নিগমৰ বহু বিষয়াক মাংস, মাছ, পাচলিও এই চক্ৰটোৱে ।
ইয়াৰোপৰি ব্যৱসায়ীসকলৰ প্ৰতিটো বেগ তথা টুকুৰীৰ বাবদ ২০০-৫০০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে ট্ৰাক প্ৰৱেশ কৰাৰ পাচতেই প্ৰতিখন ট্ৰাকৰ বাবদ ১০০০-১৫০০ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে । ইয়াৰোপৰি আটাইতকৈ ভয়ংকৰ বিষয়টো হ'ল যে কৰ সংগ্ৰহ কৰাৰ পাচত পৌৰ নিগমৰ কোনো ৰচিদ প্ৰদান নকৰে ফটিক দাসৰ দলটোৱে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 14, 2023, 15:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।