• Home
  • »
  • News
  • »
  • business
  • »
  • Sukanya Samriddhi Yojana : আপোনাৰ কন্যা সন্তানৰ নামত আজিয়েই খোলক বেংক একাউণ্ট , বিবাহৰ সময়ত লাভ কৰক ১৫ লাখ টকা ...

Sukanya Samriddhi Yojana : আপোনাৰ কন্যা সন্তানৰ নামত আজিয়েই খোলক বেংক একাউণ্ট , বিবাহৰ সময়ত লাভ কৰক ১৫ লাখ টকা ...

কেৱল ২৫০ টকাতে বেংক একাউণ্ট খোলি লাভ কৰক ১৫ লাখ টকা।

কেৱল ২৫০ টকাতে বেংক একাউণ্ট খোলি লাভ কৰক ১৫ লাখ টকা।

কেৱল ২৫০ টকাতে বেংক একাউণ্ট খোলি লাভ কৰক ১৫ লাখ টকা।

  • Share this:
আপুনি যদি আপোনাৰ কন্যা সন্তানৰ বাবে বিনিয়োগ পলিচি (investment policy) কৰাৰ কথা গুণাগথা কৰিছে, তেতিয়াহ'লে আজি এনে এখন আঁচনিৰ বিষয়ে জনাব খুজিছো য'ত আপুনি অতি কম ৰাশিৰ ধনেৰে বেংকত একাউণ্ট খুলিব পাৰিব।ইয়াৰ বাবে আপুনি পঞ্জাৱ নেশ্বনেল বেংকত সুকন্যা সমৃদ্ধি যোজনাৰ অন্তৰ্গত একাউণ্ট খুলিব পাৰে। এই একাউণ্টত কেৱল ২৫০ টকাকৈ জমা কৰি আপুনি আপোনাৰ কন্যা সন্তানৰ পঢ়া- শুনাৰ পৰা আৰম্ভ কৰি বিয়ালৈকে বৃহৎ পৰিমাণৰ ধনৰাশি জমা কৰিব পাৰিব।

 জানোঁ আহক এই বিষয়ে সবিশেষ তথ্য : 

যদি আপুনি PNB ত সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব বিচাৰে তেনেহ'লে মাহে নিম্নতম ২৫০ টকাৰে আৰম্ভ কৰিব পাৰে ,যাৰ উচ্চ সীমা ১,৫০,000 লাখ টকা। এই একাউণ্ট কন্যা সন্তানৰ ২১ বছৰ বয়সলৈ চলাব পাৰি।অৱশ্যে আপুনি ইচ্ছা কৰিলে ইয়াৰ মেচিউৰিটি এমাউন্ট ১৮ বছৰ বয়সতো উলিয়াব পাৰিব।

 এটা পৰিয়ালৰ পৰা দুজনী কন্যা সন্তানৰ বাবে :

PNB ত এটা পৰিয়ালৰ কেৱল দুজনী কন্যা সন্তানৰ বাবেহে এই সুবিধা উপলব্ধ। পিতৃ-মাতৃ বা অভিভাৱকে এগৰাকী কন্যা সন্তানৰ বাবে এটা একাউণ্টহে খুলিব পাৰিব। অৱশ্যে সন্তানৰ বয়স ১০ বছৰৰ কম হ'ব লাগিব।

 মেচিউৰিটিৰ সময়ত লাভ কৰিব ১৫ লাখতকৈ অধিক টকা : মেচিউৰিটিৰ সময়ত এই জমা ধনৰাশিৰ পৰিমান হ'বগৈ ১৫ লাখৰো বেছি ,যদি আপুনি মাহে ৩ হাজাৰ টকা নিৱেশ কৰে অৰ্থাৎ৩৬ হাজাৰ টকা চালান লগায়। এনে কৰিলে ১৪ বছৰত ৯,১১,৫৭৪ টকাৰ মেচিউৰিটি পাব।আৰু ২১ বছৰত এই পৰিমান হ'বগৈ প্ৰায় ১৫,২২,২২১ টকা।উল্লেখযোগ্য যে বৰ্তমান SSY ত ৭.৬ শতাংশ ফিক্সড দৰত সুদ দিয়া হৈছে , যিটো ইনকাম টেক্সৰ আওতাৰ বাহিৰত পৰে।

আপুনি পঞ্জাৱ নেশ্ব্যনেল বেংকৰ যিকোনো শাখাতে এই একাউণ্ট খুলিব পাৰে।এই একাউণ্ট খুলিবৰ বাবে ফৰ্ম,সন্তানৰ জন্মৰ প্ৰমাণপত্ৰ , জমাকাৰীৰ (পিতৃ-মাতৃ বা অভিভাৱকৰ)পৰিচয় পত্ৰ , যেনে পানকাৰ্ড,ৰেচন কাৰ্ড,ড্ৰাইভিং লাইচেন্স,পাচপৰ্ট আদি ব্যৱহাৰ কৰিব পাৰে। টকা জমা কৰিবৰ বাবে নেট-বেংকিঙৰ ব্যৱস্থাও এই একাউণ্টৰ বাবে উপলব্ধ।
Published by:Manjumoni Borah
First published: